দেশবাসীক দীপাৱলিৰ শুভেচ্ছা ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীৰ
দীপাৱলি উপলক্ষে দেশবাসীক শুভেচ্ছা জনালে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ আৰু প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে । টুইটাৰযোগে সমগ্ৰ দেশবাসীক পোহৰৰ উৎসৱৰ শুভেচ্ছা জনায় দুয়োৱে । প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীক দীপাৱলি পালনৰ পৰামর্শ দিয়ে ৰাষ্ট্রপতি ।
বৈজয়ন্ত পাণ্ডাক অসমত বিজেপিৰ নতুন প্ৰভাৰী নিযুক্তিঃ দিলীপ শইকীয়াক দুখন ৰাজ্যৰ দায়িত্ব
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা মাহ বাকী । এনে সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমসহ 36 খন ৰাজ্যত নিযুক্তি দিছে নতুন প্ৰভাৰী আৰু সহ-প্ৰভাৰী ৷ সেই অনুসৰি অসমৰ বাবে কেন্দ্ৰীয় প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে দলৰ জ্যেষ্ঠ নেতা বৈজয়ন্ত পাণ্ডাক ৷ একেদৰে আন এগৰাকী জ্যেষ্ঠ নেতা পৱন শৰ্মাক অসমৰ সহ-প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷
ডিব্ৰুগড়ত গেছভৰ্তি ট্ৰেংকাৰৰ পৰা নিগৰিত গেছ
ডিব্ৰুগড়ৰ চেঁচা তিনিআলিত দেৱালীৰ প্ৰাকক্ষণত সৃষ্টি হৈছে এক ভয়ংকৰ পৰিস্থিতি ৷ চেঁচা তিনিআলিস্থিত এনআৰএলৰ এটা তেল ডিপোত ৰখাই থোৱা এখন গেছ ভৰ্তি টেংকাৰৰ পৰা নিৰ্গত হৈছে গেছ ৷ অহৰহভাৱে গেছ নিৰ্গত হৈ থকাৰ বাবে অঞ্চলটোত যি কোনো মুহুৰ্ততে ভয়ংকৰ অঘটন ঘটাৰ আশংকা কৰা হৈছে ৷
আঘাতপ্ৰাপ্ত বনৰীয়া হাতীক চিকিৎসা প্ৰদানত ব্যৰ্থ বন বিভাগ
কামৰূপ জিলাৰ বকোৰ ডিৰিমাত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৷ ইতিমধ্যে দীৰ্ঘ দিন ধৰি বনৰীয়া হাতীয়ে ঘৰ দুৱাৰ ভঙাৰ লগতে খাদ্য সামগ্ৰী খাই তহিলং কৰি আহিছে ৷
নগাঁৱত হয়বৰগাঁও আৰক্ষীৰ অভিযানত উচ্ছেদ জুৱাৰ ঘাটি
নগাঁৱত উচ্চেদ বৃহৎ জুৱাৰ ঘাটি ৷ 13 জনক আটক কৰাৰ লগতে নগদ ধন জব্দ ৷ নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ অভিযানত জুৱাৰ ঘাটিতো উচ্ছেদ কৰা হয় ৷
কৰিমগঞ্জত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
কৰিমগঞ্জৰ কুশিয়াৰা নৈৰ পানীত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জানিব পৰা মতে,শনিবাৰে পুৱাৰ ভাগত কৰিমগঞ্জৰ ভাঙ্গা এলাকাৰ কুশিয়াৰা নৈৰ পানীত এগৰাকী যুৱকৰ মৃতদেহ দেখিবলৈ পাই স্থানীয় ৰাইজে বদৰপুৰ আৰক্ষীক খবৰ দিয়ে ৷
মাতা মন্দিৰত পূজা আৰতি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে
শনিবাৰৰ পুৱাই মাতা মন্দিৰত পূজা আৰতি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ৷ দীপাৱলীৰ শুভ ক্ষণত পূৰ্ব পুৰুষৰ আত্মাৰ শান্তিৰ বাবে ধূপ চাকি জ্বলালে মুখ্যমন্ত্ৰীজনে ।
গাড়ী চালকক গুলীয়াই ধন লৈ উধাও দুৰ্বৃত্ত
গোগামুখ থানাৰ পৰা ১০০ মিটাৰ নিলগতে সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । জানিব পৰা মতে গোগামুখৰ আৰআৰ মিলৰ সন্মুখত এজন গাড়ী চালকক গুলীয়াই ধন লৈ উধাও হয় দুজন হেলমেট পৰিহিত বাইক আৰোহী । গুৰুতৰভাৱে আহত লখিমপুৰৰ আৰ চি এজেঞ্চীৰ গাড়ীচালক মিলন হাজং । দুৰ্বৃত্তৰ বিৰুদ্ধে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো তথ্য লাভ কৰিব পৰা নাই ।
কৰিমগঞ্জত আহত অৱস্থাত ৰে'ল পথত উদ্ধাৰ যুৱক
শনিবাৰে কৰিমগঞ্জৰ ৰে'ল লাইনতন এজন অচিনাক্ত যুৱকক আহত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে,শনিবাৰে পুৱা বদৰপুৰ-কৰিমগঞ্জ ৰে'ল লাইনত এজন যুৱক পৰি থকা দেখি স্থানীয় ৰাইজে বদৰপুৰ ৰে'ল আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
অসম সমবায় মৰাপাট কলে লাভ কৰিব বিত্তীয় সাহাৰ্যঃ কেশৱ মহন্ত
অসম সমবায় মৰাপাট কলটো পুনৰ সঞ্চালনৰ বাবে বিত্ত বিভাগৰ পৰা 10 কোট়ি টকা আগবঢ়োৱাৰ পিচতে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷