ETV Bharat / state

Drugs seized in Jorhat: নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ৰেলেৰে সৰবৰাহ হয় ড্ৰাগছ; মৰিয়নিত তিনি মহিলাক আটক

author img

By

Published : Feb 20, 2023, 10:45 PM IST

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ তীব্ৰতৰ অভিযান ৷ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ (Drugs seized in Jorhat) ৷ লগতে আটক তিনি মহিলা সৰবৰাহকাৰী ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে তিনি সৰবৰাহকাৰীক ৷

Women arrested with drugs in Jorhat
ড্ৰাগছসহ আটক তিনি মহিলা সৰবৰাহকাৰী
Women arrested with drugs in Jorhat
ড্ৰাগছসহ আটক তিনি মহিলা সৰবৰাহকাৰী

যোৰহাট, 20 ফেব্ৰুৱাৰী: নাগালেণ্ড, ডিমাপুৰৰ পৰা অসমলৈ সৰবৰাহ হয় নিচাজাতীয় দ্ৰব্য ৷ শেহতীয়াকৈ যোৰহাট চিনামৰাত ড্ৰাগছসহ আটক তিনি মহিলা সৰবৰাহকাৰী ৷ তিনি মহিলাই ড্ৰাগছ সৰবৰাহ কৰা বুলি যোৰহাট চিনামৰা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত লাভ কৰিছিল তথ্য ৷ তাৰ পিচতেই যোৰহাট চিনামৰা আৰক্ষী আৰু ১১২নং CRPF ৰ যুটীয়া বাহিনীয়ে চিনামৰাৰ এক অঞ্চলত সোমবাৰে সন্ধিয়া ভাগত এক নাকা তালাচীৰ ব্যৱস্থা কৰে ।

আৰক্ষীৰ তালাচী অভিযানতেই তিনিটাকৈ চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত ড্ৰাগছখিনি জব্দ কৰে (Drugs seized in Jorhat)। ড্ৰাগছৰ লগতে আৰক্ষীয়ে আটক কৰে তিনি মহিলা সৰবৰাহকাৰীকো (Women detained with drugs in Jorhat) ৷ মহিলা সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে নগদ ২০ হাজাৰ টকাও জব্দ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত মহিলা তিনিগৰাকীয়ে নাগালেণ্ড ডিমাপুৰ পৰাৰ ৰে’লৰ জৰিয়তে ড্ৰাগছখিনি লৈ আনি মৰিয়নি ৰে’ল ষ্টেচনত উপস্থিত হৈছিল ।

ইয়াৰ পিচত মৰিয়নিত মহিলা তিনিগৰাকীয়ে যোৰহাট নগৰলৈ যাত্ৰা কৰিবলৈ AS 03AC5810 নম্বৰৰ এখন টেম্পু ভাড়া কৰে । এই টেম্পুখন যোৰহাট দিশলৈ আহি থকা অৱস্থাতে আৰক্ষীয়ে চিনামৰাত ড্ৰাগছৰ সৈতে মহিলা তিনিগৰাকীক আটক কৰে । ইতিমধ্যে যোৰহাট চিনামৰা আৰক্ষী চকীত ধৃত তিনি মহিলাক অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে । তাৎপৰ্যপূৰ্ণ যে নাগালেণ্ডৰ ডিমাপুৰ পৰাই এই সমাজ ধ্বংসকাৰীৰ ড্ৰাগছৰ বেহাখন চলি আছে বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে, ড্ৰাগছ দৰে বৰবিহৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ইতিমধ্যে ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন ৷ কেৱল ইমানেই নহয়, নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তিও ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷ এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতে অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান (Operation against drugs) ৷

অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান (Assam police against drugs) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই নিতৌ ন ন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷

লগতে পঢ়ক: Narcotics seized in Goalpara: গোৱালপাৰাত বুজন সংখ্যক নিচাজাতীয় টেবলেটসহ দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.