নলবাৰীৰ ৮৭তম ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ
নলবাৰী হৰিমন্দিৰত ২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ দ্বিতীয় দিনটোত বিৰ দি বাট নোপোৱা অৱস্থা দেখা গ'ল। দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিণত ৰাস হয় মহোৎসৱস্থলী । কৰণা ভাইৰাছৰ বাবে যদিও এইবেলি তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ,এই মহোৎসৱত দ্বিতীয় দিনাৰ নিশালৈ যথেষ্ট যাত্ৰীৰ ভিৰ পৰা পৰিলক্ষিত হৈছে।
ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধ
ধুবুৰীলৈ তেল আৰু ৰন্ধন গেছৰ যোগান বন্ধৰ সিদ্ধান্ত অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ঢালিগাঁও শাখাৰ। টেংকাৰ চালকক ধুবুৰী আৰক্ষীৰ নিৰ্যাতন,কাৰাগাৰলৈ প্ৰেৰণ টেংকাৰ চালকক ৷ প্ৰায়েই ধুবুৰী আৰক্ষীৰ হাতত তেল কঢ়িওৱা টেংকাৰ চালক আৰু ৰন্ধন গেছ কঢ়িওৱা গাড়ীৰ চালকসকল অত্যাচাৰৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে । সেয়ে অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ঢালিগাঁও শাখাৰ চালক সকলে নিৰ্দোষী চালক জামেলা নায়কক মুকলি কৰি নিদিয়ালৈকে ৩০ নভেম্বৰৰ পৰা টেল টেংকাৰ আৰু ১ ডিচেম্বৰৰ পৰা ৰন্ধন গেছৰ কোনো গাড়ী ধুবুৰী জিলালৈ নাযায় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
জম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ
জম্মু আৰু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ ৷ 321 গৰাকী প্ৰাৰ্থীৰ বাবে 43 সমষ্টিত 2100 ৰো অধিক কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ ৷ ডিডিচি নিৰ্বাচনৰ সমান্তৰালকৈ অনুষ্ঠিত হৈছে চৰপঞ্চৰ নিৰ্বাচন ৷ কাশ্মীৰৰ প্ৰায় আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰকে স্পৰ্শকাতৰ আখ্যা নিৰ্বাচনী আয়ুক্তৰ ৷
সমাজকল্যাণ বিভাগৰ 300 কোটি টকীয়া কেলেংকাৰীৰ তথ্য বিচাৰি অসম পাব্লিক ৱৰ্কছৰ সংবাদমেল
পিছপৰা জাতিৰ উন্নয়নৰ অজুহাতত 2018-19 আৰু 2018-20 বিত্তীয় বৰ্ষত বিভিন্ন নিবিদাৰ নামত ষড়যন্ত্ৰমূলকভাৱে প্ৰায় তিনিশ কোটি টকা লুন্ঠন কৰাৰ অভিযোগ ৷ এই অভিযোগ প্ৰদান কৰিলে অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে ৷
তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি যাত্ৰা আৰম্ভ কৰাৰ দাবী প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ
ধুবুৰীত প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ সংবাদমেল ৷ তিতাবৰৰ পৰা সমগ্ৰ অসমজুৰি তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি যাত্ৰা আৰম্ভ কৰাৰ দাবী প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ তেখেত সংবাদমেলযোগে কয় যে, প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজৰ গৃহ সমষ্টিৰ লগতে সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও তেখেতৰ শেষ ইচ্ছা পূৰ্ণ হৈ নুঠিল ৷ যাৰ বাবে সমগ্ৰ অসমত তেখেতৰ শ্ৰদ্ধাঞ্জলি যাত্ৰা আৰম্ভ কৰাৰ বাবে কংগ্ৰেছ দলৰ হাই কামাণ্ডক দাবী উত্থাপন কৰে ৷
কলগাছিয়াত যৌতুক বিচাৰি পত্নীৰ ওপৰত অত্যাচাৰ স্বামীৰ
কলগাছিয়াত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ স্বামীগৃহৰ পৰিয়ালৰ লোকে নিৰ্যাতন চলাই অহাৰ অভিযোগ প্ৰদান কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ মনিৰুল হক আৰু তেওঁৰ পৰিয়ালে মিলি দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছে আলিয়া খাতুন নামৰ এগৰাকী মহিলাৰ ওপৰত । প্ৰায় 3 বছৰ পূৰ্বে কলগাছিয়াৰ ডিমাপুৰ গাঁৱৰ ইছমাইল হুছেইনৰ পুত্ৰ মনিৰুল হকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল হাউলিৰ ইটাৰভিটা গাঁৱৰ আলিয়া খাতুন নামৰ মহিলাগৰাকী ৷
যোৰহাটত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
সোমবাৰে যোৰহাটত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হয় অগ্নিকাণ্ডৰ ৷ যোৰহাট পাৰিজাত নগৰৰ ৰাজীৱ মজুমদাৰ নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ৷ ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱালৈ সক্ষম হয় যদিও অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷
আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ
আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিম ৷ এই মন্তব্য লুৰিণজ্যোতি গগৈৰ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত এই মন্তব্য প্ৰাক্তন আছু নেতাগৰাকীৰ ৷ মই আছুৰ পোছাক খুলিছো যদিওঁ মোৰ আদৰ্শ সদায় একে থাকিব । সদায় জাতিৰ বলিষ্ঠ কণ্ঠ হিচাপে জীয়াই থাকিব বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে ৷
বাক্সাত নিৰ্বাচনকেন্দ্ৰিক সংঘাটত আহত দলীয় কৰ্মী
বাক্সাত পুনৰ সংঘটিত হৈছে নিৰ্বাচনকেন্দ্ৰিক আক্ৰমণৰ ঘটনা। ইউপিপিএল দলৰ সমৰ্থকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বিপিএফৰ সমৰ্থক মনোজ কলিতাক ৷ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভালুকদঙাত বিপিএফ দলৰ কেইজনমান সমৰ্থকে নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত ইউপিপিএলৰ সদস্য়সকলে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷
আছুতেই থাকিব ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
আছুতে থকাৰ সিন্ধান্ত গ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ দুলীয়াজান অধিৱেশনত ছাত্ৰ সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছিল ড৹ ভট্টাচাৰ্যই ৷ আছুৰ কৰ্মকৰ্তাসকলৰ অনুৰোধৰ বাবে পুনৰ মুখ্য উপদেষ্টা পদতে থাকিব মুখ্য উপদেষ্টা গৰাকীয়ে ৷