ETV Bharat / state

Covid infection in Assam: অসমত প্ৰথম পালি ভেকচিন লোৱা ২৭ লাখে লোকেই লোৱা নাই দ্বিতীয় পালি - Union Ministry of Health and Family Welfare

বিভিন্ন ৰাষ্ট্ৰত পুনৰ ক'ভিডৰ ভয়াৱহ সংক্ৰমণ (Infection of Covid in World) । দেশৰ লগতে অসমতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা । ক'ভিড-১৯ৰ ভেকচিন প্ৰতিজন লোকে গ্ৰহণ কৰাৰ ওপৰত সর্বাধিক গুৰুত্ব । অসমত ক'ভিডৰ প্ৰথম পালি ভেকচিন লৈছে ২,৪৮,১১,৪২৭ গৰাকীয়ে । দুয়োপালি ভেকচিন লৈছে ২,২১,৩১,৬৪০ গৰাকীয়ে । এতিয়াও ২৬,৭৯,৭৮৭ গৰাকীয়ে লোৱা নাই দ্বিতীয় পালি ভেকচিন । মাত্র ৩৩ লাখ লোকে লৈছে বুষ্টাৰ ড'জ ।

Second dose of Covid vaccine in Assam
৩৩,৪২,৮০১ লাখ লোকেহে তৃতীয় পালি ভেকচিন লৈছে
author img

By

Published : Dec 31, 2022, 4:49 PM IST

গুৱাহাটী,৩১ ডিচেম্বৰ: বিশ্বৰ কেইবাখনো দেশত শেহতীয়াকৈ ক'ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ পাছতেই ভাৰততো বিশেষ সতর্কতা জাৰি কৰা হৈছে (Covid infection in India)। এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ক'ভিড-১৯ৰ ভেকচিন প্ৰতিগৰাকী লোককে প্ৰদানৰ ক্ষেত্ৰত সর্বাধিক গুৰুত্ব প্ৰদান কৰিছে (Covid 19 vaccine in India) । কিন্তু অসমত ভেকচিন প্রদান আৰম্ভ হোৱাৰ দুবছৰ হ'ল যদিও আজিও প্ৰায়ভাগ লোকে ভেকচিন গ্ৰহণ কৰা নাই । আনকি প্রথম পালি ভেকচিন লোৱাৰ পাছত এতিয়াও ৰাজ্যৰ প্ৰায় ২৭ লাখ লোকে দ্বিতীয় পালি ভেকচিনকে লোৱা নাই (Second dose of Covid vaccine in Assam) ।

আনহাতে,কেন্দ্ৰীয় চৰকাৰে সুৰক্ষামূলক পালি হিচাপে অৰ্থাৎ বুষ্টাৰ ড'জ হিচাপে সকলোকে তৃতীয় পালি ভেকচিন ল'বলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো ৰাজ্যৰ বৃহৎ সংখ্যক লোকে এই আহ্বানক গুৰুত্বই প্ৰদান কৰা নাই (Booster Dose of Covid 19 in Assam)। এতিয়ালৈকে ৰাজ্যখনৰ ৩৩,৪২,৮০১ লাখ লোকেহে তৃতীয় পালি ভেকচিন অর্থাৎ বুষ্টাৰ ড'জ লৈছে ।

Second dose of Covid vaccine in Assam
৩৩,৪২,৮০১ লাখ লোকেহে তৃতীয় পালি ভেকচিন লৈছে

উল্লেখ্য় যে ক'ভিডৰ ভেকচিন গ্ৰহণ কৰা সকলৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি পায় আৰু এনে লোকৰ ক'ভিডত আক্রান্ত হ'লেও শাৰীৰিক অৱস্থা জটিল নহয় । যাৰ বাবে চৰকাৰে প্ৰতিগৰাকী লোকেই যাতে ভেকচিন গ্ৰহণ কৰে সেই ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে । আনকি ভেকচিনো বিনামূলীয়াকৈ প্ৰদান কৰিছে । কিন্তু ইয়াৰ পিছতো অসমত বৃহৎ সংখ্যক লোকে ভেকচিন লোৱাৰ ক্ষেত্ৰত অনীহা প্রকাশ কৰাটো লক্ষণীয় হৈ পৰিছে ।

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে অসমত ক'ভিডৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰা লোকৰ সংখ্যা হৈছে ২,৪৮,১১,৪২৭ গৰাকী (Union Ministry of Health and Family Welfare) । ইয়াৰে ভিতৰত দুয়োপালি ভেকচিন গ্ৰহণৰ সংখ্যা হৈছে ২,২১,৩১,৬৪০ গৰাকী । অর্থাৎ প্রথম পালি ভেকচিন গ্ৰহণ কৰা লোৱাসকলৰ ভিতৰত ২৬,৭৯,৭৮৭ গৰাকীয়ে এতিয়াও দ্বিতীয় পালি ভেকচিন ল'বলৈ আছে ।

আনহাতে,ৰাজ্য চৰকাৰে সুৰক্ষামূলক পালি হিচাপে সকলোকে ক'ভিডৰ তৃতীয় পালি ভেকচিন লোৱাৰ বাবে আহ্বান জনোৱাৰ পাছতো অসমৰ মাত্ৰ ৩৩,৪২,৮১০ গৰাকীয়েহে আজিলৈকে তৃতীয় পালি ভেকচিন লৈছে । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ক'ভিডৰ সংক্রমণ হ্রাস পোৱাৰ পাছত ৰাজ্যৰ জনসাধাৰণেও ভেকচিন লোৱাত গুৰুত্ব নিদিয়া হ'ল । পিছে শেহতীয়াকৈ যি গতিত চীনকে ধৰি বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে তাৰ ফলত অনাগত দিনত ভাৰততো ক'ভিডে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকাই দেখা দিছে ।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ক'ভিডৰ সংক্রমণ ৰোধৰ বাবে সতর্কতামূলক পৰামৰ্শাৱলী জাৰি কৰিছে (SOP of Covid 19)। তাৰ পৰিপ্ৰেক্ষিতত অসমতো ৰাজ্য চৰকাৰে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যাৱতীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । চিকিৎসালয়ত ক'ভিড ৰোগীৰ বাবে আছুতীয়াকৈ বিচনা সাজু কৰি ৰখা হৈছে । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত মকড্ৰিলো কৰা হৈছে যাতে যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিব পৰা যায় । কিন্তু লক্ষণীয় বিষয় যে সাধাৰণ জনতাৰ মাজত ক'ভিডকলৈ তেনে কোনো ধৰণৰ সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক:Corruption in Reforestation: পুনৰ বনানীকৰণৰ নামত পবা সংৰক্ষিত বনাঞ্চলত ব্যাপক দুৰ্নীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.