গুৱাহাটী,১৯ ছেপ্টেম্বৰ: অসম চৰকাৰে সোমবাৰে সূক্ষ্ম, লঘু আৰু মধ্যম উদ্যোগখণ্ডৰ দ্ৰুত ঔদ্যোগীকৰণ আৰু পুনৰগঠনৰ বাবে দুখনকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে(Rapid industrialization) । গুৱাহাটীৰ প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়(Two MoUs signed by the state government) ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সূক্ষ্ম আৰু লঘু উদ্যোগৰ বিত্তীয় প্ৰৱেশাধিকাৰ সহজ কৰিবলৈ অসম ক্ৰেডিট নিশ্চিতি আঁচনি(Assam Credit Guarantee Scheme)ৰ বাবে অসম চৰকাৰে ক্ৰেডিট গ্যেৰাণ্টী ফাণ্ড ট্ৰাষ্ট ফৰ মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজ (CGTMSE) আৰু অসম ষ্টার্টআপ ভেঞ্চাৰ ফাণ্ডৰ বাবে ছিডবি ভেঞ্চাৰ কেপিটেল লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ।
তেঁও লগতে কয় যে ছিডবি ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ২০০ কোটি টকা । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ১০০ কোটি টকা, ছিডবিয়ে ৫০ কোটি টকা আৰু অন্যান্যসকলে ৫০ কোটি টকা আগবঢ়াব । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে অসম লজিষ্টিকছ আৰু ৱেৰ হাউছিং পলিচী ২০২২ মুকলি কৰে(Warehouse Housing Policy 2022 launched) ।
অসম লজিষ্টিকছ আৰু ৱেৰ হাউছিং পলিচী ২০২২ মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে লজিষ্টিকছ আৰু ৱেৰ হাউছিং পলিচী হৈছে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰি অসমক আঞ্চলিক লজিষ্টিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে লোৱা এক পদক্ষেপ । অনুষ্ঠানত মন্ত্রী বিমল বড়া, ছিডবিৰ মুখ্য পৰিচালন সঞ্চালক এছ ৰমন আৰু অন্যান্য ব্যক্তিসকল উপস্থিত থাকে ।
লগতে পঢ়ক: বিধানসভাৰ অন্তিম দিনত ১৩ খনকৈ বিধেয়ক গৃহীত