গুৱাহাটী, 4 নৱেম্বৰ : ‘ৰাজ্যৰ অৰ্থনৈতিক বিকাশ হ’বলৈ বাণিজ্যিক কার্যকলাপ বৃদ্ধি হ’বই লাগিব’ - ইন্ডাষ্ট্ৰীজ এণ্ড ট্ৰেড ফেয়াৰ এছ’চিয়েশ্যন, অসম(ইটফা)ৰ উদ্যোগত মহানগৰীৰ বেটকুছিৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত ১ নৱেম্বৰৰ পৰা অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত উৎকৰ্ষ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই এইদৰে কয় ।
ইটফাই বিগত ২৮ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা আয়োজন কৰি বিশ্বৰ বহু আগশাৰীৰ দেশৰ প্ৰতিষ্ঠানক এই মেলালৈ আমন্ত্ৰণ কৰি আনি ইয়াত সামগ্ৰী প্ৰদৰ্শনৰ সুবিধা প্ৰদান কৰাৰ সমান্তৰালভাৱে স্থানীয় ব্যৱসায়ী তথা উদ্যমী সকলক সা- সামগ্ৰী বিপণনৰ লগতে দেশৰ অন্য প্ৰান্তৰ ব্যৱসায়ীসকলৰে সৈতে সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লোৱা বুলিও মন্ত্ৰী বড়াই ভাষণত উল্লেখ কৰে ।
ব্যৱসায়ৰ এক সুস্থ পৰিৱেশ গঢ়ি উঠিলেহে দেশৰ অন্য প্ৰান্তৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ অসমলৈ আগমনৰ পথ প্ৰশস্ত হ’ব বুলিও মন্ত্ৰীজনে । ইয়াৰ পূৰ্বে মন্ত্ৰী বড়াই ইটফাৰ উপ-সভাপতি ৰাজেশ দাস আৰু সম্পাদক ৰাজীৱ দাসৰ উপস্থিতিত বিভিন্ন ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা ছগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে জি এন আৰ চি হাস্পতালৰ প্ৰতিষ্ঠাপক ডাঃনোমল বড়া, প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীব নাৰায়ণ, চলচ্চিত্ৰ পৰিচালক সঞ্জীব সভাপণ্ডিত, মাৰিয়া মন্টেশ্বৰীৰ পৰিচালন সঞ্চালিকা নেলী আহমেদ, নন্দন হোটেলৰ পৰিচালন সঞ্চালক অৰুণ শৰ্মা আৰু শ্বেখ ব্ৰাদাৰ্ছক "গুৱাহাটী বাণিজ্য মেলা উৎকৰ্ষ বঁটা" প্ৰদান কৰে । উল্লেখ্য যে, অহা ১৭ নৱেম্বৰলৈ চলিব লগা এই বাণিজ্য মেলাত দেশ-বিদেশৰ শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে ।
লগতে পঢ়ক : Puspa Devi Jalan Award: জুনু বৰাক পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান