ETV Bharat / state

taekwondo championship: গুৱাহাটীত সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:20 PM IST

গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত আৰু সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সহযোগত অনুষ্ঠিত দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ৷

taekwondo championship
টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

গুৱাহাটী, ২৫ আগষ্ট : সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সহযোগত মডাৰ্ণ ইংলিছ স্কুলে দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিছে । শুকুৰবাৰৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই প্ৰতিযোগীতাত ৭৫০ গৰাকীতকৈয়ো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে । ২৫ আগষ্ট পৰা শুভাৰম্ভ হোৱা তিনিদিনীয়া প্ৰতিযোগিতাখন ২৭ আগষ্ট দেওবাৰে অন্ত পৰিব ।

এই মেগা চেম্পিয়নশ্বিপ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰি মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে কয় যে, "২০২৩ চনৰ দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ আয়োজন কৰি আমি সন্মানবোধ কৰিছো । এই অনুষ্ঠান কেৱল এখন প্ৰতিযোগিতাই নহয়; চেম্পিয়নশ্বিপৰ লগতে এই আয়োজন এক সৌহাৰ্দ্যৰ মনোভাৱ আৰু উৎকৃষ্টতাৰ সন্ধানৰ প্ৰতীক ।

প্ৰতিযোগিতাখনৰ বিষয়ে মডাৰ্ণ ইংলিছ স্কুলৰ পিজিটি-শাৰীৰিক শিক্ষা আৰু টাইকোৱাণ্ডো খেলৰ প্ৰশিক্ষক অভিজিৎ গগৈয়ে কয় যে, "এইবেলি অনুষ্ঠিত হোৱা ২০২৩ চনৰ দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি হোৱা দেখা পাই মই যথেষ্ট আনন্দিত হৈছো । বিগত বৰ্ষৰ তুলনাত এই বছৰ অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক । ই শিক্ষাৰ্থীসকলৰ মাজত টাইকোৱাণ্ডো খেলৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা উৎসাহকে প্ৰতিফলিত কৰে । গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত আৰু সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৩ অসমৰ উদীয়মান খেলুৱৈসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ । এই অনুষ্ঠানটোৱে কেৱল টাইকোৱাণ্ডো খেলতে নহয়, জীৱনৰ বাবেও গুৰুত্বপূৰ্ণ অনুশাসন, দলীয় কাম আৰু অধ্যৱসায় কঢ়িয়াই আনে ।"

দ্বিতীয় সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতা ২০২৩ ত বিভিন্ন শাখাত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । প্ৰতিযোগিতাত থাকিব বিভিন্ন বয়সৰ গোট আৰু দক্ষতাৰ স্তৰ, যাতে প্ৰতিজন অংশগ্ৰহণকাৰীয়ে জিলিকি উঠাৰ সুযোগ পায় । এই অনুষ্ঠানটোৱে কেৱল ক্ৰীড়া প্ৰতিভা বা এথলেটিচিজনক উদযাপন কৰাই নহয়, লগতে একতা আৰু স্বাস্থ্যকৰ প্ৰতিযোগিতাৰ গুৰুত্বৰ কথাও সোঁৱৰাই দিব ।

লগতে পঢ়ক : Playground in Guwahati: খেলপথাৰৰ অভাৱ থকা গুৱাহাটী কিদৰে হ’ব দেশৰ ক্ৰীড়াৰ ৰাজধানী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.