ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Nov 9, 2020, 12:59 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

1 PM TOP TEN NEWS
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

অসম সীমান্তৰ পৰা পিছুৱাই নোযোৱাৰ হুংকাৰ মিজোৰ

বৰাক উপত্যকাৰ তিনিওখন জিলাৰ অসম-মিজোৰাম সীমান্তত একপ্ৰকাৰ যুদ্ধকালীন পৰিবেশে বিজাৰ কৰিছে । সীমান্তত মিজোৰামৰ তৎপৰতা দেখিলে যেন লাগে, এয়া কোনো শত্ৰু ৰাষ্ট্ৰৰ সৈতে যুদ্ধৰহে প্ৰস্তুতি ।

বৰাকত তৃতীয় দিনাও অব্যাহত আছে ৰে'ল পথ অৱৰোধ কাৰ্যসূচী

হাইলাকান্দিত অব্যাহত আছে প্ৰতিবাদ ৷ অসম-মিজোৰাম সীমান্তৰ সমস্যা সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ ৷ শীঘ্ৰে সমস্যা সমাধানৰ দাবী প্ৰতিবাদকাৰী ৰাইজৰ ৷

সীমান্ত সুৰক্ষা নিশ্চিত কৰাত বিজেপি ব্যৰ্থ হৈছে : দেৱব্ৰত শইকীয়া

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ কৰিমগঞ্জ ভ্ৰমণ ৷ অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’বলৈ যায় বিৰোধী দলপতি গৰাকী ৷ কৰিমগঞ্জ চহৰ সংলগ্ন এলাকাত কাঁইটীয়া তাঁৰৰ বেৰসহ সীমান্ত পথৰ কাম সম্পন্ন কৰাত বিজেপি ব্যার্থ হৈছে বুলি মন্তব্য় শইকীয়াৰ।

মহানগৰীত পুনৰ আত্নহনন শিক্ষাৰ্থীৰ, মৃত্যুৰ কাৰণ অজ্ঞাত

নিশা মহানগৰীৰ জালুকবাৰীস্থিত শংকৰদেৱ নগৰ কমপ্লেক্সত সংঘটিত হয় চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা । কমপ্লেক্সটোৰ K2 নম্বৰৰ ৰুমত ছিপ লৈ আত্মহত্যা কৰে এগৰাকী ছাত্ৰই । ছাত্ৰজনৰ নাম আশীষ বৰা বুলি জানিব পৰা গৈছে ।

ডিমৌৰ মাজুমেলিয়াত আধাৰ কাৰ্ডত ব্যাপক দুৰ্নীতিঃ মহিলাক আটক

শিৱসাগৰ জিলাৰ ডিমৌৰ মাজুমেলিয়া গাঁৱত আধাৰ কাৰ্ডক কেন্দ্ৰ কৰি সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি ৷ এখন আধাৰ কাৰ্ডৰ নামত সংগ্ৰহ কৰি আহিছে 500ৰ পৰা 1000 টকা ৷ প্ৰিয়ংকা গগৈৰ নামৰ এগৰাকী মহিলাক আটক ডিমৌ আৰক্ষীৰ ৷

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিসংগতিৰ অভিযোগ

এতিয়া যেন পৰীক্ষা পাতিলেই একপ্ৰকাৰ বিপদ ! এটাৰ পিছত আনটো পৰীক্ষাত বিসংগতি হোৱাটো এতিয়া স্বাভাৱিক বিষয় হৈ পৰিছে ৷ এইবাৰ বিসংগতি সংঘটিত হৈছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৷ এই অভিযোগ পৰীক্ষাৰ্থীসকলৰ ৷

অসম চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডঃ সদ্যোজাত শিশুৰ মৃত্যু

অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰসূতি বিভাগত নিশা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত এটি শিশুৰ মৃত্যু হয় ৷ দেওবাৰে নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰসূতি কক্ষৰ শিশুসকলক ৰখা আইচিইউত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷

শিশুৰ মৃত্যুক লৈ উত্তপ্ত লাহোৱালঃ চিকিৎসকৰ গাফিলতিৰ অভিযোগ

মটক চাহ বাগিচাত ৰাতিপুৱাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এটা দেৱশিশুক জীৱিত অৱস্থাত মৃত ঘোষণা কৰা স্বয়ম্ভু চিকিৎসক, স্বাস্থ্যকৰ্মীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবীত মটক চাহ বাগিচা ঘেৰাও কৰে স্থানীয়ই । ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাজাৰ হাজাৰ চাহ শ্ৰমিক ওলাই আহে । চাহ শ্ৰমিকসকলে লাহোৱাল আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

সোমবাৰে প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত উদ্বোধন কৰিব 614 কোটি টকাৰ প্ৰকল্প

সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত উদ্বোধন কৰিব 614 কোটি টকাৰ প্ৰকল্প ৷ যাৰ ভিতৰত কৃষি, পৰ্যটন আৰু আন্তঃগাঁথনি সম্পৰ্কীয় বহুকেইটা প্ৰকল্প আছে ৷ এই প্ৰকল্পবোৰৰ মুঠ ব্যয় 614 কোটি টকা বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে ৷

ফটকা বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিস্থানৰ অনুজ্ঞা পত্ৰ বাতিল দিল্লী আৰক্ষীৰ

দিল্লী আৰক্ষীয়ে বিভিন্ন ঠাইৰ পৰা প্ৰায় 593 কে.জি অবৈধ ফটকা জব্দ কৰিছে ৷ ইয়াৰ লগত জড়িত থকা 7 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ক'ভিড সংক্ৰমিত ৰোগীৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ৰাজস্থান, ওড়িশাসহ আন বহুকেইখন ৰাজ্যইও ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.