গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সুধাংশু ঢুলীয়াৰ
দেওবাৰে মহানগৰীৰ ৰাজভৱনৰ দৰবাৰ হলত অনুষ্ঠিত হৈ যায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ অনুষ্ঠান ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কুটেশ্বৰ সিঙে মুখ্য ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱাই সুধাংশু ঢুলীয়াক ৷ পূৰ্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল ঢুলীয়া ৷
জাভা সাগৰত উদ্ধাৰ সন্ধানহীন বিমানৰ ভগ্নাৱশেষ
শনিবাৰে সাগৰপৃষ্ঠৰ ওপৰত সন্ধানহীন হৈ পৰা বিমানখনৰ ভগ্নাৱশেষ উদ্ধাৰ কৰিছে ইণ্ডোনেছিয়াৰ উদ্ধাৰকাৰী বাহিনীয়ে ৷ জাকাৰ্টাৰ এটা বন্দৰৰ কাষত সাগৰত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় অভিশপ্ত বিমানখনৰ ভগ্নাৱশেষ ৷ ইণ্ডোনেছিয়াৰ নৌ-সেনাৰ ডুবাৰুৱে জাভা সাগৰৰ 75 ফুট গভীৰতাত প্ৰত্যক্ষ কৰে শ্ৰীবিজয়া এয়াৰলাইনছৰ বয়িং 737-500 বিমানখনৰ ভগ্নাৱশেষ ৷
সৰভোগৰ এঠা দৈ অবিহনে আধৰুৱা হেঁপাহৰ ভোগালী
কৰ’ণাৰ বিভীষিকাৰ মাজতে পুনৰ আহিল হেঁপাহৰ ভোগালী ৷ ভোগালী বুলিলেই চৌদিশে ভোগৰ সমাহাৰ ৷ ভোগালী বিহু বুলি ক’লেই মনলৈ আহে সৰভোগৰ এঠা দৈৰ কথা ৷ লক ডাউনৰ বাবে দুগ্ধনগৰী খ্যাত সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে প্ৰচুৰ লোকচানৰ সন্মুখীন হোৱাৰ পিচত এইবেলি ভোগালী বিহুৰ বাবে বহু আশাৰে দৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷
এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন: দুজনক আটক
নগাঁৱৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ সময়তে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য । এম্বুলেঞ্চৰ সহায়ত ড্ৰাগছ সৰবৰাহৰ তথ্য পোহৰলৈ আহিছে মধ্য অসমৰ নগাঁৱত । দেওবাৰে পুৱা ভকতগাঁৱত এখন এম্বুলেঞ্চৰ পৰা স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰা হয় মাৰাত্মক হেৰ’ইন ।
মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ
কৰ’ণা-পক্ষীজ্বৰৰ মাজতেই ৰাজ্যত চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি ৷ সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰিবলৈ সকলো প্ৰকাৰে প্ৰস্তুত হৈছে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লোকসকলৰ লগতে মহানাগৰিকসকলো । যান্ত্ৰিকতাৰ ধামখুমীয়াত মহানগৰীত ক্ৰমাৎ বিলুপ্ত হ'বলৈ ধৰা ভোগালীৰ পৰম্পৰা, ৰীতি-নীতি জীয়াই ৰখাৰ প্ৰয়াস কৰিছে আশীৰ দশকৰ মিষ্টাৰ অসম খ্যাত বাবুল চেতিয়াই ।
বৰ্তমানলৈকে ত্ৰিপুৰাত বাৰ্ড ফ্লুৰ কোনো স্পষ্টীকৰণ নাই
সম্প্ৰতি ত্ৰিপুৰাত বাৰ্ড ফ্লুৰ কোনো নিশ্চিত প্ৰতিবেদন নাই ৷ ঘৰুৱা হাঁহ আৰু পোৱালী মৃত্যু সম্পৰ্কীয় কিছুমান ঘটনাক কেন্দ্ৰ কৰি বাৰ্ড ফ্লু হোৱাৰ ভুৱা বাতৰি প্ৰচাৰ হয় ৷ শনিবাৰে চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে ৰাজ্যখনৰ পশুধন বিভাগৰ মন্ত্ৰী সান্ত্বনা চাকমাই ৷
বৰপেটাত গাঞ্জাসহ আটক এজন ব্যৱসায়ী
শনিবাৰে বৰপেটাৰ ভাতকুছি গাঁৱত গাঞ্জাসহ এজন ব্যৱসায়ীক আটক বৰপেটা আৰক্ষীৰ ৷ এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে প্ৰায় 4.5 কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে ধৃত ব্যৱসায়ীজনক আটক কৰে ৷
হঠাৎ গুলপীয়া হৈ পৰিল গুৱাহাটী মহানগৰীৰ ৰাজপথ ৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ উদ্যোগত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে মুকলি কৰা হ’ল 'ভ্ৰমণ সাৰথি' নামেৰে বিনামূলীয়া বাছ সেৱা ৷ মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই বাছ সেৱাৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
সোমবাৰে শিলচৰলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে উপস্থিত হ’ব শিলচৰত ৷ সোণোৱালে উধাৰবন্দ, ধলাই আৰু জয়পুৰ থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰিব ৷ কাছাৰৰ আৰক্ষী অধীক্ষক বিএল মিনাই প্ৰকাশ কৰা অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে উদ্বোধন কৰিব উধাৰবন্দ থানাৰ নৱনিৰ্মিত ভৱন ৷
ত্ৰিপুৰাত এচিড পান কৰি শিক্ষয়ত্ৰীৰ আত্মহত্যা
ত্ৰিপুৰাত অব্যাহত থকা শিক্ষকৰ প্ৰতিবাদৰ মাজতে শনিবাৰে ৰুমী দেৱবৰ্মা নামৰ এগৰাকী শিক্ষয়ত্ৰীয়ে খোৱাইস্থিত নিজ বাসগৃহত এচিড পান কৰি আত্মহত্যা কৰে ৷ ত্ৰিপুৰাত নিজৰ চাকৰি উভটাই বিচাৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখা প্ৰায় 10,323 গৰাকী শিক্ষকৰ ভিতৰত এগৰাকী আছিল ৰুমী ৷