ETV Bharat / state

18 মাৰ্চৰ পৰা ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ কৰ্ম বিৰতি - সংবাদমেল

নিৰ্বাচনৰ সময়ত নিজৰ কৰ্তব্যৰ পৰা বিৰত থাকিব ৰাজ্যৰ 27 হাজাৰ গৃহৰক্ষী জোৱানে ৷ গৃহ বিভাগে চৰম প্ৰতাৰণাৰ লগতে দীৰ্ঘদিনীয়া দাবী আৰু সমস্যা সমূহ পূৰণ নকৰাৰ বাবে ৰাজ্যৰ গৃহৰক্ষী জোৱান সকলে 18 মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্ম বিৰতিৰ ঘোষণা কৰিছে ৷

18মাৰ্চৰ পৰা ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ কৰ্ম বিৰতি

author img

By

Published : Mar 16, 2021, 10:13 AM IST

কামৰূপ মেট্ট,16মাৰ্চ : সন্মুখত বিধান সভা নিৰ্বাচন ৷ এই নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত ৰাজ্যৰ গৃহ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানে ৷ গৃহ বিভাগে চৰম প্ৰতাৰণাৰ লগতে দীৰ্ঘদিনীয়া দাবী আৰু সমস্যা সমূহৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ গৃহৰক্ষী জোৱান সকলৰ ৷

সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই যৌথভাৱে সংবাদমেল সম্বোধন কৰি নিৰ্বাচনৰ পূৰ্বে গৃহৰক্ষী জোৱান সকলে কৰ্তব্য পালন নকৰাৰ হুংকাৰ প্ৰদান কৰে ৷ গৃহৰক্ষী জোৱান সকলৰ অভিযোগ- “গৃহ বিভাগে জোৱান সকলক আলোচনালৈ নিমন্ত্ৰণ কৰি পুনৰ বাতিল কৰিছে আলোচনা প্ৰক্ৰিয়া”, সেয়ে ক্ষোভিত হৈ পৰিছে গৃহৰক্ষী জোৱান সকল ৷ যাৰ বাবে ১৮ মাৰ্চৰ পুৱা ৬ .০০ বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্ম বিৰতিৰ ঘোষণা কৰিছে গৃহৰক্ষী জোৱান সকলে । নিৰ্বাচনৰ পূৰ্বে সদৌ অসম প্ৰশিক্ষিত গৃহ আৰক্ষীৰ তৰপৰ পৰা প্ৰকাশ কৰা হৈছে এই ঘোষণা ।

18মাৰ্চৰ পৰা ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ কৰ্ম বিৰতি

উল্লেখ্য যে, সোমবাৰৰ সংবাদমেলত গৃহৰক্ষী জোৱানসকলে প্ৰকাশ কৰা অনুসৰি প্ৰায় ২৭,০০০ গৃহ আৰক্ষীয়ে এইবাৰ নিৰ্বাচনৰ সময়ত নিজৰ কৰ্তব্য পালন নকৰে । দীৰ্ঘদিনে বঞ্চিত হৈ থকা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব গৃহৰক্ষী জোৱান সকলে ৷ ২১ৰ বিধানসভা নিৰ্বাচনত ভোট প্ৰদান কৰি নিৰ্ণায়ক ভূমিকা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহৰক্ষী জোৱান সকলে ৷ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ লগতে পৰিয়ালৰ সদস্য সকলেও এই নিৰ্ণায়ক ভোটত ল'ব গুৰুত্বপূৰ্ণ ভূমিকা৷ সোমবাৰে সংবাদমেল যোগে এই কথা অৱগত কৰে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা কেন্দ্ৰীয় সমিতি সভাপতি কামাখ্যা দাসে ৷

অন্য এক খবৰৰ বাবে: আপোনাৰ আলমাৰিত কাপোৰ সতেজ কৰি ৰখাৰ কিছু কৌশল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.