ETV Bharat / state

মহানগৰীত আটক 26 গৰাকী সন্দেহযুক্ত ম্যানমাৰৰ নাগৰিক - গুৱাহাটীত ম্যামাৰৰ নাগৰিক আটক

মহানগৰীৰ ৰিহাবাৰীৰ লজৰ পৰা আটক 26 গৰাকী সন্দেহযুক্ত ম্যানমাৰৰ নাগৰিক ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ৷

26 suspected Myanmarese national apprehended in a raid at Rihabari Guwahati
মহানগৰীত আটক 26 গৰাকী সন্দেহযুক্ত ম্যানমাৰৰ নাগৰিক
author img

By

Published : Sep 13, 2021, 9:52 AM IST

নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ : দেওবাৰে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে ৰিহাবাৰীৰ এম এছ কামৰূপা লজত এক অভিযান চলায় ৷ এই অভিযানত 26 গৰাকী সন্দেহযুক্ত ব্যক্তিক আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন লোককেইজনৰ ভিতৰত 16 গৰাকী পুৰুষ আৰু 10 গৰাকী মহিলা ৷

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে ধৃত 26 গৰাকী লোকেই ম্যানমাৰৰ চীন প্ৰদেশৰ বাসিন্দা ৷ তেওঁলোকে বাইবেল (থিঅ’ল’জী) অধ্যয়নৰ বাবে দিল্লীলৈ যাবলৈ আহিছিল ৷ অভিযানকাৰী দলটোৱে তেওঁলোকৰ পৰা ভুৱা ভাৰতীয় নথি-পত্ৰ যেনে- আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদি জব্দ কৰিবলৈ সক্ষম হৈছে ৷

ইতিমধ্যে এই সন্দৰ্ভত পল্টন বজাৰ আৰক্ষী চকীত foreigners act 1946ৰ ধাৰা sec 14, passport(Entry into India) act 1920 ৰ ধাৰা 3/4 আৰু passport(Entry into India) rules 1950 ৰ ধাৰা 6 ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.