ETV Bharat / state

গুৱাহাটী চিনে ক্লাবৰ ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন - গুৱাহাটী জিলা পুথিভঁৰাল

16th IGFF: অহা ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন । গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব এই মহোৎসৱ।

16th International Guwahati Film Festival organized by Guwahati Cine Club
আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱ
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 5:24 PM IST

আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র মহোৎসব

গুৱাহাটী, 4 ডিচেম্বৰ: গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত আয়োজন কৰা হ’ব ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ । অহা 6 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ পাঁচদিনীয়াকৈ গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হ’ব এই মহোৎসৱ । 5 দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত দেশ-বিদেশৰ মুঠ 17খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব ।

উদ্বোধনী চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শিত হ’ব মৃদুল গুপ্তাৰ পৰিচালিত কাৰ্বি ভাষাৰ চলচ্চিত্ৰ ‘মিৰবীন’ । ‘মিৰবীন’ ছবিখনে ইতিমধ্যে গোৱাত সদ্য সমাপ্ত ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া (IFFI)ত ইণ্ডিয়ান পেনোৰামা শাখাত প্ৰদৰ্শিত হয় ৷ যাৰ বাবে দর্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে । লগতে এই চলচ্চিত্ৰ মহোৎসৱত জাৰ্মানী, ফ্ৰান্স, শ্ৰীলংকা, ইজিপ্ত, পৰ্টুগাল, বাংলাদেশ, ভাৰতীয় ভাষাৰ বাংলা, অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব ।

লগতে প্ৰদৰ্শন কৰা হ’ব হাঙ্গেৰীৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মিকলচ্ জেকো (Miklos Juncso)ৰ তিনিখন চলচ্চিত্ৰ ৰেট্ৰস্পেক্টিভ শিতানত প্ৰদৰ্শিত হ’ব । পোলেণ্ডৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ক্রিছটভ কিচ্‌লস্কিৰ থ্ৰী কালাৰ্চৰ ৰেড, হোৱাইট আৰু ব্লু এই তিনিখন চলচ্চিত্ৰ গ্ৰেট মাষ্টার্চ শিতানত প্ৰদৰ্শিত হ’ব । ইয়াৰ উপৰিও অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱাই পৰিচালনা কৰা "ললিতা" নামৰ চলচ্চিত্ৰখনৰ 50 বছৰ উপলক্ষে প্ৰদৰ্শন কৰা হ’ব ।

উল্লেখ্য যে, চিৰসেউজ অভিনেতা দেৱ আনন্দৰ জন্ম শতবর্ষ উপলক্ষে প্ৰদৰ্শন কৰা হ’ব তেওঁ অভিনয় কৰা বহু প্ৰশংসিত ছবি 'গাইড' । এই চলচ্চিত্ৰ মহোৎসৱতে চুটি ছবিৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । প্ৰতিযোগিতা শিতানত নিৰ্বাচিত হোৱা চুটি চলচ্চিত্ৰসমূহ 6 ডিচেম্বৰত দিনৰ 1 টা বজাৰ পৰা মহোৎসৱৰ স্থানতে প্ৰদর্শন কৰা হ’ব ।

লগতে পঢ়ক: পাঠান-জৱানৰ পিছত ছেম বাহাদুৰত উজলিল তিনি অসম সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.