ETV Bharat / state

ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 27 লৈ বৃদ্ধি

author img

By

Published : Jul 25, 2020, 9:01 PM IST

বৰষুণৰ মাত্ৰা হ্ৰাস পোৱা সত্বেও শোচনীয় হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি ৷ শনিবাৰে মৃতকৰ সংখ্যা 97 লৈ বৃদ্ধি ৷

ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 27 লৈ বৃদ্ধি
ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 27 লৈ বৃদ্ধি

গুৱাহাটী, 25 জুলাইঃ ৰাজ্যত উজনিৰ পৰা নামনি লৈকে বলিয়া বানৰ সংহাৰী ৰূপ অব্যাহত থকাৰ ফলত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি ৷ প্ৰতিদিনে নৈ-উপনৈ সমূহৰ পানী বৃদ্ধি পোৱাত প্লাবিত হৈছে ন ন অঞ্চল ৷ উফন্দি উঠা নৈ-উপনৈ সমূহৰ পানীৰ তলত ডুব গৈছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ বাঢ়নী পানীৰ মাজত ককবকাইছে লাখ লাখ লোক ৷

শনিবাৰে বৰষুণৰ মাত্ৰা কিছু হ্ৰাস পাইছে যদিও ৰাজ্যৰ বান পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই ৷ বৰঞ্চ অধিক বৃদ্ধিহে পাইছে ৷ শনিবাৰৰ দিনটোত ৰাজ্যৰ বান প্ৰভাৱিত জিলাৰ সংখ্যা ২৬ পৰা ২৭ লৈ বৃদ্ধি পাইছে ৷ ইপিনে মৰিগাঁও জিলাৰ মায়ঙত বানৰ ফলত পুনৰ এজন লোকৰ মৃত্যু হোৱাত চলিত বছৰত মৃতকৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পাইছে ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি শনিবাৰ সন্ধিয়াৰ ভাগলৈ ৰাজ্যত ৩৩ খন জিলাৰ ভিতৰত ২৭ খন জিলাৰ ৭১ টা ৰাজহ চক্ৰৰ ২,৩৭০ খন গাঁও বাঢ়নী পানীৰ তলত ডুব গৈ আছে ৷ বানপানীৰ ফলত বৰ্তমানলৈকে ৰাজ্যত প্ৰভাৱিত হৈ আছে ২৬,৩৭,৫১৩ গৰাকী লোক ৷

বান প্ৰভাৱিত লোক সকলৰ ভিতৰত লক্ষাধিক লোকে চৰকাৰী আশ্ৰয় শিবিৰত আশ্ৰয় লোৱাৰ লগতে বহু লোকে পথৰ কাষত আৰু মাথাউৰিৰ ওপৰতো আশ্ৰয় লবলৈ বাধ্য হৈছে ৷ ইফালে বৰ্তমানেও বানৰ কবলত আছে ৰাজ্যৰ ১,১৬,৯৩৯.৬৮ হেক্টৰ কৃষি ভূমি ৷

লগতে পঢ়কঃ মালিগাঁৱৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষীক জগৰীয়া কিয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.