ETV Bharat / state

এছ এছ বি 24 বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন ৰঙিয়াত

author img

By

Published : May 30, 2019, 4:30 PM IST

2002 চনত স্থাপন কৰা এছ এছ বি 24 বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ বৰ্তমানে গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনত ৰঙিয়াৰ মৰাণজানত অৱস্থিত 24 এছ এছ বিয়ে ওদালগুৰি আৰু বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে ৷

এছএছবি 24 বেটালিয়ন

ৰঙিয়া, 30 মেঃ ভাৰত-ভূটানৰ লগতে ভাৰত-নেপাল সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা সশস্ত্ৰ সীমা বলৰ 24 বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ অসমৰ ৰঙিয়াৰ মৰাণজানস্থিত বাহিনীটোৰ মুখ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷

এছএছবি 24 বেটালিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন ৰঙিয়াত

অধিক পঢ়কঃবীৰ শ্বহীদ কালিদাস শৰ্মাৰ শেষকৃত্য সম্পন্ন

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে এছ এছ বি গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্যালয়ৰ ডি আই জি লহম থিনলী ৷ 24 এছ এছ বিৰ কামাণ্ডেন্ট হৃষিকেশ শৰ্মাৰ লগতে ডেপুটী কামাণ্ডেন্ট পংকজ শৰ্মাই আত ধৰা মুকলি সভাত উপস্থিত থাকে বাহিনীটোৰ বহুসংখ্যক বিষয়া-জোৱানৰ লগতে অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান তথা তেওঁলোকৰ পৰিয়ালৰ লোক ৷

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিষয়া-জোৱানসকলৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ খেল-ধেমালি প্ৰতিযোগিতাৰ সমান্তৰালকৈ বাহিনীটোৰ বিষয়া-জোৱানসকলে পাইপ বেণ্ডৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে ৷

Intro:সশস্ত্ৰ সীমা বল ২৪ নং বেটেলিয়ানৰ আজি সপ্তদশ প্ৰতিষ্ঠা দিৱস।Body:আজি সশস্ত্ৰ সীমা বল, ২৪ নং বেটেলিয়ানৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস। ২০০২ চনৰ আজিৰ দিনটোতেই ছিকিমৰ গেংটকত প্ৰতিষ্ঠা হৈছিল ভাৰতীয় সেনাবাহিনীৰ এই বিশেষ বেটেলিয়ানটোৰ। প্ৰাৰম্ভিক পৰ্য্যায়ত ভাৰত আৰু নেপালৰ লগতে ভাৰত ভুটান সীমাৰ সুৰক্ষাৰ দায়িত্বত থকা বেটেলিয়ানটোৱে আজি ৰঙিয়াৰ মৰানজনাস্থিত শিবিৰত উলহ মালহেৰে প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰে। দিনটোৰ আৰম্ভণি কৰা হয় এক মুকলি সভাৰে। সভাখন উদ্বোধন কৰে কমাণ্ডেণ্ট হৃষিকেষ শৰ্মাই। সভাখনত মুখ্য অতিথি ৰূপে উপষ্ঠিত থাকে ফ্ৰণ্টিয়াৰ গুৱাহাটীৰ ডি আই জি লহম থিনলী। লগতে উপষ্ঠিত থাকে ২৪নং বেটেলিয়ান, ৰঙিয়াৰ ডেপুটি কমাণ্ডেণ্ট পংকজ শৰ্মৰ আৰু অন‍্যান‍্য বিষয়াসকলৰ লগতে জোৱানসকল আৰু তেওঁলোকৰ পৰিয়াল বৰ্সগ।সভাখনত জোৱান সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলেও অনুষ্ঠান পৰিবেশন কৰে। সভাখনৰ মাজতে জোৱানসকলৰ মাজত হোৱা ৰাফেল ড্ৰৰ বিজয়ী সকলৰ নাম ঘোষণা কৰা হয়। ইয়াৰ পিছত খেল ধেমালিৰ লগতে আন আন কাৰ্য্যসূচীৰো আয়োজন কৰা হয়। সন্ধিয়া বেটেলিয়ানৰ জোৱানসকলৰ লগতে পৰিয়ালবৰ্গৰদ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
Bite:-হৃষিকেষ শৰ্মাConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.