গুৱাহাটী, ২ ছেপ্টেম্বৰঃ বুধবাৰে সদনত গৃহীত হোৱা বিত্ত বিভাগৰ বিধেয়ক কেইখন হ'ল - দ্য আছাম ভেলু এডেড টেক্স (সংশোধনী) বিধেয়ক, দ্য আছাম টেক্সেছন (লিকুইডেছন অফ এৰিয়াৰ ডিউজ ) (সংশোধনী) বিধেয়ক, দ্য আছাম গুডচ এণ্ড চাৰ্ভিচেছ টেক্স (সংশোধনী) বিধেয়ক আৰু দ্য আছাম ফিচকেল ৰেচপনচিবিলিটি এণ্ড বাজেট মেনেজমেন্ট (সংশোধনী) বিধেয়ক ।
আনহাতে, আজি গৃহীত হোৱা শিক্ষা বিভাগৰ বিধেয়ক দুখন হ'ল ক্ৰমে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক আৰু আছাম কলেজ এমপ্লয়িজ (প্ৰভিঞ্চিয়েলাইজেছন) (সংশোধনী) বিধেয়ক । একেদৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আছাম হেৰিটেজ (টেঞ্জিবল) প্ৰটেকছন, প্ৰিজাৰভেছন, কনজাৰভেছন এণ্ড মেনেজমেন্ট বিধেয়কখনো আজি সদনত গৃহীত হয় ।