৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই তিনিচুকীয়াত উৰিল আলফা (স্বা)ৰ পতাকা
গণৰাজ্য দিৱসৰ দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰিল আলফা স্বাধানৰ পতাকা ৷ তিনিচুকীয়াৰ বাৰেকুৰিৰ ডেংকা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত উৰুৱাই থোৱা অৱস্থাত উদ্ধাৰ আলফা স্বাধীনৰ পতাকাখন ।
তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই
মন্ত্ৰী কেশৱ মহন্তৰ পতাকা উত্তোলনেৰে তেজপুৰৰ নেহেৰু মৈদানত উদযাপন কৰা হ'ল 72 সংখ্যক গণৰাজ্য দিৱস ৷ অসম চৰকাৰৰ উন্নয়নৰ খতিয়ানেৰে ভাষণ প্ৰদান কৰিলে জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী গৰাকীয়ে ৷
কংগ্ৰেছ,AJP আৰু ৰাইজৰ দলৰ ত্ৰাণকর্তা আজমল: হিমন্ত বিশ্ব শৰ্মা
কংগ্ৰেছ,এজেপি,ৰাইজৰ দলৰ ত্ৰাণকর্তা হিচাপে আজমলকে দেখা পাই হিমন্তই। গোটেইকেইটা ৰাজনৈতিক দলেই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আজমলক নেতা মানি ভৰি দিছে ৰাজনীতিৰ পথাৰত। নগাঁৱত এই দৰে মন্তব্য কৰে ৰাজ্য চৰকাৰ প্ৰভাৱ শালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ
সমগ্ৰ অসমবাসীলৈ 72সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা ৷ গণৰাজ্য দিৱসৰ দিনটোত প্ৰথমবাৰৰ বাবে ইটিভি ভাৰত অসমে আপোনালোকৰ বাবে লৈ আহিছে এই বিশেষ অনুষ্ঠান ৷ আজিৰ গণৰাজ্য দিৱসত আমাৰ সৈতে আছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 30 বেটালিয়নৰ বিষয়া-জোৱান আৰু সকলো কৰ্মচাৰী তথা শুভাকাংশী ৷
প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ ৰেলীঃ প্ৰতিবাদ ৰোধৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ
এফালে গণৰাজ্য দিৱস উদযাপন । আনফালে কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ ৰেলী । দিল্লীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰিলে আৰক্ষীয়ে ।
চিৰাঙত উৎখাত তেলচুৰি চক্ৰ,আটক এজন
চিৰাং আৰক্ষীৰ অতৰ্কিত অভিযানত ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁওত টেংকাৰৰ পৰা তেল চুৰি কৰি থাকোতে এজন লোকক আটক কৰাৰ লগতে টেংকাৰসহ বহু সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ।
কটকটীয়া নিৰাপত্তাৰ মাজতে গোলাঘাটৰ পুলিবৰ আদৰ্শ বিদ্যাপীঠত উৰিল আলফাৰ পতাকা ৷ আলফাৰ অৰ্ধ উদিত সূৰ্যৰ পতাকাই সন্ত্ৰস্ত কৰি তুলিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকসকলক ৷
কৰিমগঞ্জত উদযাপন কৰিলে 72 সংখ্যক গণৰাজ্য দিৱস
সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল 72 সংখ্যক গণৰাজ্য দিৱস ৷ তাৰ সমান্তৰাল ভাৱে কৰিমগঞ্জ জিলাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ল গণৰাজ্য দিৱস ৷ জিলা উপায়ুক্ত আম্বামুথান এম.পি.য়ে পতাকা উত্তোলন কৰাৰ লগতে অসমৰ শ্বহীদ সকলক স্মৰণ কৰে
যোৰহাটত নিযুক্তি প্ৰদানৰ দাবীৰে প্ৰতিবন্ধী সকলৰ প্ৰতিবাদ৷
সোমবাৰৰ পৰা বিভিন্ন দাবীৰে 17 ঘন্টীয়া অনশন কাৰ্যসূচীৰে উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷
গণৰাজ্য দিৱসৰ দিনাই ধলপুৰত উৰিল আলফাৰ পতাকা
ধলপুৰৰ পেটুৱা গোসাঁনী থানত সংঘটিত এই ঘটনা ৷ স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ লগে লগে খবৰ দিয়ে আৰক্ষীক ৷ ইপিনে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নমাই নিয়ে নিষিদ্ধ ঘোষিত সংগঠনটোৰ পতাকাখন ৷