ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহটা বাতৰি... - 7 PM TOP TEN NEWS

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

7 PM TOP TEN NEWS
সাত বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 17, 2020, 7:01 PM IST

আউনীআটী সত্ৰত প্ৰজ্বলিত 367 বছৰীয়া আকাশবন্তি

আজি কাতি বিহু ৷ এই দিনটোৰ লগত সংগতি ৰাখি মহামাৰী কৰ’ণাৰ বিনাশৰ বাবে মাজুলীৰ সত্ৰসমূহত বিশেষভাৱে আকাশ বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা কৰে ৰাইজে ৷ 367 বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত জ্বলিল আকাশবন্তি ৷

কাতি বিহুৰ দিনাখন উদং পথাৰ দেখি হতাশগ্ৰস্ত তিতাবৰৰ কৃষক

কাতি বিহুৰ দিনাখন উদং পথাৰ দেখি হতাশগ্ৰস্ত তিতাবৰৰ কৃষক ৷ বানে সৰ্বশ্ৰান্ত কৰা পথাৰত চলিত বৰ্ষত ৰোপন কৰিব নোৱাৰিলে শস্য ৷

ভোটৰ স্বাৰ্থত বাংলাদেশীক ৰঙা দলিচা পাৰি দিছে বিৰোধী দলেঃ দেৱলাল গাৰ্লচা

উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ চি.ই.এম দেৱলাল গাৰ্লচাৰ বিস্ফোৰক মন্তব্য ৷ জিলাখনত ভোটৰ স্বাৰ্থত বিৰোধীয়ে বাংলাদেশীক ৰঙা দলিচা পাৰি দিয়াৰ অভিযোগ নেতা গৰাকীৰ ৷

ক’ভিড-19ৰ অসমৰ সামগ্ৰিক তথ্য..

ৰাজ্যত ক’ভিড-19 সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ এই মহামাৰীৰ ফলত ৰাজ্যত বৰ্তমান 853 গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ উল্লেখযোগ্য যে, প্ৰাৰম্ভিক পৰ্যায়ত যি দৰে ক’ভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছিল ৷ সম্প্ৰতি ক’ভিড-19 আক্ৰান্তৰ সংখ্যাৰ হাৰ কিছু হ্ৰাস পোৱা দেখা গৈছে ৷

চাইকেলৰ ৰিঙত ঘুৰিছে যুগলৰ জীৱন

এগৰাকী 15 বছৰীয়া কিশোৰ ৷ লখিমপুৰ জিলাৰ কদমগুৰিৰ বাসিন্দা যুগল শইকীয়া নামৰ কিশোৰটিয়ে বিভিন্ন ঠাইত ভঙা-ছিঙা বস্তু বিচাৰি চলাই গৈছে জীৱন সংগ্ৰাম ৷ বৰ্তমান কিশোৰটিক প্ৰয়োজন সদাশয় লোকৰ সহায়ৰ ৷ আপোনাৰ এধানিমান সহায়ে যুগলৰ ওঁঠত বিৰিঙাব পাৰে হাঁহি ৷

যুদ্ধবিৰতি উলংঘন কৰি পুনৰ পাক সেনাৰ আক্ৰমণ

শনিবাৰে জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত পাক সেনাৰ আক্ৰমণ। পুনৰ যুদ্ধবিৰতি উলংঘন কৰি জিলাখনৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ সমীপৱৰ্তী জনবসতিপূৰ্ণ অঞ্চল আৰু ভাৰতীয় সেনাৰ চাউনীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ পাক সেনাৰ। চলিত মাহত ৬২ বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে।

চাকৰিৰ প্ৰলোভনৰে ধন সংগ্ৰহ কৰিছিল ৰাজীৱ পৰাশৰেঃ আৰক্ষী আয়ুক্ত

চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত শুকুৰবাৰে মহানগৰীৰ ছয় মাইলৰ অনিল প্লাজাৰ ফ্লেটৰ পৰা অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে আটক কৰিছিল ৰাজীৱ পৰাশৰক ৷

ডিমাপুৰত আটক এন.এচ.চি.এনৰ কেডাৰ

শুকুৰবাৰে ডিমাপুৰত আটক হ’ল এজন এন.এচ.চি.এন(খাপলাং) কেডাৰ ৷ এক গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীয়ে আটক কৰিলে বিদ্ৰোহী সংগঠন এন.এচ.চি.এন(খাপলাং)ৰ কেডাৰজনক ৷

ৰাইজৰ দলে মুকলি কৰিলে ৪৪ পৃষ্ঠাযোৰা সংবিধান

ৰাজনৈতিক ভাৱে ফেডাৰেল,অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল আৰু সামাজিকভাৱে সকলোকে সামৰি লোৱা আৰু মানসিকভাৱে বিজ্ঞানসন্মত অসম গঢ়াই ৰাইজৰ দলৰ একমাত্ৰ আৰু প্ৰধান উদ্দেশ্য ৷

বৰপেটাত চাঞ্চল্যকৰ অপহৰণকাণ্ড !

শুকুৰবাৰে নিশা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ পৰা ধানবন্ধা গাঁৱৰ বিলায়েৎ হুছেইনৰ পুত্ৰ হাবিজুল আলিক অপহৰণ কৰিছিল যুৱককেইজনে ৷ এখন মাৰুতি ছুইফট্ ডিজায়াৰ গাড়ীৰে যুৱকজনক অপহৰণ কৰি নিয়াৰ পিচতেই ম’বাইল ফোন যোগে যুৱকজনৰ পিতৃক ৬ লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.