টীয়ক, 4 ফেব্ৰুৱাৰী : আজি বিশ্বৰ কৰ্কট দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে যোৰহাট জিলাৰ টীয়কৰ ভিন্ন অঞ্চলত বিশ্ব কৰ্কট দিৱসৰ উপলক্ষে গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচী ৷ বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক চিকিৎসা কোষৰ উদ্যোগত তথা টীয়ক সমষ্টিৰ কলিয়াপানী মণ্ডল বিজেপিৰ সহযোগত টীয়কৰ জগদুৱাৰ চাহ বাগিছাত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।
![world-cancer-day-medical-camp-in-teok](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10499318_kkkk.jpg)
উক্ত শিবিৰত কৰ্কট ৰোগৰ বিশেষজ্ঞ ডা: যদুনাথ বুঢ়াগোহাঁই উপস্থিত থাকে ৷ শিবিৰত আয়োজন কৰা সজাগতা সভাত ডা: যদুনাথ বুঢ়াগোহাঁয়ে কৰ্কট ৰোগৰ লক্ষণ, প্ৰতিৰোধ আৰু সজাগতাৰ সন্দৰ্ভত ভাষণ দিয়ে ৷ উল্লেখ্য যে, ডা: যদুনাথ বুঢ়াগোহাঁয়ে উক্ত শিবিৰত শতাধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে।
![world-cancer-day-medical-camp-in-teok](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10499318_yuo.jpg)