ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক সমাৱৰ্তনৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Feb 5, 2020, 3:20 AM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ 28 সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হ’ব অহা 24 ফেব্ৰুৱাৰীত ৷ এই কথা প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে ৷

28th Convocation of Gauhati University on 24th February
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক সমাৱৰ্তনৰ ব্যাপক প্ৰস্তুতি

গুৱাহাটী, 4 ফেব্ৰুৱাৰীঃ 24 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ 28 সংখ্যক সমাৱৰ্তন ৷ অইন বেলিৰ দৰে এইবেলিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব বিভিন্ন বিষয়ত লাভ কৰা ডিগ্ৰীসমূহ ৷ এই সমাৱৰ্তনত 2018-2019 বৰ্ষৰ বিভিন্ন বিষয়ৰ মুঠ 2534 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব ডিগ্ৰী ৷ মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে ৷

ইয়াৰোপৰি দেশৰ খ্যাতিমান জীৱ বিজ্ঞানী তথা দিল্লীৰ জৱহাৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ সুধিৰ কুমাৰ চপৰি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব এই সমাৱৰ্তনত। গুৱাহাটী বিশ্ববিদ্যালয়ে এইবাৰ অসমৰ প্ৰখ্যাত সাহিত্যিক অৰূপ কুমাৰ দত্তক ডি.লিট আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী বিৰেণ সিংহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব। এইবেলি আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলক পৰাম্পৰাগত খাদী কাপোৰেৰে তৈয়াৰী অসমীয়া সাজ প্ৰদান কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে উপাচাৰ্য ড৹ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। এইবছৰ অভিলেখ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰাৰ বাবে প্ৰেক্ষাগৃহৰ সলনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলপথাৰত এই সমাৱৰ্তন হ’ব বুলিও উল্লেখ কৰে উপাচাৰ্যগৰাকীয়ে ৷

আৰু পঢ়কঃঅসম সাহিত্য সভাত হিন্দী গানকলৈ বিতৰ্ক, প্ৰতিক্ৰিয়া প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ

Intro:অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব ২৮ সংখ্যক সমাৱৰ্তন। এইবেলি ২০১৮ আৰু ২০১৯ বৰ্ষৰ বিভিন্ন বিষয়ৰ মুঠ ২৫৩৪গৰাকী ছাত্ৰ-ছাত্ৰীক বিভিন্ন বিষয়ৰ ডিগ্ৰী প্ৰদান কৰা হ'ব। মংগলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্ধিকৈয়ে এক সংবাদমেল যোগে এই কথা উল্লেখ কৰে। দেশৰ খ্যাতনাম জীৱ বিজ্ঞানী তথা দিল্লীৰ জৱহাৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ সুধিৰ কুমাৰ চপৰি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব এই সমাৱৰ্তনত। গুৱাহাটী বিশ্ববিদ্যালয়ে এইবাৰ অসমৰ প্ৰখ্যাত সাহিত্যিক অৰূপ কুমাৰ দত্তক ডি লিট আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী বিৰেণ সিংহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব। এইবেলি আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলক পৰাম্পৰাগত খাদী কাপোৰেৰে তৈয়াৰী অসমীয়া সাজ প্ৰদান কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। এইবছৰ অভিলেখ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অবেদন কৰা বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব এই সমাৱৰ্তন।
Byte- ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ, উপাচাৰ্য (গুৱাহাটী বিশ্ববিদ্যালয়) Body:Guwahati Conclusion:Hirul Haque

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.