ETV Bharat / state

Auction will be ATC garden: অসম চাহ নিগমৰ বাগিচা নিলামৰ বিৰুদ্ধে শ্ৰমিক কৰ্মচাৰীৰ প্ৰতিবাদ - Government decided to auction off 12 ATC plantations

অসম চাহ নিগমৰ অন্তৰ্ভূক্ত ১৫ খন চাহ বাগিচাৰ ১২ খনকে নিলামত দিবলৈ লোৱা সিদ্ধান্তৰ পিছতে নিগমৰ প্ৰায় ১৬ হেজাৰ শ্ৰমিক কৰ্মচাৰীৰ মাজত লাগিছে হাহাকাৰ (Auction will be ATC garden) । ক্ষোভিত শ্ৰমিক কৰ্মচাৰীসকলে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত সাব্যস্ত কৰে প্ৰতিবাদ (Outcry among employees after government decides to auction ATC garden) ৷

Workers protest against Assam Tea Corporation tea garden auction at Mariani in Jorhat
অসম চাহ নিগমৰ চাহ বাগিচা নিলামৰ বিৰুদ্ধে শ্ৰমিক কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Jul 18, 2022, 7:06 PM IST

মৰিয়নি, 18 জুলাই: অসম চাহ নিগমৰ ১২খন বাগিছা নিলামত দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ (Government decided to auction off 12 ATC plantations)। ১৫খন চাহ বাগিচাৰ ১২ খন বাগিচাক নিলামত দিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ পিছতে চাহ নিগমৰ প্ৰায় ১৬ হেজাৰ শ্ৰমিক কৰ্মচাৰীৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

উল্লেখ যে, ১২ খন চাহ বাগিচাৰ ভিতৰত যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ নাগিনীজান আৰু চৈকতা চাহ বাগিচা দুখনৰ নিলামৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ ৭ কোটি টকাত বিক্ৰি কৰা হ’ব বাগিচা দুখন । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া তৎ নোহোৱা হৈছে চাহ বাগিচা দুখনত কৰ্মৰত বহু শ্ৰমিক কৰ্মচাৰীৰ (Outcry among employees after government decides to auction ATC garden) ৷

অসম চাহ নিগমৰ চাহ বাগিচা নিলামৰ বিৰুদ্ধে শ্ৰমিক কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে পুৱা সদৌ আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰমিক কৰ্মচাৰীসকলে কৰিলে প্ৰতিবাদ (Labour-workers protest in Adivasi Students Union initiative) ৷ লগতে ভৱিষ্যত নিধিৰ ধনকে ধৰি অন্যান্য শিতানৰ অনাদায় প্ৰাপ্য বিচাৰি নাগিনীজান চাহ বাগিছাৰ কল ঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাখনৰ শতাধিক শ্ৰমিক কৰ্মচাৰীয়ে । প্ৰতিবাদস্থলীতে চাহ নিগমৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শিৱ ভদ্ৰাৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদী শ্ৰমিক-কৰ্মচাৰীসকলে ।

অভিযোগ অনুসৰি চাহ নিগমৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে নিগমৰ শ্ৰমিকসকলৰ কৰ্মসংস্কৃতি নাই বুলি মন্তব্য কৰিছিল । ইয়াৰ পাছতে ক্ষুব্ধ শ্ৰমিকসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ । ইফালে বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাগিচাসমূহ নিলামত দি শ্ৰমিকসকলক ভাতে মৰাৰ ব্যৱস্থা কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী শ্ৰমিকসকলে । প্ৰতিবাদী শ্ৰমিকসকলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰা দেখা যায় ।

লগতে পঢ়ক: BJPs Protest Against Congress: কংগ্ৰেছ নেতাৰ মানহানিকৰ মন্তব্যৰ প্ৰতিবাদ বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.