ETV Bharat / state

ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 108 লৈ বৃদ্ধি - স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট

ৰাজ্যত কৰ'ণাত আক্ৰান্ত 3 জন লোকৰ মৃত্যু । সক্ৰিয় ৰোগীৰ সংখ্যা 62 হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 41 গৰাকীয়ে ৷

ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 108 লৈ বৃদ্ধি

author img

By

Published : May 18, 2020, 11:48 AM IST

Updated : May 18, 2020, 10:10 PM IST

গুৱাহাটী,18 মেঃ ৰাজ্যত পুনৰ কৰ'ণাত আক্ৰান্ত 6 জন লোক চিনাক্ত। আক্ৰান্ত ৰোগীসকলৰ 4 জন গোলাঘাটৰ আৰু 2 জন কাছাৰৰ । এইপৰ্যন্ত ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 108 লৈ বৃদ্ধি । সক্ৰিয় ৰোগীৰ সংখ্যা 62 হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 41 গৰাকীয়ে ৷

সোমবাৰে পুৱাৰ ভাগত ৰাজ্যত চিনাক্ত হৈছিল দুজনকৈ কৰ'ণাত আক্ৰান্ত ব্যক্তি । ইয়াৰ এজন যোৰহাটৰ আৰু এজন নগাঁৱৰ । ইতিমধ্যে দুয়ো কোৱাৰেন্টাইন কেন্দ্ৰত আছিল বুলি জানিবলৈ দিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

নিশাৰ ভাগলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা 6 গৰাকীলৈ বৃদ্ধি পায় ৷

আনহাতে, সোমবাৰে কৰ'ণাত আক্ৰান্ত আন এজন লোকৰ মৃত্যু হয় । স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই কথা । মুম্বাইত চিকিৎসাৰ বাবে যোৱা 71বৰ্ষীয় গোপিন্দ্ৰ চন্দ্ৰ মালাকাৰৰ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । ইতিমধ্যে যাৱতীয় আনুষ্ঠানিকতাৰ বাবে উপায়ুক্তক খবৰ দিয়া হৈছে ।

লগতে পঢ়ক-লকডাউন 4.0ঃ 100 শতাংশ কৰ্মচাৰীৰে কাম কৰিব পাৰিব ৰাজ্যৰ কাৰ্যালয়সমূহে

Last Updated : May 18, 2020, 10:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.