ETV Bharat / state

অসমৰ ১,৭০০ খন গাঁৱক "আদৰ্শ গাঁও" হিচাপে নিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰৰ - Ministry of Tribal Affairs

ভাৰতবৰ্ষৰ ৩৬ হাজাৰখন জনজাতীয় গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে । এই ৩৬ হাজাৰখন গাঁৱৰ ভিতৰত অসমৰ ১,৭০০ খন গাঁও থাকিব ।

1,700 villages in Assam selected for Adarsh Gaon
অসমৰ ১,৭০০ খন গাঁৱক "আদৰ্শ গাঁও" ৰ বাবে নিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰৰ
author img

By

Published : Sep 13, 2021, 6:04 PM IST

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : যিসমূহ গাঁৱত ৫০ শতাংশতকৈও অধিক জনজাতীয় লোক বাস কৰে ভাৰতবৰ্ষৰ তেনে ৩৬ হাজাৰখন গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে । এই ৩৬ হাজাৰখন গাঁৱৰ ভিতৰত অসমৰ ১,৭০০ খন গাঁও থাকিব । গুৱাহাটীত সোমবাৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অৰ্জুন মুণ্ডাই ।

সংবাদমেলত তেওঁ আৰু কয় যে, ইতিমধ্যে এই প্ৰক্ৰিয়া বিভাগীয়ভাৱে আৰম্ভ কৰা হৈছে । দুদিনীয়া ভ্ৰমণসূচী লৈ দেওবাৰে আহি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কালি অসমৰ জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে কেনেধৰণে ৰাজ্য চৰকাৰখনে কাম কৰিছে সেই বিষয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ সৈতে এক পৰ্যালোচনা বৈঠকতো মিলিত হৈছিল ।

লগতে পঢ়ক: বিহালীৰ ৰাংছালীত ব্ৰহ্মপুত্ৰত উদ্ধাৰ নথি-পত্ৰ বেগ

মন্ত্ৰী গৰাকীয়ে কয় যে, অসম চৰকাৰে এই ক্ষেত্ৰত কৰি অহা বিভিন্ন কাম দেখি তেওঁ সন্তোষ প্ৰকাশ কৰিছে । তেওঁ লগতে আৰু কয় যে, জনজাতীয় লোকসকলৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ বাবে আৰু তেওঁলোকৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰী বিপনন কৰাৰ লগতে সিবিলাকৰ উচিত মূল্য যাতে তেওঁলোকে লাভ কৰে তাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে ।

ইয়াৰ বাবে সম্প্ৰতি অসমত বিভাগটোৰ ১২৪ টা বন্ধন কেন্দ্ৰ আছে যদিও শীঘ্ৰে ইয়াৰ সংখ্যা বৃদ্ধি কৰি ১৮৪ টা কৰা হ'ব বুলিও অৰ্জুন মুণ্ডাই সংবাদমেলত সদৰী কৰে । এনে প্ৰতিটো কেন্দ্ৰৰ সৈতে প্ৰায় তিনিশ লোক জড়িত হৈ থাকে । সেই হিচাপত অসমত এতিয়া প্ৰায় ৩৬ হাজাৰ লোক এনে বন্ধন কেন্দ্ৰ সমূহৰ সৈতে জড়িত হৈ আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: "মা-কমলা" ফেৰীৰ মালিক পানীৰাম কলিতাক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.