ETV Bharat / state

অজিত কুমাৰ ভূঞাৰ সৈতে ইটিভি ভাৰত অসমৰ আছুটীয়া সাক্ষাৎকাৰ

author img

By

Published : Jun 28, 2020, 10:25 PM IST

"আঞ্চলিক গণ মৰ্চা" সাজু হৈছে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৷ সকলো আঞ্চলিকতাবাদী শক্তিক এখন মঞ্চত একত্ৰিত কৰি ২০২১ ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সমীকৰণ ৰচনা কৰিছে মৰ্চাই ।

2021 assam assambly election ajit kumar bhuyan a rigonal  party anchaliyk manso
অজিত কুমাৰ ভূঞাৰ সৈতে ইটিভি ভাৰত অসমৰ আছুটীয়া সাক্ষাৎকাৰ

গুৱাহাটী,২৮জুনঃ ৰাজ্যৰ আঞ্চলিকতাবাদী ধাৰাটোক গতিশীল, দৃঢ় আৰু শক্তিশালী কৰিবলৈ ইতিমধ্যে সাংসদ অজিত কুমাৰ ভূঞাৰ উদ্যোগত জন্ম হোৱা "আঞ্চলিক গণ মৰ্চা" সাজু হৈছে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৷সকলো আঞ্চলিকতাবাদী শক্তিক এখন মঞ্চত একত্ৰিত কৰি ২০২১ ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সমীকৰণ ৰচনা কৰিছে মৰ্চাই । নিশ্চিতভাৱে এই মঞ্চখন হব "কা" বিৰোধী আন্দোলনত জপিয়াই পৰা আঞ্চলিক শক্তিসমূহৰ উমৈহতীয়া মঞ্চ । সিবিলাক ৰাজনৈতিক শক্তিও হব পাৰে অৰাজনৈতিকো হব পাৰে । এই মৰ্চাৰ সৈতে সংপৃক্ত হৈ থাকিব বিভিন্ন জনগোষ্ঠীয় সংগঠনো । ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ, বিশিষ্ট সাংবাদিক তথা গণ মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই ।

প্ৰশ্ন উঠে- আঞ্চলিক ৰাজনৈতিক শক্তি বুলিলে প্ৰথমেই চৰ্চালৈ অহা নামটো হৈছে "অসম গণ পৰিষদ"। তেনেক্ষেত্ৰত পোনপটীয়াকৈ বিজেপিৰ বিৰুদ্ধাচৰণ কৰি ৰণত নামিব খোজা গণ মৰ্চাৰ দৃষ্টিভংগী অগপৰ ক্ষেত্ৰত কেনে হব ? এই প্ৰশ্নৰ উত্তৰত ভূঞাৰ মন্তব্য -অগপ এতিয়া আৰু আঞ্চলিক শক্তি হৈ থকা নাই । তেওঁলোক বিজেপিত বিলীন হৈ গৈছে । আনহাতে, বড়োভূমিৰ ৰাজনীতিৰ ধাৰাটো যিহেতু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ ৰাজনৈতিক ধাৰাতকৈ সুকীয়া, তেনেক্ষেত্ৰত বি পি এফ বা বড়োভূমিৰ আন ৰাজনৈতিক দলৰ লগত মৰ্চাৰ সম্পৰ্ক কেনে হব ?

এই প্ৰশ্নৰ উত্তৰতো অতি কৌশলী উত্তৰ দি ভূঞাই কয় -এইজন হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ চৰকাৰখনক সকলো ফালৰ পৰা সহায় কৰি থৈছে । এতিয়া বিজেপিয়ে তেওঁক কেনে নগুৰ নাকটি কৰিছে সকলোৱে দেখিছে। বিজেপিৰ সংগ ত্যাগ কৰিলে বি পি এফৰ সৈতে গণ মৰ্চাই সম্পৰ্ক গঢ়ি তোলাৰো ইংগিত দিয়ে সাংসদ ভূঞাই।ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচন আৰু আঞ্চলিক ৰাজনৈতিক শক্তি সন্দৰ্ভত আৰু কি কি ক'লে সাংসদ অজিত কুমাৰ ভূঞাই ।

লগতে পঢ়কঃ বিটিচিত বিপিএফে চৰকাৰ গঠন কৰাটো নিশ্চিতঃ হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.