ETV Bharat / state

স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ

চৰাইদেউৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বাৰেগাঁৱত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত হত্যাকাৰী স্বামীক ৷

Husband detained for allegedly killing his wife in Charaideo
স্বামীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে পত্নীয়ে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 3:13 PM IST

ডিব্ৰুগড় : দীপাৱলীৰ আনন্দ-উলাহৰ মাজতে চৰাইদেউৰ অসম-অৰুণাচল সীমান্তৱৰ্তী সাপেখাতীত ভয়ংকৰ ঘটনা সংঘটিত হয় । স্বামীৰ দাৰ ঘাপত নিহত হয় পত্নী । সাপেখাতীৰ বাৰেগাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ডটো ।

নিহত মহিলাগৰাকী সংগীতা মানকি (৩৪) বুলি জানিব পৰা গৈছে ৷ আজি পুৱা স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু হোৱাত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক শোকৰ ছাঁ পৰাৰ লগতে চাঞ্চল্যৰ সৃষ্টি হৈছে ।

স্বামীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে পত্নীয়ে (ETV Bharat)

জানিব পৰা মতে, আজি (শুকুৰবাৰ) বৰেগাঁৱৰ নিবাসী মণ্টু মানকি আৰু পত্নী সংগীতা মানকিৰ মাজত কোনো কথাত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় । ইয়াৰ পাছতে কোনো কথাৰ অৱতাৰণা নকৰি মণ্টু মানকিয়ে ঘৰৰ ভিতৰতে পত্নী সংগীতা মানকিক দাৰে ডিঙিত উপৰ্যুপৰি আঘাত কৰে । যাৰ ফলত সংগীতা মানকিৰ থিতাতে মৃত্যু হয় ।

স্থানীয় ৰাইজে এই হত্যাকাণ্ডৰ বিষয়ে জানিব পৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে ৷ তাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে । গাঁওৰক্ষী বাহিনীয়ে মণ্টু মানকিক আটক কৰি আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মন্টু মানকিক নিজৰ জিম্মাত লয় ৷

ঘটনা কেনেকৈ পোহৰলৈ আহিল ক'লে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে :

হত্যাকাণ্ড সংঘটিত কৰা পাছতে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দাখন লৈ পুৱা পথত ঘূৰি আছিল অভিযুক্ত হত্যাকাৰী মণ্টু মানকি । মন্টু মানকিৰ আচৰণ দেখি অঞ্চলটোৰ ৰাইজে কিবা এটা যেন হৈছে সেই কথা অনুমান কৰিছিল । সেয়ে তেওঁলোকে গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে ।

ৰাইজৰ খবৰৰ ভিত্তিত অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মন্টু মানকি ঘৰত উপস্থিত হোৱা পাছতেই তেওঁ নিজেই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে । ইয়াৰ পাছতে গাঁওৰক্ষী বাহিনীৰ খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মন্টু মানকিক আটক কৰি হত্যাকাণ্ডত ব্যৱহৃত দাখন জব্দ কৰে ।

লগতে পঢ়ক : বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ কংকাল; প্ৰায় চাৰিমাহ ধৰি দেখা নাছিল চুবুৰীয়াই

লগতে পঢ়ক : সঁচাকৈয়ে হত্যা কৰিছিল নেকি পুত্ৰক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.