ETV Bharat / state

লোককৃষ্টিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান - প্ৰতিমা পাণ্ডে বঁটা

Pratima Barua Pandey Award: লোককৃষ্টিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ আগবঢ়োৱা হয় পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ৷ ‘ভাল সৃষ্টিয়ে যি আনন্দ দিয়ে টকা পইচাই সেই আনন্দ নিদিয়ে’ বুলি মন্তব্য কৰে ৰহেন্দ্ৰ নাথ ব্ৰহ্মই ৷

21st death anniversary of Pratima Barua Pandey observed in guwahati
প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 7:33 PM IST

প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান

গুৱাহাটী, ২৭ ডিচেম্বৰ : গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ বুধবাৰে 21সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয় । সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে চান্দমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত উদযাপন কৰে মৃত্যু বাৰ্ষিকী । এই অনুষ্ঠানতে লোককৃষ্টিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, অংগবস্ত্ৰ, মানপত্ৰ আৰু নগদ ধন ।

লোককৃষ্টিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মই বঁটা গ্ৰহণ কৰি প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধাঞ্জলি জনায় ৷ এইবৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা গ্ৰহণ কৰি তেওঁ কয়, ‘সদৌ অসম ছাত্ৰ সন্থাৰ দয়া ক্ৰমে মোক বহু কষ্ট কৰি বিচাৰি আনিছে । প্ৰতিমা বৰুৱা পাণ্ডেৰ নামৰ বঁটা মোক প্ৰদান কৰিছে, মই বহুত আনন্দিত হৈছো । মই মৰি গ’লেও আৰু দুখ নাথাকিব । টকা-পইচা নালাগে । শিল্পীৰ কাৰণে টকা পইচা ইমান ডাঙৰ কথা নহয় । সৃষ্টি কৰিব পৰাটোহে ডাঙৰ কথা । ভাল সৃষ্টিয়ে যি আনন্দ দিয়ে টকা পইচাই সেই আনন্দ নিদিয়ে ৷’

অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘প্ৰতিবছৰে আমি একোগৰাকী লোককৃষ্টিৰ সাধকক বঁটা প্ৰদান কৰি আহিছো ৷ উদ্দেশ্যে এটাই- নীৰৱে যিসকলে লোকসংস্কৃষ্টিৰ পথাৰখনত অৱদান আগবঢ়াইছে ৰাজহুৱাভাৱে তেওঁলোকক সন্মান প্ৰদান কৰা, যাতে তেওঁলোকে অধিক উৎসাহেৰে কাম কৰিব পাৰে ।’ লোকসংকৃষ্টিৰ সাধক সকলৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ কথা তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয়, ‘প্ৰতিমা বৰুৱা পাণ্ডে মাটিয়াবাগৰ ঘৰটো সংৰক্ষণ কৰিব লাগে । চৰকাৰে কৰিম বুলি কৈছে । ধন দিছে । কিন্তু কেনেকৈ, কেতিয়া সংৰক্ষণ হ’ব ?’ নিৰ্দিষ্ট সময়ৰ ভিতৰত সৰ্বাংগসুন্দৰভাবে নৱ প্ৰজন্মই জ্ঞান আহৰণ কৰিব পৰাকৈ সংৰক্ষণ হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে । অনুষ্ঠানত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সভাপতি উৎপল শৰ্মা উপস্থিত থাকি চমু ভাষণ প্ৰদান কৰে ।

উল্লেখ্য যে, ২০০৭ চনৰে পৰা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰদান কৰি অহা হৈছে এই বঁটা । ২০০৭ চনৰ পৰা ২০২২ চনলৈ এই বঁটা প্ৰাপক লোককৃষ্টিৰ সাধকসকল হৈছে ক্ৰমে, বিমল মালী, সীতানাথ ৰায়, তুলসী নেওগ ওজা, ফুলকুমাৰী কলিতা, শুক্ৰাচাৰ্য্য ৰাভা, ড৹ অনিল শইকীয়া, মুহিবুৰ ৰহমান, জয়াচৰন বাথাৰী, দীপক কুমাৰ পাম, স্নেহলতা দাস, চন্দ্ৰ ছিং ক্ৰ, শম্ভু ৰাভা, বিনোদ সনাল, পবিত্ৰ ৰাভা, খগেন গগৈ, একলব্য গাম ।

লগতে পঢ়ক : কণ্ঠশিল্পী চাজুৰ সৈতে ইটিভি ভাৰত অসমৰ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.