ETV Bharat / state

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Aug 6, 2020, 3:09 PM IST

Updated : Aug 6, 2020, 5:05 PM IST

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 বজাৰ দহটা শীৰ্ষ বাতৰি
3 বজাৰ দহটা শীৰ্ষ বাতৰি

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

দেশত কৰ’ণা আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে 19,64,536 ৰ ঘৰ ৷ আক্ৰান্ত সকলৰ মাজৰ পৰা 13,28,336 গৰাকী ব্যক্তিয়ে চিকিৎসা গ্ৰহণৰ অন্তত সুস্থ হৈ ঘৰলৈ উভটিছে ৷ যি হৈছে মুঠ আক্ৰান্তৰ প্ৰায় 67.62 শতাংশ ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

নতুন শিক্ষা নীতি ৰূপায়নৰ পূৰ্বে বড়ো মাধ্যমৰ সমস্য়া সমাধানৰ দাবী এবছুৰ

বৃহস্পতিবাৰে কোকৰাঝাৰৰ এবছুৰ মুখ্য কাৰ্যালয়ৰ বডোফা হাউচত সংবাদমেল সম্বোধন এবছু নেতা খৌৰৌমদাউ ঔৱাৰীৰ ৷ নতুন শিক্ষা নীতি 2020 ৰূপায়ন কৰাৰ পূৰ্বে বড়ো মাধ্যমৰ জ্বলন্ত সমস্যাৰ সমাধান কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনায় এবছু নেতা গৰাকীয়ে ৷

শীতল পানীয়ৰ বটলত ওলাল কুমজেলেকুৱা

উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ শীতল পানীয় সেৱনৰ পূৰ্বে সাৱধাণ হওক ৷ কিয়নো কামপুৰৰ এগৰাকী লোকে ক্ৰয় কৰা শীতল পানীয়ৰ বটলৰ পৰা ওলাল কুমজেলেকুৱা ৷

ব্যৱহাৰকাৰীৰ মনৰ ইচ্ছাত চলিব তাম চাউঃ বস্তুটো কি ?

শিৱসাগৰৰ মেটেকাঘাট নিৱাসী অভিজিৎ দুৱৰা নামৰ যুৱকগৰাকীয়ে উদ্ভাৱন কৰা যন্ত্ৰটো পৰিচিত হৈছে তাম চাউ(Taam Chao) নামেৰে । তাম চাউ শব্দটো মূলতঃ এটা টাই ভাষাৰ শব্দ,যাৰ অৰ্থ হৈছে মনৰ ইচ্ছা । এই যন্ত্ৰটোৰ পৰা মূলতঃ ছটা সুবিধা লাভ কৰিব ব্যৱহাৰকাৰীয়ে ৷

শিৱসাগৰৰ এখন গাঁও পঞ্চায়তৰ আদৰ্শনীয় পদক্ষেপ

আদৰ্শ স্বৰূপ দিকচু গাঁও পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ ৷ পঞ্চায়তখনৰ অন্তৰ্গত বহু নিবনুৱা যুৱকক সংস্থাপনৰ পথ দেখুওৱা পঞ্চায়তখনে পঞ্চায়তৰ মাটিত সাঁচি আৰু মাটিকঁঠালৰ পুলি ৰোপন কৰে ৷ বৰ্তমান পুৰঠ হোৱা মাটিকঁঠালসমূহ ছিঙি পাইকাৰী মূল্যত জোৰা 60 টকাকৈ বিক্ৰীৰ ব্যৱস্থা কৰিছে পঞ্চায়ত কৰ্মীয়ে ।

শোণিতপুৰৰ সংঘৰ্ষস্থলীত অব্যাহত সান্ধ্য আইন

ঠেলামৰা থানাৰ অন্তৰ্গত ভৰাশিমলু আৰু গৰুডুবা অঞ্চলত বুধবাৰে দুটা ফৈদৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষক কেন্দ্ৰ কৰি প্ৰশাসনে জাৰি কৰে সান্ধ্য আইন ৷ বৰ্তমানেও ঘটনাস্থলীত অব্যাহত আছে সান্ধ্য আইন ৷ জানিব পৰা মতে,বুধবাৰে সংঘটিত সংঘৰ্ষত আহত হয় দুই ফৈদৰ প্ৰায় 12 গৰাকীকৈ লোক ৷

CAA-EIA বাতিলৰ লগতে বহুকেইটা দাবীলৈ মৰাণ ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী

মৰাণ জনগোষ্ঠীক জনজাতিকৰণ, "CAA" "EIA" বাতিল,অবৈধ মাদক দ্ৰব্য,কণ্ডেনচেট বন্ধৰ দাবীত কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী ৷

বিহাৰত নাও দুৰ্ঘটনাত নিহত 15,সন্ধানহীন 10 জন

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে টুইটযোগে এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে নিহত লোকৰ নিকটাত্মীয়লৈ 4 লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ ঘোষণা কৰে ৷

আতচবাজীৰ ফলত যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড !

বুধবাৰে নিশা যোৰহাটৰ পুৰণি বালিবাটত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ পুৰণা বালিবাট অঞ্চলত ৰাম মন্দিৰ ভুমি পূজন সম্পন্ন হোৱাৰ আনন্দত একাংশ লোকে আতচবাজী জ্বলাই আনন্দ প্ৰকাশ কৰি থকাৰ মূহুৰ্ততে জুইৰ ফিৰিঙতি গুদামগৃহত পৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷

নাৰায়ণপুৰত উদ্ধাৰ ৰূপৰ মুদ্ৰাসহ খাৰু

বৃহস্পতিবাৰে নাৰায়ণপুৰৰ ৰঙতি আমগুৰিত মাছ ধৰি থকা অৱস্থাত দুজন যুৱকে উদ্ধাৰ কৰে ১৪ টাকৈ ৰূপৰ মুদ্ৰাৰ লগতে দুপাত খাৰু ৷ ৰূপৰ সামগ্ৰী সমূহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

Last Updated : Aug 6, 2020, 5:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.