ETV Bharat / state

অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাবৰ্তন - অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমটো সমাবৰ্তন

২০১৪ চনৰ পৰা বহু ঘাত-প্ৰতিঘাতৰ মাজৰে পাৰ হৈ আহি সফলতাৰ এখোজ আগুৱাই আহিল উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় ৷ ২৫ ফেব্ৰুৱাৰীত হ'বলগীয়া প্ৰথম সমাবৰ্তনত ইতিমধ্যে উচ্চশিক্ষা লাভ কৰা ৫৮০ গৰাকী ছাত্ৰীয়ে ৰাজ্যপালৰ পৰা স্বীকৃতি লাভ কৰিব ।

অসম মহিলা বিশ্ববিদ্যালয়
অসম মহিলা বিশ্ববিদ্যালয়
author img

By

Published : Feb 19, 2020, 8:46 PM IST

যোৰহাট, 19 ফেব্ৰুৱাৰীঃ ২০১৪ চনৰ পৰা বহু ঘাত প্ৰতিঘাত নেওচি সফলতাৰ দিশত এখোজ আগুৱাই আহিল উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় আগন্তুক ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিশ্ববিদ্যালয়খনৰ প্ৰথম সৰ্মাবতন। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ ৰাজ্যপালে ছাত্ৰী সকলক শিক্ষাৰ উপাধি প্ৰদান কৰিব । এই বিশ্ববিদ্যালয়খনে নাৰী তথা মহিলা সৱলীকৰণৰ লক্ষ্যৰে ২০১৪ চনৰ ৪ ডিচেম্বৰত লাভ কৰিছিল বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)ৰ স্বীকৃতি।

অসম মহিলা বিশ্ববিদ্যালয়

২৫ ফেব্ৰুৱাৰীত হ'বলগীয়া প্ৰথম সমাবৰ্তনত ইতিমধ্যে উচ্চশিক্ষা লাভ কৰা ৫৮০ গৰাকী ছাত্ৰীয়ে ৰাজ্যপালৰ পৰা স্বীকৃতি লাভ কৰিব । উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়খনত পৰম্পৰাগতভাৱে চলি থকা সৰ্মাবতন পোচাকৰ পৰিবৰ্তে ছাত্ৰীসকলে পৰিধান কৰিব অসমীয়া মেখেলা চাদৰ । ইয়াৰোপৰি পোন প্ৰথমবাৰৰ বাবে শিক্ষাৰ্থীসকলক মানপত্ৰ তথা উপাধি অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰদান কৰা হ'ব । বৰ্তমান সময়লৈকে সৰ্বমুঠ ১০৭৩ গৰাকী মহিলাই শিক্ষাগ্ৰহণ কৰা মহিলা বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হবলৈ সক্ষম হৈছে অসম মহিলা বিশ্ববিদ্যালয়

লগতে পঢ়কঃ দলগাঁৱত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি অসাৰঃ জৰাজীৰ্ণ দলঙেৰে যাতায়াত অব্যাহত ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.