ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 13, 2020, 5:09 PM IST

ভেদভাৱ নকৰাকৈ জম্মু আৰু কাশ্মীৰৰ উন্নয়নক গতি দিয়াটো চৰকাৰৰ উদ্দেশ্যঃ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিংহা

জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপালে স্থানীয় নিকায় প্ৰতিনিধি সকলক ক‘ভিড-19 ৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বান সমূহৰ সমাধানৰ ক্ষেত্ৰত নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাবলৈ আহ্বান জনায় ৷

প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ বাতৰিক খণ্ডন প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পুত্ৰ-কন্যাৰ

জীৱিত অৱস্থাত আছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৷ তেখেত চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে সংবাদ মাধ্যমত চলি থকা প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যুৰ বাতৰিক খণ্ডন কৰাৰ লগতে এয়া উৰা বাতৰি বুলি সদৰি কৰিছে ৷

চিৰাঙত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান বন বিভাগৰ: বন কৰ্মীক নিলম্বন

অভিযোগ অনুসৰি বনাঞ্চলিক বিষয়া মুছাহাৰী পূৰ্বে বিটিচিৰ উপ মুখ্য তথা বন বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ ঘনিষ্ঠ ৷ তদুপৰি মুছাহাৰীৰ নিযুক্ত অবৈধ আছিল বুলিও এক অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

ফ্ল'ৰ টেষ্টৰ পৰিকল্পনাত অটল গহলোত চৰকাৰ

ৰাজস্থানৰ পূৰ্বৰ উপ-মুখ্যমন্ত্ৰী শচিন পাইলট আৰু তেখেতৰ শিৱিৰে কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছতো ৰাজস্থানত অশোক গহলোতৰ নেতৃত্বাধীন চৰকাৰে আগন্তুক 14 আগষ্টত হ'বলগীয়া বিশেষ বিধানসভা অধিৱেশনত ফ্ল'ৰ টেষ্ট কৰাৰ পৰিকল্পনাত অটল হৈ আছে ৷

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ অভিযান

স্থল, ৰে'ল পথৰ লগতে জল পৃষ্ঠত নদী আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ নদী আৰক্ষীয়ে বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰ নদীত চলালে অভিযান ৷

জুবিন গাৰ্গক অপদস্থ কৰা ঘটনাক গৰিহণা বিধায়িকা আঙুৰলতা ডেকাৰ

আনহাতে, বুধবাৰে নিশা সংঘটিত জুবিন গাৰ্গক আক্ৰমণ তথা অপদস্থ কৰা ঘটনাক একমুখে গৰিহণা দিয়ে বিজেপি বিধায়িকা আঙুৰলতা ডেকাই । লগতে দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী কৰে বিধায়িকাগৰাকীয়ে ।

ৰাজস্থানত যুৱকৰ হাতত ধৰ্ষিতা 5 বছৰীয়া শিশু

ৰাজস্থানৰ বাৰনা জিলাত এগৰাকী 19 বছৰীয়া যুৱকে 5 বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ আঘাতপ্ৰাপ্ত ছাত্ৰী গৰাকীক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

বলীউডৰ 'হাৱা হাৱাই'ৰ জন্মদিন

ভাৰতৰ প্ৰতিষ্ঠিত স্ক্ৰীণ দেৱী 'শ্ৰী দেৱী'ৰ জন্মদিন ৷ বলীউডত তেওঁৰ চৰিত্ৰ তথা ভূমিকাৰ বাবে প্ৰশংসা লাভ কৰিছে প্ৰজন্মৰ পিছত প্ৰজন্মৰ পৰা ৷

আধাৰশিলা স্থাপন কৰিবলৈ অথন্তৰ বিধায়ক শিলাদিত্য দেৱৰ

এটা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ বাবে গৈ চুবুৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ৰাইজৰ ৰোষত পৰিল বিধায়ক শিলাদিত্য দেৱ ৷

নামৰূপ আছুৰ উদ্যোগত আৰ্থিক ভাৱে দুৰ্বল ছাত্র ছাত্ৰীক এক কালীন সাৰ্হায প্ৰদান

প্ৰয়াত অভিষেক মিলিৰ পিতৃ সমাজ কৰ্মী গোপাল চন্দ্ৰ মিলি আৰু মাতৃ বন্তি মিলিয়ে এই অনুষ্ঠানত উপস্থিত থাকি প্ৰয়াত অভিষেকৰ স্মৃতিত ন্যাসে অনাগত দিনটো এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি উল্লেখ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.