ETV Bharat / state

GMC Scam: ৬অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে চি এম ভিজিলেঞ্চে

author img

By

Published : Oct 21, 2022, 2:21 PM IST

গুৱাহাটী পৌৰ নিগমত ২০কোটি টকাৰ বিয়াগোম কেলেংকাৰী(20 crore scam in GMC) ৷ ৬অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে চি এম ভিজিলেঞ্চে।

6 arrested for 20 crore scam in GMC
GMC Scam: ৬অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে চি এম ভিজিলেঞ্চে

গুৱাহাটী, ২১ অক্টোবৰ: গুৱাহাটী পৌৰ নিগমত বৃহৎ কেলেংকাৰী(GMC Scam) । ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে চি এম ভিজিলেঞ্চে। গ্ৰেপ্তাৰ কৰা কেইজন ক্ৰমে বিশেষ কৰ্তব্যৰত বিষয়া বাবুলাল শৰ্মা(OSD), স্বচ্ছতা বিষয়া আছিফ আহমেদ, অভিযন্তা শংকৰ মেধি, হিৰণ্য বৰ্মন, চিত্তৰঞ্জন দত্ত, সীমান্তজ্যোতি বৰুৱা বুলি জানিব পৰা গৈছে ।

আনহাতে এজন অভিযন্তা অভিযানৰ সময়ত পলায়ন কৰে বুলি জানিবলৈ পোৱা গৈছে । বোকা নিষ্কাষণ কেলেংকাৰীৰ লগত জড়িত আছিল ধৃত বিষয়াকেইজন । উল্লেখ্য যে জাৱৰ নিষ্কাষণৰ নামত গুৱাহাটী পৌৰ নিগমত সংঘটিত হৈছিল ২০কোটি টকাৰ বিয়াগোম কেলেংকাৰী ।

জাৱৰ নিষ্কাষণৰ নামত গুৱাহাটী পৌৰ নিগমত সংঘটিত হোৱা ২০কোটি টকাৰ বিয়াগোম কেলেংকাৰীৰ লগত সাঙোৰ খায় পৰিছিল গুৱাহাটী পৌৰ নিগমৰ মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদ,গুৱাহাটী পৌৰ নিগমৰ মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদৰ নাম(20 crore scam in GMC)৷ এই দুৰ্নীতিৰ সৈতে সহযোগিতা আগবঢ়াইছিল গুৱাহাটী পৌৰ নিগমৰ অ' এছ ডি বাবুলাল শৰ্মা আৰু গুৱাহাটী পৌৰ নিগমৰ পাঁচগৰাকী অভিযন্তাই ।

জাৱৰ নিষ্কাষণৰ নামত গুৱাহাটী পৌৰ নিগমৰ মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদে দুৰ্নীতি কৰাৰ অভিযোগৰ ভিত্তিত পৌৰ নিগমৰ সেই সময়ৰ আয়ুক্ত দেৱাশীষ শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্তৰ দায়িত্ব দিছিল । গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্ত প্ৰতিবেদন প্ৰকাশ পোৱা মতে গুৱাহাটীৰ জাৱৰ পেলোৱা স্থানত ডাম্পাৰেৰে জাৱৰ কঢ়িওৱাৰ নামত ভুৱা বিল দি গুৱাহাটী পৌৰ নিগমৰ মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদে পৌৰ নিগমৰ ৰাজকোষৰ পৰা এক বছৰত ২০ কোটি টকা লুটি নিছিল ।

পৌৰ নিগমৰ মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদৰ এই কেংলেকাৰীৰ লগত গুৱাহাটী পৌৰ নিগমৰ অ' এছ ডি বাবুলাল শৰ্মা আৰু গুৱাহাটী পৌৰ নিগমৰ পাচগৰাকী অভিযন্তাই সহযোগ কৰাৰ তথ্য গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্ত কৰাৰ দায়িত্ব দিছিল । পৰৱৰ্তী সময়ত পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্ত প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এজাহাৰ দিছিল। ঘটনা সন্দৰ্ভত চি এম ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰা বিষয়া কেইজনক বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Raid in DTO House: ডিব্ৰুগড় জিলা পৰিবহন বিষয়া বাসগৃহৰ পৰা লাখ লাখ টকা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.