ETV Bharat / state

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - 1 PM TOP TEN NEWS

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 19, 2021, 12:55 PM IST

মানকাচৰত বিহু উদযাপনৰ নামত অশ্লীল নৃত্য,জুৱাৰ পয়োভৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত বিহু উদযাপনৰ নামত পয়োভৰ ঘটিছে এতিয়া অশ্লীল নৃত্য আৰু ৰমৰমীয়া জুৱা খেলৰ ৷ কিন্তু এইক্ষেত্ৰত নিৰ্বিকাৰ দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী প্ৰশাসন ৷

বিজেপিৰ আইটি চেলৰ ৰণকৌশল প্রস্তুতৰ বাবে গুৱাহাটীত অমিত মালব্য

অসমৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয়তাবাদী দলসমূহে হাই প্ৰফাইল নেতাই ৰাজনৈতিক সভা পাতি চমক সৃষ্টি কৰাৰ মাজতে সোমবাৰে বিধানসভা নির্বাচনৰ প্রচাৰত অসমত সামাজিক মাধ্যমক দলীয়ভাৱে পূর্ণ ব্যৱহাৰ কৰাৰ বাবে গুৱাহাটীত উপস্থিত হয় বিজেপিৰ তথ্য আৰু সামাজিক মাধ্যম কোষৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক অমিত মালব্য।

ধুবুৰীত কেইবাখনো অভিলাষী আঁচনিৰ আধাৰশিলাৰ উন্মোচন

AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়ায় মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে,বসন্ত ঋতুত কুলি চৰাইৰ আগমন হোৱাৰ দৰে নিৰ্বাচন আহিলে তেওঁ ভোটাৰৰ কাষ চাপে ৷ ইপিনে বিভিন্ন ছলনাৰে ভোট আদায় কৰি মুম্বাই নতুবা আৰব দেশত গৈ নিজৰ ব্যৱসায় চলায় আজমলে ৷

বিশ্বনাথত গৰাখহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত দত্তৰ

লালপুখুৰী গাঁৱত বিগত বৰ্ষ সমূহত হৈ থকা বুৰৈ নদীৰ খহনীয়া তাণ্ডৱ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে SDRF শিতানৰ পৰা ১.১৫ কোটি টকাৰ আবন্টন দিয়ে । সোমবাৰে উক্ত খহনীয়া প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ কৰে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ।

আৰম্ভ হ'ল ধেমাজি গ্ৰন্থ উৎসৱ 2021

আৰম্ভ হ'ল ২০২১বৰ্ষৰ ধেমাজি গ্ৰন্থ উৎসৱ ৷ সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা ধেমাজি গ্ৰন্থ উৎসৱ ২০২১ত প্ৰায় 40খনতকৈও অধিক বিপণীয়ে অংশ লৈছে ৷

দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃৰ সহায় প্ৰাৰ্থনা

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ছটফটাইছে এটি দেৱশিশুৱে ৷ জনীয়া সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ সাহেব আলী আৰু কহিনুৰ বেগমৰ 4বছৰীয়া পুত্ৰ শ্বাকিল আহমেদ আক্ৰান্ত হৈছে থেলাছেমিয়া নামৰ এক দুৰাৰোগ্য ৰোগত ৷ যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া প্ৰয়োজন হৈছে যথেষ্ট ধনৰাশিৰ ৷ সংবাদ মাধ্যমৰ জৰিয়তে সাহেব আলীয়ে বিচাৰিছে এতিয়া ৰাইজৰ সহায় ৷

বিশ্বনাথত বিজেপিৰ বিশেষ সাংগঠনিক সভা

বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বৰগাংত বিশেষ সাংগঠনিক সভা । সভাত উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ অংশগ্ৰহণ ।

কলিয়াবৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দেহশ্ৰী প্ৰতিযোগিতা

ইণ্ডিয়ান বডী বিল্ডিং ফেডাৰেচনৰ সহযোগত কলিয়াবৰৰ শিলঘাট নাট‍্য‍ মন্দিৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় দেহশ্ৰী প্ৰতিযোগিতা ৷ প্ৰতিযোগিতা খনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷

কৰিমগঞ্জত আটক ত্ৰিপুৰাৰ অপহৰণকাৰী দল

কৰিমগঞ্জৰ বদৰপুৰত মহিলাক অপহৰণ কৰিবলৈ আহি আৰক্ষীৰ হাতত আটক হ'ল ত্ৰিপুৰাৰ চাৰিজনীয়া অপহৰণকাৰী দল ৷ আৰক্ষীৰ দলে অস্ত্ৰধাৰী চাৰিওটা অপহৰণকাৰীৰ পৰা অস্ত্ৰ-শস্ত্ৰ,বোৰ্খা আৰু মোবাইল ফোন জব্দ কৰে ৷

বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা

ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত হোলীগীত আৰু ভোৰতাল নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্যেশ্যৰে বৰপেটাত আৰম্ভ হৈছে হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.