ETV Bharat / state

100th Cabinet Meeting of Assam Govt : শুকুৰবাৰে গুৱাহাটীত অসম চৰকাৰৰ ১০০ সংখ্যক কেবিনেট বৈঠক

শুকুৰবাৰে অনুষ্ঠিত হ’ব ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ১০০ সংখ্যক কেবিনেট বৈঠক ৷ বিগত ৯৯ খন কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে মুঠ ১,২৪৪টা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ইয়াৰ ভিতৰত ১,১২০ টা সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে ৷

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 1:46 PM IST

100th Cabinet Meeting of Assam Govt
অসম চৰকাৰৰ ১০০ সংখ্যক কেবিনেট বৈঠক

নিউজ ডেস্ক, 25 আগষ্ট : গুৱাহাটীৰ খাৰঘূলীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত শুকুৰবাৰে অনুষ্ঠিত হ’ব ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ১০০ সংখ্যক কেবিনেট বৈঠক ৷ অসম চৰকাৰৰ এক চৰকাৰী বিবৃতিৰ জৰিয়তে এই তথ্য জানিব পৰা গৈছে ৷

বিবৃতিটোত লগতে কোৱা হৈছে যে, বিগত ৯৯ খন কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে মুঠ ১,২৪৪টা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ইয়াৰ ভিতৰত ১,১২০ টা সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে ৷

কেবিনেটৰ সিদ্ধান্ত সমূহৰ ৰূপায়ণৰ হাৰ ৯০.০৩ শতাংশ ৷ ৰাজ্য চৰকাৰৰ মতে, কেবিনেটৰ 124 টা সিদ্ধান্ত এতিয়াও এতিয়াও কাৰ্যকৰীকৰণৰ বাবে বাকী আছে ৷

ৰাজ্য চৰকাৰৰ বিবৃতি অনুসৰি যোৱা ৯৯ খন কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে বিত্ত বিভাগৰ ১২০ টা সিদ্ধান্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ১১৯ টা সিদ্ধান্ত, শিক্ষা (বিদ্যালয় আৰু উচ্চতৰ) বিভাগৰ ১০৯ টা সিদ্ধান্ত, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৬৭ টা সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : Manipur CM with BJP president: অমিত শ্বাহক কি বতৰা দিলে এন বীৰেণ সিঙে ? মন্ত্ৰণা কি দিলে শ্বাহে ?

লগতে গৃহ বিভাগৰ ৬৫টা সিদ্ধান্ত, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ ৫৭টা সিদ্ধান্ত, শক্তি বিভাগৰ ৫০টা সিদ্ধান্ত, সাধাৰণ প্ৰশাসন আৰু এছ এ ডি মাৰ্জড বিভাগৰ ৪৯ টা সিদ্ধান্ত, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ ৪০টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

৯৯ খন কেবিনেট বৈঠকৰ ভিতৰত দিল্লীত ৩ খনকে ধৰি গুৱাহাটীৰ বাহিৰত ১২ খন বৈঠক অনুষ্ঠিত হৈছিল, যাৰ ভিতৰত আছে ধেমাজি, বঙাইগাঁও, হাফলং, তেজপুৰ, কোকৰাঝাৰ, শিলচৰ, যোৰহাট, ডিব্ৰুগড় আৰু ওদালগুৰিত এখনকৈ বৈঠক অনুষ্ঠিত হৈছিল বুলি ৰাজ্য চৰকাৰে কয় ৷

লগতে পঢ়ক : PM Modi gifts to foreign leaders : বিদেশী নেতাক সন্তুষ্ট কৰিবলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.