গুৱাহাটী, 1 ছেপ্তেম্বৰঃ মহানগৰীত সভ্য সমাজক লজ্জানত কৰা ঘটনা । যৌন নিৰ্যাতনৰ বলি হ'ল চাৰি বছৰীয়া এটা কণমানি । জালুকবাৰীত ভাৰাতীয়া হিচাপে থকা জাইদুল মাল্লিক নামৰ লোক এজনৰ বিৰুদ্ধে উত্থাপিত হৈছে শিশু নিৰ্যাতনৰ অভিযোগ । শিশুটিৰ মাতৃগৰাকী জনোৱা অনুসৰি, মাতৃগৰাকী জ্বৰত ভুগি শুই থকা অৱস্থাত চাৰি বছৰীয়া শিশুটিয়ে বাহিৰত খেলি আছিল। ঠিক সেই সময়তে ওচৰৰ জাইদুল মাল্লিকে লিপ্ত হয় অসৎ কাৰ্যত । এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে লম্পট জাইদুল । ঘটনা সন্দৰ্ভত কণমানিটিৰ মাতৃয়ে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আৰম্ভ তদন্ত প্ৰক্ৰিয়া । ইফালে জাইদুলৰ দুজন বন্ধুক সোধ-পোছৰ বাবে আটক কৰে জালুকবাৰী আৰক্ষীয়ে ।
মহানগৰীত চাৰি বছৰীয়া শিশুক যৌন নিৰ্যাতন - যৌন নিৰ্যাতন
মাতৃগৰাকী জ্বৰত ভুগি শুই থকা অৱস্থাত চাৰি বছৰীয়া শিশুটিয়ে খেলি আছিল বাহিৰত । ঠিক সেই সময়তে ওচৰৰ জাইদুল মাল্লিকে লিপ্ত হয় অসৎ কাৰ্যত । এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে লম্পট জাইদুল