ETV Bharat / state

ভাৰত-চীন সীমান্তত সেনাৰে দীপাৱলী উদযাপন কিৰেণ ৰিজিজুৰ - DIWALI 2024

ভাৰত-চীন সীমান্তৰ বুমলা পাছত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু । চীনা সেনাৰ সৈতে বাৰ্তালাপ ।

Kiren Rijiju
ভাৰত-চীন সীমান্তত সেনাৰে দীপাৱলী উদযাপন কিৰেণ ৰিজিজুৰ (X@kirenRijiju)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 3:25 PM IST

তেজপুৰ : কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ পূৱ লোকসভাৰ সাংসদ কিৰেণ ৰিজিজুৱে ভাৰত-চীন সীমান্তৰ টাৱাং জিলাৰ বুমলা পাছত ভাৰতীয় সেনা আৰু চীনা সেনাৰ লগত দীপাৱলীৰ সমন্বয়ৰ আদান প্ৰদান কৰে । ৰিজিজুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে অৱগত কৰে ।

বুমলা পাছত কিৰেণ ৰিজিজু

ভাৰত-চীন সীমান্তত সেনাৰে দীপাৱলী উদযাপন কিৰেণ ৰিজিজুৰ (X@kirenRijiju)

ভাৰত-চীন সীমান্তৰ ১৭,০০০ ফুট উচ্চতাত বুমলা পাছৰ সমীপত অতন্দ্ৰ প্ৰহৰী হিচাপে দেশ মাতৃক সুৰক্ষা প্ৰদান কৰা ভাৰতীয় সেনাৰ জোৱানসকলৰ মাজত দীপাৱলীৰ মিঠাই বিতৰণ কৰি সমন্বয়ৰ ভাব বিনিময় কৰাৰ লগতে সেনা জোৱানসকলৰ মনোবল বৃদ্ধি কৰে মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে তেওঁৰ সামাজিক মাধ্যমৰ পোষ্টত লিখিছে,"চীনা সেনাৰ সৈতে কথা পতাৰ পিছত আৰু আন্তঃগাঁথনি পৰিদৰ্শনৰ পিছত প্ৰতিজন ভাৰতীয়ই ভাৰতৰ বৰ্তমানৰ সীমান্ত উন্নয়নৰ বাবে গৌৰৱ অনুভৱ কৰিব । অৰুণাচল প্ৰদেশৰ আমাৰ সেনা জোৱানসকলৰ সৈতে বুমলাত দীপাৱলী উদযাপন ।"

Kiren Rijiju
ভাৰত-চীন সীমান্তত সেনাৰে দীপাৱলী উদযাপন কিৰেণ ৰিজিজুৰ (X@kirenRijiju)

তেজপুৰত প্ৰতিৰক্ষা মন্ত্ৰী

উল্লেখ্য যে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুমলা পাছ পৰিদৰ্শন কৰি সেনাৰ লগত দীপাৱলী উদযাপনৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে তেওঁ এই ভ্ৰমণ কৰিব নোৱাৰিলে । তাৰ পৰিৱৰ্তে তেওঁ তেজপুৰত সেনাৰ সৈতে দীপাৱলী উদযাপন কৰে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেজপুৰৰ পৰা সেনা জোৱানসকলক সম্বোধন কৰি তেওঁৰ ভাষণত এল এ চিৰ কাষৰীয়া কিছুমান অঞ্চলৰ স্থল পৰিস্থিতি পুনৰ ঘূৰাই অনাৰ বাবে ভাৰত আৰু চীনৰ মাজত হোৱা একমতৰ কথা উল্লেখ কৰে ।

তেওঁ কয়,"এল এ চিৰ কিছু অঞ্চলত ভাৰত আৰু চীনে নিজৰ সংঘাত সমাধানৰ বাবে কূটনৈতিক আৰু সামৰিক আলোচনাত মিলিত হৈছিল । আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ পিছত আমি একমতত উপনীত হৈছো । আপোনালোকৰ অনুশাসন আৰু সাহসৰ বাবেই আমি এই সফলতা লাভ কৰিলো । আমি সহমতৰ ভিত্তিত শান্তি পুনৰুদ্ধাৰৰ এই প্ৰক্ৰিয়া অব্যাহত ৰাখিম । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কৈছিল আমি আমাৰ বন্ধু-বান্ধৱীক সলনি কৰিব পাৰো কিন্তু আমাৰ ওচৰ-চুবুৰীয়াক নহয় । আমি আমাৰ ওচৰ-চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক ৰখাত বিশ্বাস কৰো । এয়া ভাৰতৰ স্পষ্ট নীতি । কিন্তু কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হয় আৰু সীমান্তৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলগীয়া হয় । আমাৰ শক্তিৰ স্বাৰ্থ মনত ৰাখি শান্তি পুনৰুদ্ধাৰৰ এই প্ৰক্ৰিয়াত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ।"

কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে বুমলা পাছৰ পোষ্টত থকা শিলৰ স্তূপত(Heap of Stones) নিজৰ নাম ফলক লগায় । প্ৰকৃততে যিকোনো সেনা বাহিনীৰ বিষয়া বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি উক্ত স্থান পৰিদৰ্শন কৰিলে তেওঁলোকৰ নাম সম্বলিত এখন ফলক এনেদৰে লগোৱাৰ এক নিয়ম আছে ।

লগতে পঢ়ক :বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি আৰু মেজৰ বব খাটিঙৰ স্মৃতিত সংগ্ৰহালয় মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.