ETV Bharat / state

বিশেষ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব 22,810 গৰাকী শিক্ষাৰ্থী - মেট্ৰিক পৰীক্ষা

পহিলা অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ ৰাজ্যত অনুষ্ঠিত হ’ব বিশেষ মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) । ৰাজ্যৰ মুঠ 302 টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা । বিকল্প মূল্যায়ন ব্যৱস্থাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকলৰ বাবে অনুষ্ঠিত হ’ব এই বিশেষ পৰীক্ষা । ইফালে হাই মাদ্ৰাছা(Madrasa) পৰীক্ষাত অৱতীৰ্ণ হ’ব 43 গৰাকী পৰীক্ষাৰ্থী ৷

special-hslc-exam
বিশেষ মেট্ৰিক পৰীক্ষা
author img

By

Published : Sep 26, 2021, 2:20 PM IST

গুৱাহাটী, 26 ছেপ্তেম্বৰ : ক’ভিড 19(Covid 19) পৰিস্থিতিৰ বাবে এইবাৰ অনুষ্ঠিত নহ’ল হাইস্কুল শিক্ষান্ত(HSLC) আৰু হাই মাদ্ৰাছা(Madrasa) পৰীক্ষা । তাৰ পৰিৱৰ্তে বিকল্প মূল্যায়ন ব্যৱস্থাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় । যাৰ ফলস্বৰূপে এইবাৰ উত্তীৰ্ণৰ হাৰে অভিলেখ সৃষ্টি কৰিলে ।

special-hslc-exam
বিশেষ মেট্ৰিক পৰীক্ষা

কিন্তু এই ফলাফলক লৈ সন্তুষ্ট হোৱা নাছিল বহু শিক্ষাৰ্থী । যাৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা(SEBA)ই বিকল্প মূল্যায়ন ব্যৱস্থাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Ranoj Pegu)ও এই কথা ঘোষণা কৰিছিল ।

সেই অনুসৰি, পৰিৱেশ কিছু ভাল হোৱাৰ বাবে 1 অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব বিশেষ মেট্ৰিক পৰীক্ষা । দুৰ্গা পূজা(Durga Puja)ৰ প্ৰাকক্ষণলৈ অৰ্থাৎ 11 অক্টোবৰলৈ চলিব এই পৰীক্ষা । পূৰ্বৰ দৰে তিনি ঘণ্টাৰ বিপৰীতে দুঘণ্টা সময় ধৰি হ’ব পৰীক্ষা । এই পৰীক্ষাত ৰাজ্যৰ মুঠ 302 টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব 22,810 গৰাকী পৰীক্ষাৰ্থী ।

special-hslc-exam
বিশেষ মেট্ৰিক পৰীক্ষা

আনহাতে, মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হ’ব কেৱল মাত্ৰ 43 গৰাকী ছাত্ৰ-ছাত্ৰী ৷ হাই মাদ্ৰাছা পৰীক্ষাৰ কেন্দ্ৰ হৈছে 23 টা ৷ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ছেবাই । যিসকলে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব, তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পৰীক্ষাৰ মাৰ্কশ্বীট(Marksheet)। কিন্তু মূল্যায়ন পদ্ধতিৰ মাৰ্কশ্বীট প্ৰযোজ্য নহ’ব ।

এই বিশেষ পৰীক্ষাৰ ফলত ৰেংক অথবা স্থান থাকিবনে নাই, সেয়া এতিয়ালৈকে স্পষ্ট কৰা নাই ছেবাই । পূৰ্বৰ দৰে সকলো কেন্দ্ৰত চিচিটিভি কেমেৰাৰ ব্যৱস্থাৰ লগতে থাকিব ফ্লায়িং স্কোৱাড ।

উল্লেখ্য যে, বিকল্প মূল্যায়ন ব্যৱস্থাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ 4 লাখৰো অধিক শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল । নতুনকৈ হ’বলগীয়া বিশেষ পৰীক্ষাৰ ফলাফল অতি কমদিনৰ ভিতৰতে ঘোষণা কৰা হ’ব বুলি ছেবা কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : দুগৰাকী অসমীয়াৰ দুটা ভাল লগা খবৰ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.