ETV Bharat / state

অসমত স্থাপন কৰা হ'ব ৪০০ টা 'বন-ধন বিকাশ কেন্দ্ৰ' - কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই ঘোষণা কৰা মতে, অচিৰেই অসমত স্থাপন কৰা হ'ব ৪০০ টা 'বন-ধন বিকাশ কেন্দ্ৰ'(Van Dhan Vikas Kendras) । জনজাতীয় লোকসকলৰ জীৱিকা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যে এই 'বন-ধন বিকাশ কেন্দ্ৰ' স্থাপন কৰা হ'ব ।

400 Van Dhan Vikas Kendras to be set up in Assam
অসমত স্থাপন কৰা হ'ব ৪০০ টা বন ধন বিকাশ কেন্দ্ৰ
author img

By

Published : Sep 13, 2021, 11:07 AM IST

Updated : Sep 13, 2021, 12:21 PM IST

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : জনজাতীয় লোকসকলৰ জীৱিকা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰ কেতবোৰ পৰিকল্পনা যুগুত কৰিছে । শীঘ্ৰেই অসমত স্থাপন কৰা হ'ব ৪০০ টা 'বন ধন বিকাশ কেন্দ্ৰ'(Van Dhan Vikas Kendras) । দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই এই কথা ঘোষণা কৰে । সাধাৰণতে এটা 'বন ধন বিকাশ কেন্দ্ৰ'ত ২০ গৰাকী জনজাতীয় লোক সদস্য হিচাপে থাকিব ।

টুইটযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা
টুইটযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

'বন ধন বিকাশ কেন্দ্ৰ'ৰ গোটবোৰে কেন্দ্ৰসমূহক জীৱিকা নিৰ্বাহৰ সুযোগ প্ৰদানৰ লগতে বজাৰৰ সৈতে সংযোগ আৰু উদ্যোগ স্থাপনৰ সুযোগ প্ৰদান কৰিব । কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ সৈতে দেওবাৰে এক বৈঠকত মিলিত হোৱাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা জানিবলৈ দিয়ে ।

জনজাতীয় লোকৰ শিল্পকলাৰ প্ৰচাৰৰ বাবে ৪০০ খন জনজাতীয় গাঁও সামৰি 'বন ধন বিকাশ কেন্দ্ৰ' স্থাপন কৰাক লৈ তেওঁ আনন্দ প্ৰকাশ কৰে । এই পদক্ষেপে ৰাজ্যৰ জনজাতীয় লোকসকলক জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত গতি প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ৭ খন একলব্য বিদ্যালয়ৰ লগতে পাঁচখন জনজাতীয় খাদ্য উদ্যান স্থাপন কৰাৰ সিদ্ধান্ত লৈছে । এক চৰকাৰী বিবৃতিত উল্লেখ কৰা মতে, বৈঠকৰ অন্তত সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰী মুণ্ডাই কয় যে, দেওবাৰৰ পৰা আৰম্ভ হোৱা তেওঁৰ দুদিনীয়া ভ্ৰমণৰ উদ্দেশ্য হৈছে জনজাতীয় অঞ্চলসমূহৰ অগ্ৰগতি আৰু ৰাজ্য আৰু উত্তৰ-পূৰ্ৱাঞ্চলৰ জনজাতীয় জনসংখ্যাৰ বিকাশৰ বাবে ৰূপায়ণ কৰা আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰা ।

টুইটযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা
অসমত স্থাপন কৰা হ'ব ৪০০ টা 'বন-ধন বিকাশ কেন্দ্ৰ'

বিবৃতিটোত উল্লেখ কৰা মতে এই 'বন ধন বিকাশ কেন্দ্ৰ'সমূহে অসমত জনজাতীয় জীৱিকা সৃষ্টি ক্ষেত্ৰত এক পৰিৱৰ্তন আনিব । আনহাতে একলব্য বিদ্যালয়সমূহে জনজাতীয় লোকৰ শিশুসকলক অভিন্ন আৰু উচ্চ মানৰ শিক্ষা লাভত সহায় কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা আগষ্ট মাহত নতুন দিল্লীত TRIFED ৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰি ৰাজ্যখনত জনজাতীয় উন্নয়নৰ সম্প্ৰসাৰণ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল । এই বৈঠকত এই পৰিকল্পনাসমূহৰ বিষয়েও আলোচনা কৰা হৈছিল ।

এই উন্নয়নমূলক কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্ৱাঞ্চল আগবাঢ়ি যোৱাত সহায়ক হ'ব বুলি তেওঁ আশা ব্যক্ত কৰে । মুণ্ডাই লগতে কয় যে, তেওঁৰ মন্ত্ৰালয়ে জনজাতীয় লোকসকলৰ বিদ্যমান পৰম্পৰাগত ব্যৱস্থা আৰু জীৱনশৈলীৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে ।

বন ধন যোজনাত আগবঢ়োৱা সহযোগিতামূলক উদ্যোগৰ বাবে ২০২১-২২ বৰ্ষৰ বন ধন ৰাষ্ট্ৰীয় বঁটা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীক দেওবাৰৰ অনুষ্ঠানতে প্ৰদান কৰা হয় । বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে, অসমত বৰ্তমান ৩,৩০৮,৫৭০ জন বনত বাসক কৰা জনজাতীয় লোক আছে আৰু ই মুঠ জনসংখ্যাৰ ১২.৪ শতাংশ ।

লগতে পঢ়ক: 33 শতাংশ আসন সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবী মহিলা সংগঠনৰ

Last Updated : Sep 13, 2021, 12:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.