ETV Bharat / state

19th Asian Games : এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ ৭ গৰাকী খেলুৱৈয়ে; দেশক নেতৃত্ব দিব লাভলীনাই - ভোগেশ্বৰ বৰুৱা

শনিবাৰৰ পৰা আৰম্ভ হ'বলগীয়া এছিয়ান গেমছত এইবাৰ অসমৰ ৭ গৰাকী খৈলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ এছিয়ান গেমছৰ মাৰ্চ পাষ্টত হাতত ত্ৰিৰংগা লৈ লাভলীনাই নেতৃত্ব দিব ভাৰতক ৷

7 Assam Athletes To Represent India
এছিয়ান গেমছত এইবাৰ অসমৰ ৭ গৰাকী খৈলুৱৈ
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 7:40 PM IST

গুৱাহাটী, 22 ছেপ্টেম্বৰ : চীনৰ হাংঝৌ চহৰত শনিবাৰৰ পৰা আৰম্ভ হ'বলগীয়া এছিয়ান গেমছত এইবাৰ অসমৰ ৭ গৰাকী খৈলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ অসমৰ বাবে গৌৰৱৰ কথা যে এইবাৰ এছিয়ান গেমছত লাভলীনাই দেশক নেতৃত্ব দিয়াৰ সৌভাগ্যও লাভ কৰিছে ৷ শনিবাৰে এছিয়ান গেমছৰ মাৰ্চ পাষ্টত হাতত ত্ৰিৰংগা লৈ লাভলীনাই নেতৃত্ব দিব ভাৰতক ৷

এইবাৰ দেশৰ ৬৫৫ জনীয়া দলত সুযোগ পাইছে অসমৰ ৭ গৰাকী খেলুৱৈয়ে ৷ শিৱ থাপা, অস্মিতা চলিহাই নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে ৷ অন্য ৫ গৰাকী হ’ল লাভলীনা বৰগোহাঁই (বক্সিং), অম্লান বৰগোহাঁই (এথলেটিকছ), জাহ্নৱী শৰ্মা (সাঁতোৰ), উমা চেত্রী (ক্রিকেট), প্রিয়া দেৱী (চেপাক টাক্ৰো) ৷

উল্লেখ্য যে বিগত বৰ্ষত জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ ৫৭৭ জনীয়া দলত স্থান লাভ কৰিছিল অসমৰ ৬ গৰাকী খেলুৱৈয়ে ৷ হিমা দাস (এথলেটিকছ), শিৱ থাপা (বক্সিং), ৰ'দালি বৰুৱা (টাইকোৱানডো), প্রমীলা ভৰালী (আৰ্চাৰী), অস্মিতা চলিহা (বেডমিণ্টন) আৰু কবিতা দেৱী (ফেন্সিং) ৷ এই ৬ গৰাকীৰ ভিতৰত একমাত্র সফল আছিল হিমা দাস ৷ উল্লেখ্য যে এছিয়ান গেমছৰ ৭২ বছৰীয়া ইতিহাসত অসমৰ সাফল্য বৰ বেদনাদায়ক ৷ মুঠ ১৮ খন গেমছৰ ভিতৰত মাত্র দুবাৰেই সাফল্যৰ মুখ দেখিছে অসমৰ খেলুৱৈয়ে ৷

১৯৬৬ চনত থাইলেণ্ডৰ বেংককত ভোগেশ্বৰ বৰুৱাই অভিষেকতে ৮০০ মিটাৰ দৌৰত ৰেকৰ্ড গঢ়ি স্বর্ণ পদক জয় কৰিছিল ৷ সেই সাফল্যৰ পিচত দীর্ঘ প্রতীক্ষা কৰিব লগা হৈছিল ৰাজ্যবাসীয়ে ৷ ৫২ বছৰৰ ব্যৰ্থতাৰ পৰম্পৰা ভংগ কৰিছিল ধিং এক্সপ্ৰেছ হিমা দাসে ৷ মন কৰিবলগীয়া যে এছিয়ান গেমছত লাভলীনাৰ পৰা দ্বিতীয়টো স্বর্ণপদক লাভ কৰিবলৈ অসমবাসীয়ে বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷

উল্লেখযোগ্য যে, 23 ছেপ্টেম্বৰ শনিবাৰৰ পৰা 8 অক্টোবৰলৈ চীনৰ হাংঝৌ চহৰত অনুষ্ঠিত হ’ব 19 সংখ্যক এছিয়ান গেমছ ৷ 20 দিন ধৰি অনুষ্ঠিত হ’ব লগা এই ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ হৈ মুঠ 655 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক : India vs Australia 1st ODI : প্ৰথম এদিনীয়াত ভাৰতক 277 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিলে অষ্ট্ৰেলিয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.