ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - 11 AM TOP TEN BULLETIN

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 4, 2021, 10:58 AM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেলেংকাৰীঃ কেইবাজনো বিষয়াক নিলম্বন

বিয়লি ২-৩০ বজাৰ পৰা তদন্ত কৰিব ভুৱা বিলৰ অভিযোগৰ তদন্ত,চহী,হাতৰ আখৰ বিভিন্ন নথি পত্ৰ পৰীক্ষা,বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ আদিকে ধৰি উত্থাপিত অভিযোগৰ তদন্ত কৰি ৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি দলটোৱে উল্লেখ কৰে।

ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ

ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীৰে মিজোৰামৰ বৃহৎ ছাত্ৰ সংগঠন মিজো জিৰলাই পাৱলৰ প্ৰতিবাদ ৷ বুধবাৰে বৃহৎ ছাত্ৰ সংগঠনটোৱে সামৰিক বাহিনীৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

কমল কুমাৰ মেধিৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত গোচৰ

ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে বিৰূপ মন্তব্য দিয়া ৰাইজৰ দলৰ উপ-সভাপতি কমল কুমাৰ মেধিৰ বিৰুদ্ধে বুধবাৰে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে জামুগুৰিহাটৰ ৬ খনকৈ আঞ্চলিকৰ সমন্বয়ৰক্ষী সমাজ আৰু জামুগুৰি আঞ্চলিক ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমাজে ৷

অসমৰ বিদ্যালয়ত পুনৰ মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ

মঙলবাৰে নিশা পুনৰ অসম-মিজোৰাম সীমান্তত অচিনাক্ত মিজো দুৰ্বৃত্তই বোমা বিস্ফোৰণ ঘটাই। নিশা প্ৰায় দুটা বজাত পুনৰ মিজো দুৰ্বৃত্তই অসমৰ এখন চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটাই ধ্বংস কৰে। অসম-মিজোৰাম সীমান্তৰ হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কচুৰতল অঞ্চলৰ মুল্লিবালা নিম্ন প্ৰথমিক বিদ্যালয়ত শিক্ষা বিভাগৰ ফালৰ পৰা নিৰ্মাণ হোৱা শৌচালয় আৰু পানীৰ টেংকিত বোমা বিস্ফোৰণ ঘটাই ধ্বংস কৰাৰ পিছতে সমগ্ৰ হাইলাকান্দি জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

উন্নয়ন আৰু অস্তিত্বই হ'ব বিজেপিৰ নিৰ্বাচনী ইছ্যু: হিমন্ত বিশ্ব শৰ্মা

বিশাল চাইকেল ৰেলীৰ পাচত নগাঁৱত কেবাটাও আঁচনিৰ উদ্বোধন কৰি নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ উদ্বোধনী অনুষ্ঠানৰ শেষত বাঙালী সন্মিলনীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় আগন্তুক বিধানসভা নিৰ্বাচনত উন্নয়ন আৰু অস্তিত্বই হ'ব বিজেপিৰ নিৰ্বাচনী ইছ্যু।

পুনৰ আটক অবৈধ গৰুৰ চোৰাং ব্যৱসায়ী

বুধবাৰে কলিয়াবৰত আটক তিনি অবৈধ গৰুৰ চোৰাং ব্যৱসায়ী ৷ এই অভিযানৰ ভিত্তিত অবৈধ গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ এই ঘটনাৰ সৈতে জড়িত তিনি আটকাধীন ব্যক্তি ক্ৰমে ভৱেন গোহাঁই (ডিব্ৰুগড়),হাবিবুল্লা আহমেদ (ডিব্ৰুগড়) আৰু ইছমাইল আলি (ধেমাজি) ৷

বিশ্বনাথ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান দুই সংগঠনৰ

নিখিল ভাৰত ছাত্ৰ সন্থা আৰু বিপ্লৱী যুৱ সন্থাই বিশ্বনাথ জিলাৰ বেদেতী,বৰগাং,নাচবৰ,বিশ্বনাথ চাৰিআলি আদি অঞ্চলৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ দাবীত বুধবাৰে বিহালী খণ্ড উন্নয়ন বিষয়া ভূপেন বৰুৱাৰ জৰিয়তে বিশ্বনাথ জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ দাখিল কৰে ৷

লালকিল্লাৰ হিংসাত্মক কাণ্ডত জড়িত এজনক গ্ৰেপ্তাৰ

গণৰাজ্য দিৱসৰ দিনা বিশাল ট্ৰেক্টৰ ৰেলীৰে কৃষি আইনৰ বিৰোধিতা কৰি দেশৰ কৃষক সকলে দিল্লীত সংঘটিত কৰা হিংসাত্মক কাণ্ডৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা লোক জনৰ নাম ধৰ্মেন্দ্ৰ সিং ৷

বিগ বছ-১০ ৰ প্ৰতিযোগী স্বামী ওমৰ মৃত্য়ু

গাজিয়াবাদত থকা তেওঁৰ বাসগৃহত বুধবাৰে পুৱা শেষ নিশ্বাস ত্য়াগ কৰে স্বামী ওমে । মৃত্য়ুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ । স্বামী ওমে তিনি মাহ আগতে ক'ভিডত আক্ৰান্ত হৈছিল ।

লুৰীণে অসমত ৰাজনীতিৰ বগা অধ্যায় আৰম্ভ কৰক : মন্ত্ৰী হিমন্ত

বুধবাৰে নগাঁৱত দলীয় কাৰ্যসূচীত ভাগ লৈ লুৰীণজ্যোতি গগৈক প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসমত ৰাজনীতিৰ বগা অধ্যায় আৰম্ভ কৰিবলৈ লুৰীণক আহ্বান জনায় মন্ত্ৰী হিমন্তই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.