ETV Bharat / state

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - top ten news

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 pm top ten news
1 pm top ten news
author img

By

Published : Jul 4, 2020, 1:41 PM IST

আহাৰ পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

আহাৰ পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে,আজি আমাৰ গুৰুসকলক স্মৰণ কৰা দিন,যিয়েই আমাক জ্ঞান দিছিল ৷ এই ভাৱনাৰে আজি আমি ভগৱান বুদ্ধক শ্ৰদ্ধাঞ্জলি জনাইছো ৷ ভগবান বুদ্ধৰ আঠটা দৰ্শনৰ পথে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰক উন্নতিৰ দিশত আগুৱাই নিছে ৷

ধেমাজি দুৰ্ঘটনাত সন্ধানহীন চালকৰ মৃতদেহ উদ্ধাৰ

শনিবাৰে পুৱা স্থানীয় এজন লোকে পথাৰৰ পৰা আহোতে চালক শৈলেনৰ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰি এনডিআৰএফক অৱগত কৰে ।

বৰাকৰ ক'লা হীৰা কেলেংকাৰীঃ কৰিমগঞ্জত উপস্থিত চিবিআইৰ দল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য সচিব আৰু গৃহ বিভাগৰ বিষয়াসকলক বৰাক উপত্যকাৰ কয়লা কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰাৰ পাছতে বৃহস্পতিবাৰে কৰিমগঞ্জত উপস্থিত হয় CBIৰ দল ৷ বিগত দুদিন ধৰি কয়লা কেলংকাৰী সন্দৰ্ভত অভিযান চলাই দলটোৱে ৷ ইয়াৰ পাছত শুকুৰবাৰে কৰিমগঞ্জ সদৰ আৰক্ষী থানাৰ পৰা কয়লা কেলেংকাৰীৰ সকলো তথ্যসহ কেছ ডায়েৰী চমজি লয় CBI য়ে ৷

পৰীক্ষা অবিহনেই হোজাইত কৰ'ণা পজিটিভ এগৰাকী লোক!

কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈয়ে হোজাইত এগৰাকী লোকৰ দেহত পোৱা গ'ল COVID-19ৰ অৱস্থিতি । 2 নং কাকী ঠাইচুপাৰ পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব সম্ভূৰাম সুত নামৰ লোকগৰাকীয়ে এই পৰ্যন্ত কৰা নাই কৰ'ণা সম্বন্ধীয় কোনো ধৰণৰ পৰীক্ষা ।

তিতাবৰত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ

তিতাবৰৰ গজালকটাৰ এগৰাকী স্থানীয় বাসিন্দাই শুকুৰবাৰে নিশা প্ৰায় 2 বজাত,এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰে । লোকগৰাকীয়ে বন বিভাগৰ কাৰ্যালয়ত সমগ্ৰ বিষয় সন্দৰ্ভে অৱগত কৰিছে যদিও,এই পৰ্যন্ত বন বিভাগৰ লোক উপস্থিত হোৱা নাই ।

ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত ১৮ জুলাইত বিশেষ বৈঠক ট্ৰাষ্টৰ

ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত তথা বিভিন্ন প্ৰকল্প সন্দৰ্ভত আলোচনা কৰাৰ বাবে আগন্তুক ১৮ জুলাইত ৰাম মন্দিৰ ন্যাসৰ এখন বিষেশ বৈঠকৰ আহ্বান কৰা হৈছে বুলি জানিবলৈ দিয়ে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পাট ৰায়ে ।

সুদীৰ্ঘ 6 মাহৰ অন্তত ঘৰলৈ ওভতিল মেঘালয়ৰ দুৰ্ভগীয়া মহিলা

সুদীৰ্ঘ 6 মাহৰ অন্তত ঘৰলৈ ওভতিল মেঘালয়ৰ ৰাখী দেৱ নামৰ দুৰ্ভগীয়া মহিলাগৰাকী ৷ দুই সন্তানৰ মাতৃগৰাকী 6 মাহৰ পৰা কলকাতা আৰু অসমত বন্দী হৈ আছিল ৷

কোভিড-১৯ৰ ফলত কিদৰে দুৰ্বল হৈ পৰিছে ভাৰতৰ পুষ্টিকৰ খাদ্যৰ আঁচনি ?

ভাৰত চৰকাৰৰ সংহত শিশু উন্নয়ন সেৱা (আই চি ডি এছ) হৈছে শিশুৰ বিকাশৰ উদ্দেশ্যে মৌলিক শিক্ষা,স্বাস্থ্য আৰু পুষ্টি প্ৰদান কৰা এক বিশাল আঁচনি । প্ৰতিখন গাঁৱতে থকা অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰা হয় । অংগনৱাড়ী কেন্দ্ৰসমূহ চলায় অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই । ২০১৯ চনৰ জুনলৈকে ভাৰতত মুঠ ১৩.৭৮ লাখ অংগনৱাড়ী কেন্দ্ৰ থকাৰ লগতে ১২.২১ লাখ অংগনৱাড়ী কৰ্মী আৰু ১১.৮২ লাখ সহায়িকা আছে ।

জনীয়া গাঁও পঞ্চায়তৰ সভাপতি ছাবেদ আলীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

জনীয়া গাঁও পঞ্চায়তত ৰাইজৰ কোনো উন্নয়নমূলক কাম হোৱা নাই আৰু সেই সম্পৰ্কে খণ্ড উন্নয়ন বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিলেও খণ্ড উন্নয়ন বিষয়াই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে ৷

পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি : কংগ্ৰেছৰ প্ৰতিবাদী ৰেলী

সমগ্ৰ দেশ তথা অসমত সঘনাই পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ তীব্ৰ বিৰোধিতা ৷ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত উলিওৱা হয় এক চাইকেল ৰেলী ৷ গহপুৰৰ ছয়দুৱাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়লৈ এই চাইকেল ৰেলীৰ আয়োজন কৰা হয় ৷ শতাধিক কংগ্ৰেছ কৰ্মীয়ে এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.