ETV Bharat / state

Covid 19 Update in Assam : কামৰূপ(ম) ত বৃদ্ধি হৈয়ে আছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা - কৰ’ণা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত কেতবোৰ নিষেধাজ্ঞা

ৰাজ্যত হ্ৰাস পোৱা নাই কৰ’ণাত আক্ৰান্তৰ সংখ্যা (Corona Cases increase day by day in Assam) ৷ বিগত 24 ঘণ্টাত অসমত নতুনকৈ 5580 গৰাকী লোক কৰ’ণাত আক্ৰান্ত (5580 people newly tested Covid positive in Assam) হৈছে ৷ আক্ৰান্তসকলৰ অধিকাংশই কৰ’ণাৰ তৃতীয় প্ৰবাহ অ’মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ধাৰণা কৰা হৈছে ৷ সৰ্বমুঠ আক্ৰান্তৰ হাৰ হৈছে 12.16 শতাংশ ৷

5580 people newly tested Covid positive in Assam in the last 24 hours
ৰাজ্যত হ্ৰাস পোৱা নাই কৰ’ণাত আক্ৰান্তৰ সংখ্যা
author img

By

Published : Jan 23, 2022, 9:46 AM IST

নিউজ ডেস্ক, 23 জানুৱাৰী : ইতিমধ্যে বিশ্বৰ বহু আগশাৰীৰ দেশে শিথিল কৰিছে ক’ভিডক কেন্দ্ৰ কৰি পূৰ্বে জাৰি কৰা নীতি-নিৰ্দেশনা ৷ বৃটেইনৰ দৰে দেশে মাস্ক পৰিধান কৰাতো জৰুৰী নহয় বুলি কৰা ঘোষণাই তোলপাৰ লগাইছে বিশ্ব ৷ কিন্তু কৰ’ণাক সহজভাৱে লোৱাৰ সলনি ইয়াৰ সৈতে জীৱনযুদ্ধ আগুৱাই নিবলৈ সকলোৱে চেষ্টা অব্যাহত ৰখা উচিত ৷

ভাৰতৰ সমান্তৰালকৈ অসমতো অব্যাহত আছে কৰ’ণাৰ সংহাৰ (Corona Cases increase day by day in Assam) ৷ বিগত 24 ঘণ্টাত অসমত নতুনকৈ 5580 গৰাকী লোক কৰ’ণাত আক্ৰান্ত (5580 people newly tested Covid positive in Assam) হৈছে ৷ আক্ৰান্তসকলৰ অধিকাংশই কৰ’ণাৰ তৃতীয় প্ৰবাহ অ’মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ধাৰণা কৰা হৈছে ৷ সৰ্বমুঠ আক্ৰান্তৰ হাৰ হৈছে 12.16 শতাংশ ৷

শনিবাৰৰ দিনটোত কেৱল কামৰূপ(ম) তে কৰ’ণাত আক্ৰান্ত হৈছে 1172 গৰাকী লোক ৷ ইয়াৰ বিপৰীতে বিগত 24 ঘণ্টাত মৃত্যু ঘটিছে 13 গৰাকী কৰ’ণাত আক্ৰান্ত লোকৰ ৷ এই সকলোবোৰৰ লগতে আৰোগ্যৰ হাৰ হৈছে 31.99 শতাংশ ৷

উল্লেখ্য যে, বিগত সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল যে, 20 জানুৱাৰীৰ পিছত ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ৷ কৰ’ণা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ সেই অনুসৰি, মাস্ক পৰিধান কৰাতো বাধ্যতামূলক ৷ ইয়াৰ মাজতে গণৰাজ্য দিৱস উদযাপনৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে কেতবোৰ সুকীয়া নিষেধাজ্ঞা জাৰি কৰিছে ৷

লগতে চাওক: ৰাজ্যৰ আঠখন জিলাত জটিল হৈছে ক’ভিড পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.