ETV Bharat / state

Son abused by father: 5 মহীয়া পুত্ৰক অত্যাচাৰ কৰি হাত-ভৰি ভাঙিলে পাষাণ পিতৃয়ে - Guwahati son abuse case

5 মহীয়া পুত্ৰক নিৰ্মম অত্যাচাৰ পাষাণ পিতৃৰ ৷ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ঘটনা ৷ পিতৃৰ অত্যাচাৰত দুইভৰি আৰু এখন হাত ভাঙি যায় শিশুটিৰ (Son abused by father in Guwahati) ৷

Son abused by father
5 মহীয়া পুত্ৰক অত্যাচাৰ কৰি হাত-ভৰি ভাঙিলে পাষাণ পিতৃয়ে
author img

By

Published : Mar 4, 2023, 7:01 PM IST

5 মহীয়া পুত্ৰক অত্যাচাৰ কৰি হাত-ভৰি ভাঙিলে পাষাণ পিতৃয়ে

গুৱাহাটী, ফেব্ৰুৱাৰী: এগৰাকী পাষাণ পিতৃৰ পাশৱিক অত্যাচাৰৰ বলি হ’ল এটি 5 মহীয়া শিশু ৷ নিজৰ 5 মহীয়া সন্তানক অতি নিৰ্মমভাৱে অত্যাচাৰ অলকেশ গোস্বামী নামৰ পিতৃৰূপী পাষণ্ডটোৰ ৷ গুৱাহাটী মহানগৰীতেই সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা (Son abused by father) ৷

মানৱৰূপী দানৱ পিতৃৰ অত্যাচাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটি সম্প্ৰতি চিকিৎসাধীন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷ কাহিলিপাৰৰ সাংবাদিক কলনীত সংঘটিত হৈছে এই শিহৰণকাৰী আৰু হৃদয়বিদাৰক ঘটনা ৷ বৰ্তমান ভদগত্তপুৰ আৰক্ষীৰ জালত পুত্ৰৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা হৃদয়বিহীন অলকেশ গোস্বামী (Child abused in Guwahati) ৷

প্ৰাপ্ত তথ্য অনুসৰি, অলকেশ গোস্বামীয়ে পত্নীৰ অজ্ঞাতে নিজৰ 5 মহীয়া শিশুটিক অত্যাচাৰ কৰি হাত-ভৰি ভাঙি পেলায় ৷ বৃহস্পতিবাৰে সংঘটিত হৈছিল এই জঘন্য ঘটনা ৷ বৃহস্পতিবাৰে নিশাৰ পৰা কান্দিবলৈ আৰম্ভ কৰে শিশুটিয়ে ৷ শুকুৰবাৰেও শিশুটিয়ে অস্বাভাৱিকভাৱে কন্দাৰ বাবে একেটা চৌহদতে থকা ভাৰতীয়াৰ সন্দেহ হয় ৷

পৰৱৰ্তীয় পৰ্যায়ত শুকুৰবাৰেই গুৱাহাটী চিকিৎসা মহাবিদ্যায়ত ভৰ্তি কৰোৱা হয় শিশুটিক ৷ শিশুটিক পৰীক্ষা কৰি চিকিৎসকে দুয়োখন ভৰি আৰু এখন হাত ভঙা বুলি জানিবলৈ দিয়ে ৷ বৰ্তমানেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে (GMCH) চিকিৎসাধীন হৈ আছে শিশুটি ৷

ইফালে, শুকুৰবাৰে সন্ধিয়া স্থানীয় লোকে শিশুটিৰ পিতৃক জেৰা চলাই ৷ ৰাইজৰ জেৰাত নিজ সন্তানক শাৰীৰিকভাৱে অত্যাচাৰ কৰা বুলি স্বীকাৰ কৰে অলকেশ গোস্বামী নামৰ পাষণ্ডটোৱে ৷ ইয়াৰ পাচতেই স্থানীয় লোকে আৰক্ষীক গতাই দিয়ে দানৱৰূপী পাষাণ অলকেশ গোস্বামীক (Guwahati son abuse case) ৷

উল্লেখ্য যে, কাহিলিপাৰাৰ সাংবাদিক কলনিত কিছুদিনৰ পৰা ভাৰাতীয়া হিচাপে আছিল অলকেশ গোস্বামী ৷ কিন্তু কিহৰ বাবে পুত্ৰক এইদৰে নিৰ্মমভাৱে অত্যাচাৰ কৰি হত্যাৰ অপচেষ্টা কৰিছিল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ভগদত্তপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ ইফালে, পতি-পত্নীৰ মাজত সংঘাত সংঘটিত হোৱা নাছিল বুলিও সংবাদমাধ্যমৰ আগত সদৰী কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: Silsako eviction drive update: সাময়িকভাৱে বন্ধ হ’লেও শিলসাঁকো বিলত পুনৰ চলিব জোৰদাৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.