ৰাজনৈতিক জটিলতাই ডাৰ্জিলিঙৰ চাহৰ পিয়লা গৰমাই তুলিছে
পশ্চিমবংগত আগন্তুক মহত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ‘দাৰ্জিলিং চাহৰ’ সদা গৰম পিয়লাটো মমতা বেনাৰ্জীৰ চৰকাৰখন আৰু বিৰোধী দল বি জে পিৰ বাবে এক ‘ছিজলাৰ’লৈ হিচাপে পৰিগণিত হৈছে ৷ বিগত তিনি বছৰ ধৰি পাৰ্বত্য জিলাখন আৰু টেৰাই অঞ্চলটো তুলনামূলকভাৱে নিষ্ক্ৰিয় হৈ থকাৰ পাচত গোৰ্খা জনমুক্তি মৰ্চাৰ (জি জে এম) প্ৰাক্তন প্ৰমুখ বিমল গুৰুঙৰ আকস্মিকভাৱে হোৱা নাটকীয় পুনৰাগমনে চেঁচা পৰিবলৈ ধৰা চাহৰ পিয়লাটোত সমস্যাৰ বুৰবুৰণি সৃষ্টি কৰিছে ৷
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনঃ মনোনয়ন দাখিলৰ আজি অন্তিম দিন
আগন্তুক তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল ছয় প্ৰাৰ্থীৰ । শনিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ।
বাক্সাত মাৰুতি বাহন আৰু বৰযাত্ৰীৰ বাছৰ মাজত মুখামুখি সংঘৰ্ষ
শনিবাৰে পুৱতি নিশা বাক্সাৰ তামুলপুৰত মাৰুতি বাহন আৰু বৰযাত্ৰীৰ বাছৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত বৰযাত্ৰীৰ দলটোৰ কেইবাজনো লোক আৰু দুই মাৰুতি আৰোহী গুৰুতৰভাৱে আহত হয় যদিও বৰ্তমান তেওঁলোক সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷
ধন আদায় নিদিলে জবকাৰ্ড বনাই নিদিয়ে পঞ্চায়তৰ জিআৰএছে!
বৰপেটাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 57 নং ইছৱপুৰ গাওঁ পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক খলিলুৰ ৰহমানৰ বিৰুদ্ধে লুণ্ঠনৰাজৰ অভিযোগ ৷ পঞ্চায়তৰ অন্তৰ্গত দুখীয়া ৰাইজে 500-1200 টকা আদায় নিদিলে জবকাৰ্ড বনাই নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷
অনলাইনযোগে গুৱাহাটীৰ গ্ৰাহকে পাব হীৰাৰ আ-অলংকাৰ
অসমত পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল অনলাইন গহনা বিপনী ৷ জিঅ'জেমছ জেনুইন প্ৰাইভেট লিমিটেডে পানবজাৰস্থিত জিঅ'ৰত্নত দুটাকৈ নতুন বেণ্ড মুকলি কৰে ।
সমবায় সমিতিৰ পৰা কমিছনৰ দাবী এআইইউডিএফ নেতাৰ
ইছাৰাফিল আলীয়ে সমবায়খনৰ এজেন্টৰ সামগ্ৰীৰ 50 শতাংশ ভাগ বিচৰাৰ লগতে এজেন্ট,সচিব আৰু সভাপতিৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷
আমগুৰিত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃৰ্তি দাহ
চৰকাৰে শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইনখন বাতিল নকৰিলে,আগন্তুক দিনত ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চই ৷
জম্মু কাশ্মীৰত আৰম্ভ জিলা উন্নয়ন পৰিষদৰ ভোটগ্ৰহণ
ইতিহাসত প্ৰথমবাৰলৈ জম্মু কাশ্মীৰত শুকুৰবাৰে অনুষ্ঠিত হয় জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন ৷ উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ ছ’পিয়ান জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে । জম্মু কাশ্মীৰৰ প্ৰশাসনে নিৰ্বাচনৰ প্ৰাকক্ষণৰ পূৰ্বে ছ’পিয়ান জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ছ’পিয়ান আৰু পুলৱামা জিলাক সংবেদনশীল সমষ্টি বুলি চিনাক্ত কৰা হৈছে ।
ন ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু আলোকঝাৰি বনাঞ্চল
ধুবুৰীৰ আলোকঝাৰি বনাঞ্চলে লাভ কৰিলে ন ৰূপ ৷ ন ৰূপেৰে সজ্জিত আলোকঝাৰি বনাঞ্চল এতিয়াৰে পৰা সাহিত্য মনিষী উপবন নামেৰে পৰিচিত হ'ব ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৰিলে উদ্যান খনৰ আনুষ্ঠানিক উদ্বোধন ৷ অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ উদ্দেশ্য আগত ৰাখি CAMPA আঁচনিৰ অধীনত লোৱা হৈছে এই বিশেষ পদক্ষেপ ৷
হিমাচলৰ চম্বা-হোলী মুখ্য পথত ভূমিস্খলনঃ আবদ্ধ বহু যান বাহন
হিমাচল প্ৰদেশৰ চাম্বা জিলাত শুকুৰবাৰে ধাৰাষাৰ বৰষুণ আৰু তুষাৰপাতৰ পাছত ভাৰমোৰ উপ-খণ্ডৰ চম্বা-হোলী মুখ্য পথত ভূমিস্খলন আৰম্ভ হোৱাত পথটোত বহু যান বাহন আবদ্ধ হৈ পৰে । পাহাৰৰ পৰা প্ৰচণ্ড প্ৰচণ্ড শিল আৰু মাটি পথটোত খহি পৰাত যাতায়ত কৰা বহু যাত্ৰী পথটোৰ মাজত আবদ্ধ হৈ পৰে ৷ পথটোত আবদ্ধ হৈ পৰা লোকসকলৰ মাজত এটা বিবাহ যাত্ৰীৰ দলো আছিল ।