গুৱাহাটী, 18 এপ্ৰিল : ৰাজ্যৰ বনাঞ্চলসমূহ বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে উচ্ছেদ অভিযান চলাই আহিছে যদিও এতিয়াও হাজাৰ হাজাৰ হেক্টৰ বনভূমি বেদখলকাৰীৰ কবলত আছে । কেৱল সংৰক্ষিত বনাঞ্চলে নহয় কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্রাণী অভয়াৰণ্যও সুৰক্ষিত হৈ থকা নাই । চৰকাৰী তথ্য মতে ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী সংৰক্ষিত অভয়াৰণ্যৰ ১৬,৯৪৫ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত পৰিছে (Encroachment in Assam) ।
সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কাজিৰঙাত উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰা হৈছিল যদিও আন ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী সংৰক্ষিত অভয়াৰণ্যৰ হাজাৰ হাজাৰ হেক্টৰ এলেকা এতিয়াও বেদখলমুক্ত হোৱা নাই । লক্ষণীয় বিষয় যে ৰাজ্যৰ বনভূমিৰ পৰিমাণ দিনে দিনে হ্রাস পাই আহিছে । উল্লেখ্য যে, চৰকাৰে বেদখলৰ বিৰুদ্ধে কঠোৰভাৱে অভিযান চলাই আহিছে যদিও বেদখলকাৰীয়ে নতুন নতুন এলেকা বেদখল কৰি গৈছে । বনাঞ্চলৰ মাটিত খেতি কৰা বা মানুহে বসবাসৰ বাবে উপযোগী কৰি লোৱাত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত তীব্ৰ হৈছে (Men wild elephant conflict in Assam) ।
বন বিভাগৰ তথ্য মতে পৰ্যটকক আকৰ্ষিত কৰা মানাহ, ডিব্ৰু ছৈখোৱা, নামেৰী আদি ৰাষ্ট্ৰীয় উদ্যানো বেদখলমুক্ত নহয় । তথ্য অনুসৰি উচ্ছেদ অভিযানৰ যোগেদি ২০১৫-১৬ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ ৮ টা বছৰত মুঠ ১৪৩৭৩.৯১ হেক্টৰ মাটি বেদখলমুক্ত কৰা হৈছে । কিন্তু তৎসত্বেও ১২ খন ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী সংৰক্ষিত অভয়াৰণ্যত বিস্তৰ এলেকা বেদখলকাৰীৰ কবলত আছে । ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী সংৰক্ষিত অভয়াৰণ্যত সন্দেহযুক্ত লোকৰ লগতে স্থানীয় লোকৰো আগ্রাসন হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে (Eviction against Encroachment) ।
বুঢ়া চাপৰি অভয়াৰণ্য উচ্ছেদ চলোৱাৰ সময়ত এই কথা স্পষ্ট হৈ পৰিছে যে, অভয়াৰণ্যসমূহ সন্দেহযুক্ত লোকৰ বাসভূমি হৈ পৰিছে । উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মণিপুৰত ৭৮.০১ শতাংশ, মেঘালয়ত ৪২.৩৪ শতাংশ, মিজোৰামত ৩৫.৪৮ শতাংশ, নগালেণ্ডত ৫২ শতাংশ বনাঞ্চল থকাৰ বিপৰীতে অসমত থকা বনাঞ্চলৰ পৰিমাণ মাত্র ২৩.৫৮ শতাংশ । অৱশ্যে সৰ্বভাৰতীয় হাৰতকৈ অসমত বনাঞ্চলৰ পৰিমাণ কিছু বেছি । ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী সংৰক্ষিত অভয়াৰণ্য অসুৰক্ষিত হোৱাৰ ফলত ভৱিষ্যতে বনভূমিৰ পৰিমাণ আৰু অধিক হ্রাস পোৱাটো নিশ্চিত হৈ পৰিছে (Encroachment in Reserved Forest) ।
ইফালে বনাঞ্চলসমূহ বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই । ২০১৫-১৬ বৰ্ষত ৪৩১.৫০ হেক্টৰ ভূমিতহে উচ্ছেদ চলোৱা হৈছিল । অৱশ্যে ২০১৬-১৭ বছৰত ৰাজ্য চৰকাৰে ৩২৫৬.৫৪ হেক্টৰ মাটিত উচ্ছেদ চলাই বেদখলমুক্ত কৰিছিল । আনহাতে ২০১৭-১৮ বৰ্ষত ৪৬৫.৯১ হেক্টৰ বনভূমি বেদখলমুক্ত কৰাৰ বিপৰীতে ২০১৮-১৯ বৰ্ষত ৩৭৪৭.৩৬ হেক্টৰ মাটি বেদখলমুক্ত কৰা হয় । ২০১৯-২০ বৰ্ষত ৪৯০.৭৯ হেক্টৰ, ২০২০-২১ বৰ্ষত ১৯৫.৭৯ হেক্টৰ, ২০২১-২২ বৰ্ষত ২৪০৬.১১ হেক্টৰ আৰু ২০২২-২৩ বৰ্ষত ৩৩৮০.৫০ হেক্টৰসহ মুঠ ১৪,৩৭৩.৯১ হেক্টৰ বনাঞ্চলৰ মাটি বেদখলমুক্ত কৰা হৈছে ।
বন বিভাগৰ তথ্য মতে, ৰাষ্ট্ৰীয় উদ্যান মানাহ, ডিব্ৰু ছৈখোৱা, নামেৰীৰ লগতে বৰনদী, বৰাইল পশ্চিম, বৰাইল পূব, সোণাই ৰূপাই, ভেজান-বৰ্জান-পদুমনি, চক্রশিলা, আমচাং, লাওখোৱা আৰু বুঢ়া চাপৰি আদি বন্যপ্রাণী অভয়াৰণ্যত মুঠ ১৬,৯৪৪.৯৩ হেক্টৰ মাটি এতিয়াও বেদখলকাৰীৰ কবলত আছে । তথ্য মতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প, দিহিং পাটকাই, ৰাইমনা, হোলোঙাপাৰ, পানীদিহিং পক্ষী অভয়াৰণ্য, নামবৰ আদি বন্যপ্রাণী অভয়াৰণ্য বেদখলকাৰীৰ কবলত পৰা নাই ।
লগতে পঢ়ক : Latasil Bihu Samragi 2023 : প্ৰতিক্ষাৰাণী বৰগোঁহাইৰ শিৰত জিলিকিল লতাশিল বিহু সম্ৰাজ্ঞী 2023 ৰ মুকুট