এইমছত চিকিৎসাধীন লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য় পূৰ্বতকৈ কিছু উন্নত হোৱাৰ লগে লগে বৃহস্পতিবাৰে কাৰ্ডিয়াক ইনটেনছিভ কেয়াৰ ইউনিট (চিআইচিইউ)ৰ পৰা এটা ব্যক্তিগত ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে । এইমছৰ হৃদৰোগ বিশেষজ্ঞ ড০ ৰাকেশ যাদৱৰ তত্বাৱধানত চিকিৎসালয়ৰ চিআইচিইউত ৰখা হৈছিল নেতাগৰাকীক ।
বাজেট অধিৱেশন দেশৰ ভৱিষ্যতৰ মূল চাবি-কাঠি: নৰেন্দ্ৰ মোডী
শুকুৰবাৰে বাজেট অধিৱেশনৰ প্ৰাকমুৰ্হূতত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদৰি কৰে যে, বাজেট অধিৱেশন হৈছে দেশৰ ভৱিষ্যতৰ মূল চাবি-কাঠি ৷ লগতে মোডীয়ে কয় যে, দেশৰ স্বাধীনতা সংগ্ৰামী সকলে দেখা সপোন বাস্তবায়িত কৰিবলৈ দেশৰ আগত এক সোণালী সুযোগ আছে ৷ এই দশকটোৰ ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বাজেট অধিৱেশন অতি গুৰুত্বপূৰ্ণ ৷
বিতৰ্কিত কৃষি আইন সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ মন্তব্য
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে বাজেট অধিবেশনৰ আদৰণি ভাষণত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইন সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে ৷ কৃষি আইন তিনিখনে দেশৰ কৃষকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ লগতে কৃষকৰ মাজৰ মধ্যভোগীৰ অৱসান ঘটাব বুলি উল্লেখ কৰে ৷ আনকি,এই আইন তিনিখনে দেশৰ কৃষকৰ উৎপাদন ক্ষমতাও বৃদ্ধি কৰিব বুলি উল্লেখ কৰে ৷
ক'ভিড মহামাৰীৰ সময়ত চৰকাৰ ভূমিকা উল্লেখনীয়: ৰাষ্ট্ৰপতি
বাজেট অধিবেশনৰ ভাষণত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ক'ভিড-19 সন্দৰ্ভত মন্তব্য প্ৰদান কৰে ৷ ক'ভিড মহামাৰীৰ সময়ত চৰকাৰে দেশবাসীৰ মংগলৰ বাবে বহুতো নতুন আঁচনি ঘোষণা কৰিছে যাক লৈ ৰাষ্ট্ৰপতি গৰাকী সুখী বুলিও ব্যক্ত কৰিলে ৷ ইফালে,অতি কম সময়ৰ ভিতৰতে ভাৰতে দুটাকৈ ক'ভিড ভেকচিন মুকলি কৰি দেশৰ লগতে বিশ্ববাসীৰ যি মংগল কামনা কৰিলে সেই সন্দৰ্ভতো মন্তব্য প্ৰদান ৰাষ্ট্ৰপতি গৰাকীৰ ৷
ভাৰতত নতুন কৈ 18,855 গৰাকী ক’ভিড-19 ত আক্ৰান্ত
শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰে যে, ভাৰতত 18,855 গৰাকী নতুন কৈ ক’ৰণাত আক্ৰান্তৰ সৈতে মুঠ আক্ৰান্তৰ সংখ্যা হ’ল গৈ 1,07,20,048 গৰাকী ৷ ইপিনে আৰোগ্য লাভ কৰাৰ সংখ্যা 1,03,94,352 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ক’ৰণা মহামাৰীৰ পৰা উপশম পোৱা দেশখনৰ শতকৰা হাৰ 96.96 লৈ বৃদ্ধি পাইছে ৷
আমগুৰিত 61নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বৃহৎ পৰিমানৰ পুঁজিৰে নিৰ্মাণ কৰা 61নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় লোকৰ লগতে দল সংগঠন সমূহে ৷
শিৱসাগৰৰ নামতিত তেল ডিপো ছীল প্ৰশাসনৰ
বৃহস্পতিবাৰে শিৱসাগৰৰ নামতি চাৰিআলিৰ মৰিনামডাং স্থিত ভাৰত পেট্ৰ'লিয়ামৰ তেল ডিপোত তেল কম দিয়াক কেন্দ্ৰ কৰি শুকুৰবাৰে তেল ডিপোটো ছীল কৰে প্ৰশাসনে ৷
নগাঁৱৰ কঠীয়াতলীত 9 বছৰীয়া শিশুক ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত
বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট সুৰেশ ৰাভাক ৷ নিশা নগাঁৱৰ পৰা নৈশ বাছ যোগে চট্টিশগড়লৈ পলায়নৰ বাবে যো-জা চলোৱা অৱস্থাতে কঠিয়াতলী আৰক্ষী চকীৰ বিষয়া কৈলাশ নেৱাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ম’বাইল ট্ৰেক কৰি গ্ৰেপ্তাৰ কৰে শিশু ধৰ্ষণকাৰীটোক ৷ ইতিমধ্যে কঠিয়াতলী আৰক্ষীয়ে 25/21 U/S 365/376 AB IPC Sec 4 Pocso Act নম্বৰৰ গোচৰ ৰুজু কৰি অভিযুক্ত সুৰেশ ৰাভাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
উদুলি-মুদুলি বঢ়াৰপোৰ জন্মভূমি লেটেকুপুখুৰী
বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল বঢ়াৰপো মাধৱদেৱৰ জন্মভূমি লেটেকুপুখুৰী ৷ বৃহস্পতিবাৰৰ পৰা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা অংকীয়া ভাওনা সমাৰোহৰ দ্বিতীয় দিনটো মুখৰ হৈ পৰিল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা,সংগীতময় ভাগৱতৰ অমিয়া ৰস আৰু গুৰুজনাৰ অনবদ্য অৱদান অংকীয়া ভাওনাৰে ৷
ৰামধেনু যুগৰ গল্পকাৰ ড° মহেন্দ্ৰ বৰপূজাৰীৰ দেহাৱসান
বৃহস্পতিবাৰে নিশা নাহৰকটীয়াৰ খ্যাতনামা গল্পকাৰ,ইতিহাসবিদ,শিশু সাহিত্যিক মহেন্দ্ৰ বৰপূজাৰীৰ মৃত্যু হয় ৷ বাৰ্ধক্যজনিত কাৰণত ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰামধেনু যুগৰ গল্পকাৰ গৰাকীয়ে ৷