বাক্সা জিলাৰ বাৰাপেটাত বন্যহস্তীৰ তাণ্ডৱ : নিহত এজন
নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড
MANO MOTORS Works মাৰুটিৰ চাৰ্ভিছ চেণ্টাৰ দ্বিতীয় মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড । শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ।
জ’ বাইডেন আৰু কমলা হেৰিছক অভিনন্দন জনালে নৰেন্দ্ৰ মোডীয়ে
বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জ’ বাইডেনক অভিনন্দন জনালে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ একেদৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ভাৰতীয় মূলৰ কমলা হেৰিছকো আন্তৰিক অভিনন্দন জনাই মোডীয়ে ৷
মুকালমুৱাত বিবাহ যাত্রীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: নিহত এজন
বুধবাৰে নলবাৰীৰ মুকালমুৱাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বিবাহ যাত্ৰীৰ AS-25BG-4567 নম্বৰৰ ট্ৰেভেলাৰ আৰু AS-01EC-4515 নম্বৰৰ টেম্পোৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ হাজো দৌলাশাল পথৰ শনিৰোডত সংঘটিত হোৱা দুৰ্ঘটনাটোত টেম্পো চালক আলি আকবৰ থিতাতে নিহত হোৱাৰ লগতে টেম্পো খনৰ আৰোহী ফকিৰ চান্দ গুৰুতৰ ভাৱে আহত হয় ৷
ৰূপহীহাটত পথ দুৰ্ঘটনা: পুখুৰীত বাগৰিল কয়লা ভৰ্তি ট্ৰাক
ৰূপহীহাটৰ ঔঅনাৰ এটা ইটাভাটালৈ কয়লা কঢ়িয়াই অনা এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয় ৷ AS 01 GC 8477 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ পৰা পুখুৰীত বাগৰি পৰে ৷
মৰিগাঁও বিহুতলীত আশা কৰ্মীৰ প্ৰতিবাদ
বিগত ১৫ বছৰে ত্যাগ আৰু নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়াই অহা আশা কৰ্মী সকলে বুধবাৰে মৰিগাঁও বিহুতলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আশাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
কংগ্ৰেছত অব্যাহত আছে গৰাখহনীয়াৰ তাণ্ডৱ
কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত খাচী-জয়ন্তীয়া জনগোষ্ঠীৰ লোক সকলে দলে বলে যোগদান কৰে আজি ভাৰতীয় জনতা দলত ৷ কংগ্ৰেছৰ দিনত কোনো ধৰণৰ উন্নয়ন হোৱা নাই কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিত ৷ সেয়ে উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শত অনুপ্ৰাণিত হৈ খাচী-জয়ন্তীয়া জনগোষ্ঠীৰ লোকসকলে পৰিধান কৰে গেৰুৱা বসন ৷
মকড্ৰিলৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস অইল কৰ্তৃপক্ষৰ
বাটৰ নাটৰ জৰিয়তে জৰাবাৰীত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে অইল কৰ্তৃপক্ষ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷
SI কেলেংকাৰীৰ CBI তদন্তৰ দাবীত ৰাজগড় যৌথ মঞ্চৰ সংবাদ মেল
SI কেলেংকাৰীৰ চিবিআইৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ শূণ্যসহনশীল নীতিৰ প্ৰতি দায়বদ্ধতা প্ৰতিপন্ন কৰাৰ লগতে টিংখাঙৰ বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ অনাৰ দাবী ৰাজগড় যৌথ মঞ্চৰ ৷
পাথাৰকান্দিত মেডিকেল কলেজ স্থাপনৰ দাবীত প্ৰতিবাদ
পাথাৰকান্দি সমষ্টিৰ দোহালিয়াত মডিকেল কলেজ স্থাপন কৰাক লৈ ৰাজপথলৈ ওলাই আহিল জনতা ৷ উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাথাৰকান্দি আৰু ৰাতাবাড়ি সমষ্টিৰ পৰা কৃপানাথ মাল্লাক অধিক ভোটৰ ব্যৱধানত জয়ী কৰাব পাৰিলে সমষ্টিটোত এখন মেডিকেল কলেজ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷