যোৰহাট,28 অক্টোবৰ: যোৰহাট নগৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে উদণ্ড যুৱকৰ উদ্ভণ্ডালী ৷ নৱমীৰ নিশা একাংশ যুৱকে গাড়ী ভঙা বিষয় মাৰ নৌ যাওঁতেই আজি যোৰহাট নগৰৰ চোলাধৰা তিনি আলিত সংঘটিত হয় অন্য এক ঘটনা । যোৰহাট টাউনৰ পৰা ঘৰ অভিমুখে পিতৃ আৰু দুই চিকিৎসক পুত্ৰ গৈ থকাৰ সময়ত যান জঁটৰ সৃষ্টি হোৱাত কিছু সময় ৰ'ব লগা হয় । তেনে সময়তে এখন বলেৰ' গাড়ীৰ পৰা কেইজনমান যুৱকে হাতত চোকা অস্ত্ৰ লৈ নামি আহি তেওঁলোকক প্ৰহাৰ কৰে । বৰ্তমান আহত চিকিৎসক পুত্ৰ দুজন যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে । দুই চিকিৎসক পুত্ৰৰ পিতৃয়ে বৰ্তমান যোৰহাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । দিনক দিনে এনে উদণ্ড যুৱকৰ উদ্ভণ্ডালিৰ বিষয়ে আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব।
লগতে পঢ়ক: অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰতিবাদ