ETV Bharat / state

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - 3 pm top ten news

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 বজাৰ দহটা শীৰ্ষ বাতৰি
3 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 8, 2020, 3:06 PM IST

ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড

ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড ৷ তিনিচুকীয়াৰ ন-পুখুৰীত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷

কেৰালাৰ বিমান দুৰ্ঘটনা : প্ৰায় 19 জনৰ প্ৰাণহানি

কেৰালাৰ কোজিকোডেত ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত 18 গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আঘাতপ্ৰাপ্ত হ'ল বহু কেইগৰাকী ৷

২০২১ তো বাহাল থাকিব বিজেপি-অগপৰ মিত্ৰতা: অতুল বৰা

ৰাজ্যত কেইবাটাও নতুন আঞ্চলিক ৰাজনৈতিক শক্তিয়ে সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে যদিও অগপক কোনো ধৰণে প্ৰভাৱিত কৰিব নোৱাৰে ৷ ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সমাগত নিৰ্বাচনৰ বিষয়ে এনে বহুতো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷

ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত

ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত ধেমাজি,বাক্সা,চিৰাং,কোকৰাঝাৰ,কামৰূপ (মহানগৰ) আৰু মৰিগাঁৱৰ বহু অঞ্চল এতিয়া আছে বাঢ়নী পানীৰ তলত। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও বিভিন্ন নৈপৰীয়া অঞ্চলত তাণ্ডৱ অব্যাহত আছে গৰাখহনীয়াৰ ৷

বিলুপ্তপ্ৰায় পক্ষীৰ বিচৰণ বাক্সাত

বিবিধ প্ৰজাতিৰ চৰাইৰ মাতেৰে মুখৰিত হৈ পৰিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ মটঙাচক ৷ বিভিন্ন প্ৰজাতিৰ পক্ষী বিলুপ্ত হোৱাৰ সময়তে অঞ্চলটোৰ বাসিন্দা ৰহিনী ব্ৰহ্ম নামৰ লোকজনৰ বাঁহ গছত আশ্ৰয় লৈছে বিভিন্ন প্ৰজাতি বগলী আৰু পানী কাউৰী চৰায়ে ৷

বিহাৰত বানৰ ভয়াৱহ ৰূপঃ এইপৰ্যন্ত মৃত্যু 23 জনৰ

ৰাজ্যখনত গংগা,মহানন্দা,বাগমতী লগতে কেইবাখনো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷

ভাৰতত 20 লক্ষাধিক অতিক্ৰম কৰ'ণাৰ সংক্ৰমণ

বিগত 24 ঘণ্টাত দেশত 61,537 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ 933 গৰাকী লোকে বিগত 24 ঘণ্টাত মৃত্য়ুক সাৱটি লৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

ধুবুৰীত ড্ৰাগছ আসক্তৰ হাতত প্ৰাণ হেৰুৱালে নিৰীহ লোকে

লক ডাউন আৰু কৰণাতংকৰ মাজতে ধুবুৰীত ভয়ংকৰ ঘটনা । দিন দুপৰতেই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰা হ'ল এজন লোকক । গ্ৰেপ্তাৰ হত্যাকাৰী যুৱক ।

হাইলাকান্দিত হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান যুৱকে

কৰ‘ণা মহামাৰীৰ সময়তে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দেখা গ'ল হাইলাকান্দিত । সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন ডাঙি ধৰিলে একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে ।

লাডাখত ভাৰত-চীন সংঘৰ্ষ সন্দৰ্ভত দুয়োখন দেশৰ সেনাবাহিনীৰ বাৰ্তালাপ

লাডাখৰ দৌলাত বেগ ওল্ডী অঞ্চলত ভাৰতীয় সেনা বাহিনীৰ বিষয়ববীয়া আৰু চীনৰ পিপুলছ লিবাৰেছন আৰ্মীৰ মেজৰ জেনেৰেল মাজত শনিবাৰে অনুষ্ঠিত হ'ব এখন বৈঠক ৷ বৈঠকত লাডাখ অঞ্চলৰ এলএচিৰ পৰা চীনক উভতাই পঠিওৱা সন্দৰ্ভত আলোচনা কৰিব বুলি সদৰি কৰে সেনা বাহিনীৰ বিশেষ সূত্ৰই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.