ETV Bharat / state

Assam Police Recruitment : ভুৱা প্ৰমাণ পত্ৰ দাখিলৰ অভিযোগত আৰু ৬ জনক গ্ৰেপ্তাৰ - Fake computer certificate case in Assam Police

১৭ জনলৈ বৃদ্ধি হৈছে ভুৱা কম্পিউটাৰ পাঠ্যক্ৰমৰ প্ৰমাণ-পত্ৰ দাখিল কৰি গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থীৰ সংখ্যা (17 candidate of Assam Police arrested for fake certificate) । শুকুৰবাৰে আৰু ৬ জনক গ্ৰেপ্তাৰ ।

AP
AP
author img

By

Published : Oct 21, 2022, 7:01 PM IST

গুৱাহাটী, ২১ অক্টোবৰ : বক্ৰ পথেৰে আৰক্ষীৰ চাকৰি ল'বলৈ গৈ চিআইডিৰ (CID) জালত চাকৰি প্ৰাৰ্থী । ইজনৰ পৰা সিজনকৈ গ্ৰেপ্তাৰ হৈছে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভুৱা নথি-পত্ৰ দাখিল কৰা প্ৰাৰ্থী (Fake Certificate scam in Assam Police recruitment) ।

সম্প্ৰতি ১৭ জনলৈ বৃদ্ধি হৈছে ভুৱা কম্পিউটাৰ পাঠ্যক্ৰমৰ প্ৰমাণ-পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ গ্ৰেপ্তাৰৰ সংখ্যা । এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে (Fake computer certificate case in Assam Police) । উল্লেখ্য, বৃহস্পতিবাৰে পুনৰ চিআইডিয়ে গ্ৰেপ্তাৰ কৰে ৬ প্ৰাৰ্থীক (CID arrested 6 candidate of Assam Police) ।

ইয়াৰে ৪ জন প্ৰাৰ্থীক চিআইডিৰ কাৰ্যালয়ত আৰু দুজনক ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ ৬ প্ৰাৰ্থী ক্ৰমে জাহিদুল ইছলাম খান, টুপেন মেধি, গুণমণি নাথ, ৰাজা ঠাকুৰ, মিৰ্জা গালিব আৰু অন্য এজনক গ্ৰেপ্তাৰ হৈছে । ইয়াৰে ৰাজা ঠাকুৰ আৰু মিৰ্জা গালিবক ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । লক্ষণীয়ভাৱে ৰাজা ঠাকুৰে ২৩ ছেপ্টেম্বৰত নিযুক্তি লাভ কৰিছিল ।

১ নৱেম্বৰত কৰ্তব্যত যোগদান কৰাৰ কথা আছিল ৰাজা ঠাকুৰে । উল্লেখ্য, এই ভুৱা কম্পিউটাৰ প্ৰমাণ-পত্ৰ দাখিল কেলেংকাৰীত ইতিপূৰ্বে ১১ জন প্ৰাৰ্থী গ্ৰেপ্তাৰ হৈছে । তেওঁলোক হৈছে ক্ৰমে আতিকুৰ ৰহমান, অলি উল্লাহ, মুস্তাফিজুৰ ৰহমান, আব্দুল ৰহমান, সমৰ দাস, জাবিদ আহমেদ, ফিৰোজ আহমেদ, ইছমাইল হুছেইন, দিলদাৰ আল হুছেইন, অশোক বৰ্মন আৰু অনিৰ্বাণ দাস ।

উল্লেখ্য, অসম আৰক্ষীৰ কনিষ্টবল পৰ্যায়ৰ পৰীক্ষাত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভুৱা-নথি দাখিল কৰাৰ বিষয়ত সন্দৰ্ভত চিআইডিত ৫/২২ নম্বৰত এটি গোচৰ ৰুজু হৈছিল । ২০১৮ চনত অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰি ২০২১ চনত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ২০২২ চনৰ ২০ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল প্ৰাৰ্থীসকল । ১২ মে’ত ইয়াৰ ফলাফল ঘোষণা কৰা হৈছিল । কিন্তু ৪১৪ জন প্ৰাৰ্থীৰ কম্পিউটাৰ প্ৰমাণ-পত্ৰ ভুৱা বুলি ফলাফল স্থগিত কৰি ৰখিছিল ।

লগতে পঢ়ক :Raid in Dibrugarh DTO House: ডিব্ৰুগড়ত উজান উঠিছে অচল-সচল টকাৰ, অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.