লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত নৱজাতকৰ মৃত্যু
তিনিচুকীয়াস্থিত লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰৰ এগৰাকী গৰ্ভৱতী মহিলা মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত আছিল ৷ তেওঁক সংকটজনক অৱস্থাতে ডিব্ৰুগড় অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে যদিও বৃহস্পতিবাৰে প্ৰসূতি গৰাকীৰ নৱজাতকটিৰ মৃত্যু হয় ৷
জামিন আবেদন নাকচ হোৱাৰ পিছতে শোকত ম্ৰিয়মান অখিলৰ মাতৃ
নিয়া’ৰ ১৩/২০১৯ নম্বৰৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে নাকচ কৃষক নেতা অখিল গগৈৰ জামিন আবেদন ৷ জামিন নাকচ হোৱাৰ খবৰ লাভ কৰাৰ পিছতে এতিয়া শোকত ভাগি পৰিছে নেতাগৰাকীৰ মাতৃ প্ৰিয়দা গগৈ ৷
গোলাঘাটৰ বিজেপি কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
অজন্তা নেওগৰ বিজেপিত যোগদানৰ পাছতে যেন একপ্ৰকাৰে গোলাঘাটত বিজেপিৰ একাংশ কৰ্মীৰ মাজত দেখা পোৱা তীব্ৰ অসন্তুষ্টিৰ ৷ বৃহস্পতিবাৰে অজন্তা নেওগক গোলাঘাট বিধানসভা সমষ্টিৰ পৰা টিকট প্ৰদান নকৰিবলৈ দাবী উত্থাপন কৰি জিলা বিজেপিৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তৃণমূলকৰ্মীয়ে ৷
গুৰুজনাৰ আশীষ বিচাৰি বটদ্ৰৱা থানত লুৰীণজ্যোতি গগৈ
নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বটদ্ৰৱা থানলৈ আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ ৷ বৃহস্পতিবাৰে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশীষ গ্ৰহণ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷
কৃষি আইনৰ বিৰোধিতাৰে কলগাছিয়াত পথ অৱৰোধ নিখিল ভাৰত কৃষক সভাৰ
দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত আৰু কৃষক বিৰোধী ক'লা আইন বাতিলৰ দাবীত কলগাছিয়াৰ বনঘুগীত পথ অৱৰোধ নিখিল ভাৰত কৃষক সভাৰ। তিতাপানী আঞ্চলিক সমিতিৰ লগতে জনীয়াৰ বিধায়কে আন্দোলনত অংশগ্ৰহণ।
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত টিংখাঙত আছুৰ মানৱ শৃংখল
বিজেপি চৰকাৰে অচিৰেই নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ ৷
ডিব্ৰুগড়ত কৃষি আইনৰ বিৰুদ্ধে একাধিক সংগঠনৰ পথ অৱৰোধ
চিআইটিইউ,ডিৱাইএফআই,অসম ৰাজ্যিক কৃষক মহা সভা,চিপিআই,CPIM (L)কে ধৰি বহু সংখ্যক দল সংগঠনৰ দুই শতাধিক কৰ্মী তথা বিষয়ববীয়াই কৃষি আইনৰ বিৰুদ্ধে কান্ধত নাঙল-জোৱলি লৈ ডিব্ৰুগড়ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
তামুলপুৰত হাউচ গাৰ্ডৰ আত্মহত্যা
তামুলপুৰৰ মহকুমাধিপতিৰ বাসভৱনৰ চৌহদত নিশা হাউচ গাৰ্ডৰ আত্মহত্যা ৷ মৃত গাৰ্ডজন বুধীন্দ্ৰ বড়ো ৷
কলগাছিয়াত প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ
কলগাছিয়াত মোদী চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে আইন অমান্য আন্দোলনৰ আয়োজন । চি.আই.টি.ইউ.ৰ নেতৃত্বত কৃষি আইন বাতিলকৰণ আৰু এম.এছ.পি. প্ৰয়োগৰ দাবীত পথ অৱৰোধ কৰি প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ ।
ধেমাজিত মথাউৰি নিৰ্মাণৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
বৃহস্পতিবাৰে ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নদীৰ উন্মুক্ত মথাউৰি নিৰ্মাণৰ দাবীত জিলা খনৰ শ শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি অৱৰোধ কৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ প্ৰতিবছৰে বানপানী সমস্যাৰ সন্মুখীন হৈ অহা জিলাখনৰ প্ৰতি কোনো গুৰুত্ব নাই জলসম্পদ বিভাগ তথা চৰকাৰৰ ৷