ETV Bharat / state

২০২০-২১ শিক্ষাবৰ্ষৰ সকলো নামভৰ্তি হ'ব অনলাইন প্ৰক্ৰিয়াত

২০২০-২১ বৰ্ষৰ বাবে নতুনকৈ হটবলগীয়া নামভৰ্তি প্ৰক্ৰিয়াত সকলো শিক্ষানুষ্ঠানে কেতবোৰ নিয়ম মানি চলিব লাগিব । ক'ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

author img

By

Published : Jun 11, 2020, 10:20 PM IST

২০২০-২১ শিক্ষাবৰ্ষৰ সকলো নামভৰ্তি হ'ব অনলাইন প্ৰক্ৰিয়াত
২০২০-২১ শিক্ষাবৰ্ষৰ সকলো নামভৰ্তি হ'ব অনলাইন প্ৰক্ৰিয়াত

গুৱাহাটী, ১১ জুনঃ ২০২০-২১ বৰ্ষৰ নামভৰ্তি ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানে কৰিব লাগিব অনলাইন প্ৰক্ৰিয়াৰে । ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই ইতিমধ্যে জাৰি কৰিছে এই সম্পৰ্কীয় যাৱতীয় নিৰ্দেশনা । নিৰ্দেশটোত কোৱা হৈছে যে ২০২০-২১ বৰ্ষৰ বাবে নতুনকৈ হ'বলগীয়া নামভৰ্তি প্ৰক্ৰিয়াত সকলো শিক্ষানুষ্ঠানে কেতবোৰ নিয়ম মানি চলিব লাগিব । কোভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই অনুসৰি কোনো বিশ্ববিদ্যালয়,কোনো চৰকাৰী মহাবিদ্যালয়,প্ৰাদেশীকৃত মহাবিদ্যালয়,অভিযান্ত্ৰিক মহাবিদ্যালয়,কাৰিকৰী মহাবিদ্যালয় আদিয়ে নতুন নামভৰ্তিৰ বাবে কোনোধৰণৰ মুখামুখী সাক্ষাৎকাৰ আদি অনুষ্ঠিত কৰিব নোৱাৰিব।

নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ সকলো নথি পত্ৰ স্কেন কৰি অনলাইন যোগে নামভৰ্তি কৰিব খোজা শিক্ষানুষ্ঠানক অনলাইন যোগে জমা দিব লাগিব । লগতে আপলোড কৰিব লাগিব বেংক একাউন্টৰ সবিশেষকে ধৰি সকলো তথ্য। সেই অনুসৰি অনলাইন যোগেই হ'ব সকলো নামভৰ্তি ।

লগতে চাওকঃ তিনিচুকীয়াত আটক এনএছচিএন(আৰ) কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.