ETV Bharat / state

Opposition meet Updates : আসন বুজাবুজিৰ বাবে ২৬ অক্টোবৰত বৈঠকত মিলিত হ’ব বিৰোধী ঐক্য মঞ্চ

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 1:50 PM IST

গুৱাহাটীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ১২টা বিৰোধী ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চৰ বৈঠক । থাকিব প্ৰতিটো দলৰ নেতৃত্ব । সকলোৱে ৰাখিব নিজৰ মতামত ।

Opposition meet Updates
২৬ অক্টোবৰত বহিব বিৰোধী ঐক্য মঞ্চ

গুৱাহাটী, ২১ অক্টোবৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বাবে ২৬ অক্টোবৰত বৈঠকত মিলিত হ'ব বিৰোধী ঐক্য মঞ্চ । বিজেপিক প্ৰতিহত কৰাৰ স্ব‍াৰ্থত অসমত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১২ টাকৈ বিৰোধী ৰাজনৈতিক দল । এ আই ইউ ডি এফক বাদ দি বাকী প্ৰায় সকলো বিৰোধী দলেই ঐক্যবদ্ধ হৈ গঠন কৰিছে বিৰোধী ঐক্য মঞ্চ । ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 'INDIA' ৰ দৰে অসমত ঐক্যবদ্ধ হৈছে ১২ টা দল ।

ইতিমধ্যে অসমত গঠন হোৱা বিৰোধী ঐক্য মঞ্চই কেইবালানি বৈঠকত মিলিত হৈছে যদিও লোকসভা নিৰ্বাচনত কাৰ কিমান আসন থাকিব, সেই লৈ আলোচনা কৰা নাই । বিৰোধী ঐক্য মঞ্চই প্ৰতিটো সমষ্টিত উমৈহতীয়া একোজন প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লক্ষণীয় বিষয় যে, দীঘলীয়া সময় বিৰোধী ঐক্য মঞ্চৰ কোনো ধৰণৰ বৈঠক অনুষ্ঠিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত বিৰোধী ঐক্যত আউল লগা পৰিলক্ষিত হৈছে । বিশেষকৈ আসনৰ প্ৰসংগক লৈ মনোমালিন্য হোৱা দেখা গৈছে । ইফালে কংগ্ৰেছৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে ৮৪ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পিচত বিৰোধী ঐক্যত থকা দলসমূহৰ মাজত অসন্তুষ্টিয়ে বিৰাজ কৰিছে । যাৰ সুযোগ গ্ৰহণ কৰি শাসকীয় দলে বিৰোধী ঐক্যক সমালোচনাৰে থকা-সৰকা কৰিছে ।

এনে প্ৰেক্ষাপটত বিৰোধী ঐক্য যাতে বিঘ্নিত নহয়, তাৰ বাবে কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চৰ বৈঠকৰ আয়োজন কৰিছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জানিবলৈ দিয়া মতে, ২৬ অক্টোবৰৰ বিয়লি বিৰোধী ঐক্য মঞ্চৰ এখন বৈঠক আহ্বান কৰা হৈছে ।

১২ টা দলৰ নেতৃত্বকলৈ এই বৈঠকৰ আয়োজন কৰা হৈছে । বৈঠকৰ কেউটা দলৰ সাংগঠনিক আৰু ৰাজনৈতিক কথা আলোচনা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে, বৈঠকত প্ৰতিটো দলে নিজা নিজা বিষয় উত্থাপন কৰিব । আগন্তুক লোকসভা নিৰ্বাচনক লৈ দলসমূহৰ নিজা চিন্তা-চৰ্চা বৈঠকত উত্থাপন কৰিব ।

তেওঁ লগতে জানিবলৈ দিয়ে যে সকলো দলেই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কোনো কথা নাই । সকলোৱে প্ৰাৰ্থীত্ব বিচৰাৰ কথা নাই । এই বৈঠকৰ পাচত পুনৰ প্ৰয়োজন হ'লে দিল্লীত বৈঠক কৰা হ'ব বুলি তেওঁ কয় । উল্লেখ্য যে, বিৰোধী ঐক্যত থকা প্ৰায় প্ৰতিটো দলেই লোকসভা নিৰ্বাচনৰ বাবে নিজাকৈ কুচ-কাবাজ ইতিমধ্যেই আৰম্ভ কৰিছে ।

আনহাতে, আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছে ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ এখন প্ৰাৰ্থী তালিকা প্রস্তুত কৰাৰ পাচতেই বিৰোধী দলসমূহেও নিজা নিজা প্রার্থী তালিকা প্রস্তুত কৰি উলিয়াইছে । মিত্রতাত থকা চি পি আই (এম) আৰু ৰাইজৰ দলে এটাকৈ সমষ্টিত প্ৰাৰ্থী দিয়াটো প্ৰায় নিশ্চিত কৰিছে ।

সেইদৰে অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে কেইবাখনো আসনত প্রার্থী থিয় কৰোৱাৰ বাবে তালিকা প্রস্তুত কৰিছে । তৃণমূল কংগ্ৰেছে পাঁচখন আসন বিচৰাৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে । চি পি আই (এম) দলে বৰপেটা সমষ্টিত প্রার্থী দিয়াৰ বাবে সাজু হৈছে ।

ৰাইজৰ দলে যোৰহাট লোকসভা সমষ্টিটো বিচাৰিব বুলি জানিব পৰা গৈছে । ইফালে কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত মিত্রদলক বেছি আসন দিয়াৰ পক্ষপাতি নহয় । তাৰ বিপৰীতে বিধানসভা নির্বাচনত বেছিকৈ আসন ভাগ-বটোৱাৰাৰ ওপৰতহে কংগ্ৰেছে গুৰুত্ব দিছে । এনে পৰিস্থিতিত সমষ্টিৰ ভাগ-বাটোৱাৰাক লৈ বিৰোধী ঐক্যত সমস্যাই দেখা দিয়াটো নিশ্চিত ।

আনহাতে, সমষ্টিক লৈ ইতিমধ্যেই কংগ্ৰেছৰ নিজৰ মাজতে যুঁজ-বাগৰ আৰম্ভ হৈছে । বিশেষকৈ নগাঁও সমষ্টিত কংগ্ৰেছৰ তিনিজনকৈ শক্তিশালী নেতাই টিকট বিচাৰিছে । এনে পৰিস্থিতিত নগাঁও সমষ্টিক লৈ অনাগত দিনত কংগ্ৰেছৰ মাজত সংঘাত লগাটো একপ্ৰকাৰ নিশ্চিত । এনে পৰিস্থিতিত ২৬ অক্টোবৰৰ বিৰোধী ঐক্য মঞ্চৰ বৈঠক বিশেষভাৱে লক্ষণীয় হ'ব ।

গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত আসন বুজাবুজি সন্দৰ্ভত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Durga Puja 2023: ভাস্কৰ নগৰত আদি যোগী আৰ্হিৰ পূজা মণ্ডপ উদ্বোধন ৰাজ্যপাল কাটাৰিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.